--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিহাৰত বিৰোধী দলৰ নেতা তেজস্বী যাদৱে ৰাজ্যৰ ৰাজনীতিত তেওঁৰ প্ৰভাৱ আৰু প্ৰতিপত্তি পুনৰবাৰ প্ৰমাণ কৰি দিবলৈ সক্ষম হ’ল। তেজস্বীয়ে আয়োজন কৰা ইফটাৰ পাৰ্টীত শাসক, বিৰোধীৰ বিৰল সংযোগৰ নিদৰ্শন দেখিবলৈ পোৱা গ’ল। ‘বোচহা’ সমষ্টিৰ উপ নিৰ্বাচনত তেজস্বী যাদৱ নেতৃত্বৰ আৰজেডিয়ে বিজয় সাব্যস্ত কৰাৰ এদিনৰ পাছতে তেজস্বীয়ে আয়োজন কৰিছিল এই ইফটাৰ পাৰ্টী। আৰজেডিৰ শক্তি প্ৰদৰ্শনৰো নিদৰ্শস্বৰূপ হৈ পৰা এই ইফটাৰ পাৰ্টীৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পৰা আৰম্ভ বিজেপি নেতা, লোক জনশক্তি পাৰ্টীৰ চিৰাগ পাছোৱানলৈকে সকলোকে দেখা গ’ল একত্ৰে। 

তেজস্বীৰ পাৰ্টীৰ যোগদানৰ বাবে সহাস্যে অহা দেখা গ’ল মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। তাৰ লগতে বিজেপি নেতা অৱধেশ নাৰায়ণ সিং, ছৈয়দ শ্বাহনাবাজ হুছেইন, লোক জনশক্তিৰ নেতা তথা প্ৰয়াত ৰাজনীতিক ৰামবিলাস পাছোৱানৰ পুত্ৰ ছিৰাগ পাছোৱান, তেজস্বীৰ ভাতৃ তেজ প্ৰতাপ যাদৱ, ভগ্নী মিছা ভাৰতী আৰু মাতৃ ৰাবৰী দেৱীকো দেখা গ’ল তেজস্বীৰ এই আড়ম্বৰপূৰ্ণ আয়োজনত।

প্ৰায় পাঁচ বছৰৰ বিৰতিৰ পাছত নীতিশ কুমাৰে তেজস্বীৰ বাসভৱনত আয়োজিত ইফটাৰ পাৰ্টীত যোগদান কৰিছে। ২০১৭ চনত নীতিশ কুমাৰ নেতৃত্বৰ জনতা দল ইউনাইটেডে বিহাৰৰ মহাজোঁট ভংগ কৰাৰ পাছৰে পৰা নেতা দুগৰাকীৰ মাজত দূৰত্ব দেখা পোৱা গৈছিল। মুখামুখি সংঘাততো লিপ্ত হৈছিল বিহাৰৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দল দুটা। 

শুকুৰবাৰে নিজৰ ঘৰৰ পৰা ৫০ মিটাৰ আঁতৰতে থকা ৰাবৰী দেবীৰ ঘৰলৈ খোজকাঢ়িয়েই যায় নীতিশ কুমাৰ। তাৰকাখচিত আয়োজনটোত চিৰাগ পাছোৱানে নীতিশ কুমাৰৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লোৱা দেখা যায়। ২০২০ চনৰ অক্টোবৰ মাহত পিতৃৰ মৃত্যু হোৱা পাছত প্ৰথমবাৰৰ বাবে ছিৰাগ পাছোৱান নীতিশ কুমাৰৰে মুখামুখি হয়।

উল্লেখ্য যে, পশু খাদ্য কেলেংকাৰীৰ গোচৰত লালু প্ৰসাদ যাদৱে জামিন পোৱাৰ পাছত তেজস্বীৰ ইফটাৰ পাৰ্টীলৈ বিশেষ উদ্দীপনা অহা পৰিলক্ষিত হয়। অৱশ্যে, শাসক-বিৰোধীৰ এই সংযোগক লৈ কোনো নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টিৰ সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিয়ে বিজেপি নেতা ছৈয়দ শ্বাহনাবাজ হুছেইনে।  তেওঁ কয়, ‘মই আৰু সুশীল মোদীয়ে আয়োজন কৰা ইফটাক পাৰ্টীলৈও নীতিশ কুমাৰ আহিছিল। এইবাৰল তেজস্বীয়ে আয়োজন কৰা ইফটাৰ পাৰ্টীতো তেওঁ যোগ দিছে। তাক লৈ কোনো ৰাজনৈতিক ইছ্যু কৰা উচিত নহয়।’

পাৰ্টীৰ পৰা নীতিশ কুমাৰৰ প্ৰস্থানৰ পাছতে চিৰাগ পাছোৱানৰ সৈতে সৰস কথা-বতৰা আৰম্ভ কৰা দেখা যায় তেজস্বী, ৰাবৰীক। যুৱ নেতাজনৰ বিয়াক লৈ ৰসিকতা কৰে দুয়োগৰাকীয়ে। 
ইফালে, ইয়াৰ আঁৰত কোনো ৰাজনৈতিক সমীকৰণ নাই বুলি দাবী কৰিলেও বিহাৰত নতুন মুখ্যমন্ত্ৰীক আসনত বহুৱাই নীতিশ কুমাৰক দিল্লীলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি বিজেপিয়ে চলোৱা বুলি চলি থকা চৰ্চাৰ মাজতে এনেদৰে পুৰণি সহযোগী নেতাৰ ঘৰত নীতিশ কুমাৰৰ ইফটাৰ পাৰ্টী তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। বিজেপিতকৈ কম আসন লাভ কৰা জেডিইউ মিত্ৰজোঁট চৰকাৰৰ কনিষ্ঠ সদস্যত পৰিণত হৈছে। এনে পৰিপ্ৰেক্ষিতত বিহাৰতে বাহাল থকাৰ বাবে নীতিশ কুমাৰৰ মূৰত নতুন চিন্তাই বাহ লোৱাটো অস্বাভাৱিক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ