--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ন্যায় ব্যৱস্থাক লৈ বিভিন্ন সময়ত প্ৰশ্নবোধকৰ সৃষ্টি হৈ আহিছে। ন্যায় প্ৰদান প্ৰক্ৰিয়াৰ লেহেমীয়া গতিৰ সাতামপুৰুষীয়া অভিযোগৰ লগতে বহু সময়ত ন্যায় ব্যৱস্থাৰ পক্ষপাতিত্বৰ অভিযোগো উত্থাপন হৈ আহিছে। ক্ষমতাশালী তথা বিত্তবানৰ বাবে ন্যায়ৰ সমীকৰণ আৰু সাধাৰণ লোকৰ বাবে ন্যায়ৰ সমীকৰণ একে নহয় বুলিও বিভিন্ন সময়ত অভিযোগ উঠে। এইবাৰ স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীয়ে আঙুলিয়াই দিছে ন্যায় ব্যৱস্থাত সংস্কাৰ অনাৰ প্ৰয়োজনীয়তাৰ কথা।

কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেন ৰিজিজুৱে আজি এই সম্পৰ্কে মন্তব্য কৰি কয় যে, দেশৰ ন্যায় ব্যৱস্থাই সাধাৰণ মানুহক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে। শনিবাৰে বাৰ কাউন্সিল অব ইণ্ডিয়াই আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰিজিজুৱে। দেশৰ মুখ্য ন্যায়াধীশ এনভি ৰমনাক অভিনন্দন জনোৱাৰ বাবে আয়োজিত এই অনুষ্ঠানত ভাষণ দি ৰিজিজুৱে কয়, ন্যায় প্ৰদানত বিলম্বৰ অৰ্থ হৈছে ন্যায় বঞ্চিত কৰা। অনুষ্ঠাত তেওঁ দেশৰ মুখ্য ন্যায়াধীশগৰাকীক উচ্চ প্ৰশংসা কৰে। তেওঁ কয়, দেশৰ ন্যায় ব্যৱস্থাত ৰমনাই নতুন প্ৰভাত আনিব।

বিগত জুলাই মাহত দেশৰ আইনমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা ৰিজিজুৱে কয়, ‘সৰ্বসাধৰণে আদালতত গোচৰ দীঘলীয়া সময়লৈ আবদ্ধ হৈ থকাৰ দৰে সমস্যাৰ কথা প্ৰকাশ কৰি আহিছে। নিম্ন আদালতসমূহে এনে বিষয় তৎপৰতাৰে বিচাৰ কৰা উচিত। এক নিকা পৃষ্ঠভূমি বা গ্ৰামীণ এলেকাৰ পৰা আহি এজন লোকে যেতিয়া ন্যায়ৰ প্ৰাৰ্থনা কৰে তেতিয়া তেওঁ নিজৰ সৰ্বস্ব ইয়াৰ নামত দি দিয়ে। বহু সময়ত তেওঁ আনকি নিজৰ মাটি সম্পত্তিও গোচৰ চলোৱাৰ বাবে বিক্ৰী কৰিবলগীয়া হয়। তাৰ পাছতো যদিহে ন্যায়ত বিলম্ব হয়, তেতিয়া আমাৰ সকলোৰে ওপৰত এটা বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হয়।’ সাধাৰণ মানুহক অগ্ৰাধিকৰ দিয়াৰ প্ৰয়োজন আছে বুলি তেওঁ স্পষ্টভাৱে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক