--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ন্যায় ব্যৱস্থাক লৈ বিভিন্ন সময়ত প্ৰশ্নবোধকৰ সৃষ্টি হৈ আহিছে। ন্যায় প্ৰদান প্ৰক্ৰিয়াৰ লেহেমীয়া গতিৰ সাতামপুৰুষীয়া অভিযোগৰ লগতে বহু সময়ত ন্যায় ব্যৱস্থাৰ পক্ষপাতিত্বৰ অভিযোগো উত্থাপন হৈ আহিছে। ক্ষমতাশালী তথা বিত্তবানৰ বাবে ন্যায়ৰ সমীকৰণ আৰু সাধাৰণ লোকৰ বাবে ন্যায়ৰ সমীকৰণ একে নহয় বুলিও বিভিন্ন সময়ত অভিযোগ উঠে। এইবাৰ স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীয়ে আঙুলিয়াই দিছে ন্যায় ব্যৱস্থাত সংস্কাৰ অনাৰ প্ৰয়োজনীয়তাৰ কথা।

কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেন ৰিজিজুৱে আজি এই সম্পৰ্কে মন্তব্য কৰি কয় যে, দেশৰ ন্যায় ব্যৱস্থাই সাধাৰণ মানুহক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে। শনিবাৰে বাৰ কাউন্সিল অব ইণ্ডিয়াই আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰিজিজুৱে। দেশৰ মুখ্য ন্যায়াধীশ এনভি ৰমনাক অভিনন্দন জনোৱাৰ বাবে আয়োজিত এই অনুষ্ঠানত ভাষণ দি ৰিজিজুৱে কয়, ন্যায় প্ৰদানত বিলম্বৰ অৰ্থ হৈছে ন্যায় বঞ্চিত কৰা। অনুষ্ঠাত তেওঁ দেশৰ মুখ্য ন্যায়াধীশগৰাকীক উচ্চ প্ৰশংসা কৰে। তেওঁ কয়, দেশৰ ন্যায় ব্যৱস্থাত ৰমনাই নতুন প্ৰভাত আনিব।

বিগত জুলাই মাহত দেশৰ আইনমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা ৰিজিজুৱে কয়, ‘সৰ্বসাধৰণে আদালতত গোচৰ দীঘলীয়া সময়লৈ আবদ্ধ হৈ থকাৰ দৰে সমস্যাৰ কথা প্ৰকাশ কৰি আহিছে। নিম্ন আদালতসমূহে এনে বিষয় তৎপৰতাৰে বিচাৰ কৰা উচিত। এক নিকা পৃষ্ঠভূমি বা গ্ৰামীণ এলেকাৰ পৰা আহি এজন লোকে যেতিয়া ন্যায়ৰ প্ৰাৰ্থনা কৰে তেতিয়া তেওঁ নিজৰ সৰ্বস্ব ইয়াৰ নামত দি দিয়ে। বহু সময়ত তেওঁ আনকি নিজৰ মাটি সম্পত্তিও গোচৰ চলোৱাৰ বাবে বিক্ৰী কৰিবলগীয়া হয়। তাৰ পাছতো যদিহে ন্যায়ত বিলম্ব হয়, তেতিয়া আমাৰ সকলোৰে ওপৰত এটা বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হয়।’ সাধাৰণ মানুহক অগ্ৰাধিকৰ দিয়াৰ প্ৰয়োজন আছে বুলি তেওঁ স্পষ্টভাৱে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু