--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক ইমান নিৰাপত্তাৰ মাজতো কিদৰে হত্যা কৰিব পাৰিলে হত্যাকাৰীয়ে? এই প্ৰশ্নই এতিয়া জোকাৰি গৈছে সকলোকে। দৰাচলতে নিৰাপত্তা বাহিনীৰ চকুত ধূলি দিবলৈ আবেৰ হত্যাকাৰীয়ে সাংবাদিকৰ বেশত সভা খনলৈ গৈছিল। তেওঁৰ হাতত আছিল কেমেৰা সদৃশ এটা পিষ্টল । 

আক্ৰমণকাৰী  টেটচুয়া য়ামাগামি নামৰ হত্যাকাৰীজনে  সাংবাদিক হিচাপে পৰিচয় দি বাধাহীন ভাবে আবেৰ কাষ চাপিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি হত্যাকাৰী  য়ামাগামিয়ে ব্যৱহাৰ কৰা পিষ্টলটো হস্তনিৰ্মিত আছিল আৰু সেইটো হত্যাকাৰী জনে নিজেই সাজি লৈছিল।

আক্ৰমণকাৰী টেটচুয়া য়ামাগামীয়ে আবেক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা  হস্তনিৰ্মিত পিষ্টলটো দেখাত কেমেৰাৰ দৰে লাগিছিল। আৰক্ষীয়ে লগতে কৈছে  যে আক্ৰমণকাৰীজনে আগতেও তেওঁৰ ঘৰত কেইবাটাও এনেধৰণৰ  পিষ্টল তৈয়াৰ কৰিছিল।

গুলীচালনাৰ পিছত বিভিন্ন কেমেৰাত বন্দী হোৱা ফটো বোৰ চাই ক’ব পাৰি যে হত্যাকাৰী জনে আবেক গুলীওৱাৰ পিছতো পলাবলৈ মুঠেও চেষ্টা কৰা নাছিল।

তেওঁ বন্দুকত এটা ক'লা পলিথিন মেৰিয়াই লৈ আহিছিল। ভিডিঅ'ত  স্পষ্টকৈ দেখা গৈছে যে আক্ৰমণকাৰীজনে আবেৰ পৰা  ১০-১৫   ফুট দূৰত্বত অৱস্থান কৰি  পৰা গুলীচালনা কৰিছিল।

আক্ৰমণকাৰীজনে নিজকে এজন সাংবাদিক হিচাপে দেখুৱাই ছিল আৰু ফটো তোলাৰ অজুহাতত আবেলৈ ওচৰলৈ আহিছিল, তাৰ পিছতে হঠাতে তেওঁ গুলীচালনা কৰিছিল। আবেৰ দেহত  দুটা গুলীয়ে আঘাত কৰিছিল। দুয়োটা গুলী পিছফালৰ পৰা  কৰা হৈছিল। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৪১ বছৰীয়া আক্ৰমণকাৰী টেটচুয়া য়ামাগামক গ্ৰেপ্তাৰ কৰিছে আৰু জেৰা অব্যাহত ৰাখিছে। 

জেৰাৰ সময়ত আক্ৰমণকাৰীজনে কৈছে  যে তেওঁ শ্বিনজ’ আবেৰ নীতিত সুখী নাছিল আৰু তেওঁক হত্যা কৰিব বিচাৰিছিল। জাপানৰ নাৰা চহৰত শুক্ৰবাৰে পুৱা শ্বিনজ’ আবেৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল। সংবাদ মাধ্যমৰ বাতৰিত  কোৱা হৈছে যে হত্যাকাৰী য়ামাগামি সামুদ্ৰিক আত্ম-প্ৰতিৰক্ষা বাহিনীৰ সদস্য আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম