--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৱে কেতিয়া কাক হাতবাউলি দি মাতে সেয়া কোনেও ক’ব নোৱাৰে। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেই হঠাতে সাৱটি ল’লে অনাকাংক্ষিত মৃত্যুক। জাপানৰ ৰাজনৈতিক ইতিহাসত প্ৰবল প্ৰতাপী নেতাসকলৰ ভিতৰত অন্যতম আছিল শ্বিনজ’ আবে। উল্লেখ্য যে জাপানত আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি তেওঁ আটাইতকৈ বেছি সময়ৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল। ৮ জুলাই ২০২২, শুকুৰবাৰে পুৱা এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি থকাৰ মাজতে শ্বিনজ’ আবেক দুৰ্বৃত্তই গুলীয়াই আহত কৰাৰ পিছত তেওঁৰ হাস্পতালত মৃত্যু হয়। নিৰাপত্তাৰ মাজত থকাৰ পিছতো দুৰ্বৃত্তই অতি কাষৰ পৰা তেওঁক বুকুত গুলীয়াবলৈ সক্ষম হৈছিল। মঞ্চতে ঢলি পৰিছিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ প্ৰাণৰক্ষা কৰিব পৰা নগ’ল। 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় "মোৰ এজন প্ৰিয় বন্ধু শ্বিনজ’ আবেৰ দুখজনক মৃত্যুত মই হতবাক আৰু দুখিতঃ। তেওঁ এজন মহান বৈশ্বিক ৰাজনীতিবিদ, এজন উৎকৃষ্ট নেতা আৰু এজন উল্লেখযোগ্য প্ৰশাসক আছিল। তেওঁ জাপান আৰু বিশ্বক এখন উন্নত স্থান তৈয়াৰ কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। শ্বিনজ’ আবেৰ সৈতে মোৰ সম্পৰ্ক বহু বছৰ পুৰণি। মই তেওঁক গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালৰ পৰাই চিনি পাইছিলো আৰু মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো আমাৰ বন্ধুত্ব অব্যাহত আছিল। অৰ্থনীতি আৰু গোলকীয় বিষয়ত তেওঁৰ দৃষ্টিভংগীয়ে সদায় মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। শেহতীয়াকৈ জাপান ভ্ৰমণৰ সময়ত, মই ছিনজো আবেক পুনৰ লগ কৰাৰ আৰু কেইবাটাও বিষয় আলোচনা কৰাৰ সুযোগ পাইছিলো। তেওঁ সদায়ৰ দৰে ধেমেলীয়া আৰু বুদ্ধিমান আছিল। মই ভবাই নাছিলো এয়া আমাৰ অন্তিম বৈঠক হ'ব। তেওঁৰ পৰিয়াল আৰু জাপানৰ লোকসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা। ভাৰত-জাপানৰ সম্পৰ্ক মজবুত কৰাত শ্বিনজ’ আবেয়ে বৃহৎ অৱদান আগবঢ়াইছিল। আজি সমগ্ৰ ভাৰত জাপানৰ সৈতে এই দুখৰ সময়ত জড়িত হৈ আছে আৰু এই কঠিন পৰিস্থিতিত আমি আমাৰ জাপানৰ ভাই-ভনীসকলৰ সৈতে থিয় দিছো।’’ 

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক কিয় হত্যা কৰা হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে শ্বিনজ’ আবেলৈ লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰি সেই স্থানতে ৰৈ আছিল আক্ৰমণকাৰী। পলাবলৈও কোনো চেষ্টা কৰা নাছিল আক্ৰমণকাৰীয়ে। গুলীচালনা কৰি নিৰ্লিপ্তভাৱে আক্ৰমণকাৰীজন সেই স্থানতে ৰৈ আছিল। যাৰ বাবে আৰক্ষীয়ে আক্ৰমণকাৰীক অতি সহজে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
শ্বিনজ’ আবেৰ হত্যাকাৰীৰ নাম য়ামাগামী। তেওঁৰ বয়স ৪০ বছৰ। য়ামাগামীক জাপান আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে। উল্লেখ্য যে 

শ্বিনজ’  আবে জাপানৰ প্ৰধানমন্ত্ৰীৰ আসনত নাথাকিলেও বৰ্তমানেও তেওঁৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাছিল। ২০১২ চনৰ পৰা ২০২০ চনলৈ একেৰাহে শ্বিনজ’ আবে জাপানৰ প্ৰধানমন্ত্ৰীৰ আসনত আছিল। ২০০৬ চনত প্ৰথমবাৰৰ বাবে  শ্বিনজ’ আবেয়ে জাপানৰ প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু অসুস্থতাৰ বাবে মাত্ৰ এটা বছৰৰ পিছতে প্ৰধানমন্ত্ৰীৰ আসন ত্যাগ কৰিছিল। ২০২০ চনতো তেওঁ শাৰীৰিক অসুস্থতাৰ বাবেই ত্যাগ কৰিছিল প্ৰধানমন্ত্ৰীৰ পদ। তেওঁ ৫২ বছৰ বয়সতে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল। তেওঁ আটাইতকৈ কম বয়সৰ প্ৰধানমন্ত্ৰী হিচাপেও অভিলেখ গঢ়িছিল। ২০২০ চনত কোলাইটিছ ৰোগৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ। বৰ্তমান সমগ্ৰ বিশ্ববাসী ৰৈ আছে শ্বিনজ’ আবেৰ হত্যাৰ প্ৰকৃত কাৰণ জানিবৰ বাবে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক