--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘আইনক প্ৰায়েই ধনিক শ্ৰেণীৰ বৃত্তি বুলি জ্ঞান কৰি অহা হৈছে। কিন্তু ধীৰে ধীৰে এই পৰিৱেশ সলনি হৈছে। সুযোগ সকলোৰে বাবে মুকলি হৈছে।’ এই বক্তব্য দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ। আজি ভাৰতীয় বাৰ কাউঞ্চিলৰ দ্বাৰা আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ ৰমনাই লগতে কয় যে সমগ্ৰ দেশতে ন্যায়াধীশসকলৰ বৃহৎসংখ্যক পদ খালী আছে।

উচ্চতম ন্যায়ালয়তো মাত্ৰ ১১ শতাংশ মহিলাহে ন্যায়াধীশ হিচাপে আছে। তেওঁ মহিলা ন্যায়াধীশসকলে কৰ্মস্থলীত সন্মুখীন হোৱা সমস্যাৰ ওপৰতো আলোকপাত কৰে। নিজৰ উচ্চ ন্যায়ালয়ত কৰ্মৰত দিনৰ অভিজ্ঞতা ৰোমন্থন কৰি তেওঁ কয়, ‘ন্যায়ালয়ত মহিলাসকলে শৌচাগাৰৰ সুবিধা নাপায়।

মহিলা অধিবক্তাসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত কথাবোৰ সলনি কৰাৰ চেষ্টা মই কৰিছিলো।’ মুখ্য ন্যায়াধীশগৰাকীয়ে দেশৰ আদালতসমূহত পৰিলক্ষিত হোৱা আন্ত:গাঁথনিৰ অভাৱৰ কথাও দোহাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক