--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অসম আৰু অসমীয়াৰ অধিকাৰ ৰক্ষাৰ বাবে চলা ছবছৰীয়া অসম আন্দোলনৰ ফচল আছিল এখন বিশেষ চুক্তি। কেন্দ্ৰীয় চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ মাজত স্বাক্ষৰিত এই চুক্তিখনকেই আমি অসম চুক্তি বুলি চিহ্নিত কৰি আহিছোঁ। শত শত শ্বহীদৰ ত্যাগ আৰু বলিদান অসমৰ সৰ্বস্তৰৰ ৰাইজৰ সংগ্ৰামৰ মাজেৰে স্বাক্ষৰিত হোৱা এই চুক্তিৰ সৈতে স্বাভাৱিকতে অসমীয়াৰ আৱেগ জড়িত হৈ আছে। অসমৰ স্বাৰ্থ ৰক্ষাৰ দিশত এই চুক্তি এক ৰক্ষা কৱচৰ দৰে হৈ থাকিব বুলিও বিশ্বাস কৰা হৈ আহিছে। কিন্তু চৰম দুৰ্ভাগ্যৰ কথা এয়ে যে, অসম চু্ক্তি স্বাক্ষৰ কৰাৰ প্ৰায় তিনি দশকৰ পাছতো এই চুক্তি ৰূপায়ন কৰা নহ’ল। কেন্দ্ৰ আৰু ৰাজ্যত ইখনৰ পাছত সিখন চৰকাৰ আহিল যদিও অসম চুক্তি ৰূপায়নৰ দৰে এক অতীৱ প্ৰয়োজনীয় বিষয়ক অৱজ্ঞা কৰি চলা হ”ল আজিকোপতি। 

অসম চৰকাৰে অসম চু্ক্তি ৰূপায়ন বিভাগ নাম দি এটা বিভাগ প্ৰতিষ্ঠাৰ পাছতো পৰিস্থিতি সলনি হোৱাৰ কোনো সম্ভাৱনা দেখা নগল। অসম চুক্তি ৰূপয়নৰ বাবে কমিটী গঠন হল, কমিটীয়ে চুক্তি ৰূপায়নৰ বাবে প্ৰয়োজনীয় খচৰা প্ৰস্তুত কৰি প্ৰতিবেদনো দাখিল কৰিলে যদিও আজিকোপতি এই চুক্তি ৰূপায়নৰ বাস্তৱায়িত পদক্ষেপ দেখিবলৈ পোৱা নগল। তিনি দশকজোৰা প্ৰতাৰণাৰ পাছতো অসমৰ খিলঞ্জীয়া জনগণে আশা পালি আছে যে চুক্তিৰ ৰূপায়নৰ জৰিয়তে অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা হব তথা অসমীয়া মানুহক ৰাজনৈতিক, সাংস্কৃতিকভাৱে সুৰক্ষিত কৰি তোলা হব। কিন্তু সেই আশা এতিয়াও সুদূৰ পৰাহত হৈ আছে।

 এইকথা আমি পাহৰা নাই যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল। চুক্তি স্বাক্ষৰকাৰী আছুৰ মজিয়াৰ পৰা গৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতো ই এক নিষ্ফল অনুশীলন হৈয়েই থাকিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাতো এইক্ষেত্ৰত বিশেষ অগ্ৰগতি দেখিবলৈ পোৱা হোৱা নাই। অসম চু্ক্তিৰ ছয় নং দফা ৰূপায়নৰ হব বুলি অসমীয়াই কৰি অহা অন্তহীন আশা তথা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে কৰি অহা নিকৃষ্ট ৰাজনীতিৰ দোলনাত দুলি থকাৰ বাহিৰে এতিয়া যেন আন একো গত্যন্তৰ নোহোৱা হৈছে খিলঞ্জীয়া অসমীয়াৰ। কিন্তু এই প্ৰসংগই হঠাতে এক নতুন মাত্ৰা লাভ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কৰা কিছুমান মন্তব্যই অসম চু্ক্তিৰ ছয় নং দফা ৰূপায়নৰ বিষয়টোক অধিক অনিশ্চয়তাৰ মাজলৈ থেলি দিয়া পৰিলক্ষিত হৈছে।

 অখিল গগৈয়েনো কত কি কৈছে সেয়া জনাৰ আগতে এবাৰ অসম চুক্তিৰ ছয় নং দফাতনো কি আছে সেয়া জুকিয়াই চাব বিচাৰিছোঁ। অসম চুক্তিৰ ছয় নং দফাত আছে, অসমীয়াক সাংবিধানিক, আইনী আৰু প্ৰশাসনিক সুৰক্ষা কৱচ দিয়াৰ কথা। যাতে অসমৰ সংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু অসমীয়া মানুহৰ ঐতিহ্যক ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু প্ৰসাৰ কৰাটো সম্ভৱ হৈ হয়।

 অসমৰ দৰে এখন ৰাজ্যৰ বাবে এই দফাটোৰ গুৰুত্ব কি সেয়া নতুনকৈ বুজাই কোৱাৰ প্ৰয়োজন নাই। ঐতিহাসিকভাৱে অবৈধ প্ৰব্ৰজনৰ দৰে সমস্যাৰ সন্মুখীন হৈ অহা ৰাজ্যখনৰ খিলঞ্জীয়া জনগণৰ ঐতিহ্য তথা পৰিচয় অক্ষত ৰখাৰ বাবে এয়া এক অৱশ্য পালনীয় কৰ্তব্য। খিলঞ্জীয়াৰ চৰকাৰ আখ্যা দি অহা বিজেপি মিত্ৰজোঁট চৰকাৰৰ বাবে এয়া এক পবিত্ৰ কৰ্তব্য। ততপৰ্যপূৰ্ণভাৱে অসম আন্দোলনৰ পটভূমিত গঢ় লোৱা ৰাজনৈতিক দল অসম গণ পৰিষদো এই চৰকাৰৰ অংশ হৈ আছে। কিন্তু সেয়া হৈ উঠা নাই।

 শেহতীয়াকৈ অখিল গগৈয়ে কৰা কিছুমান বিস্ফোৰক মন্তব্যই এই সম্পৰ্কীয় অনিশ্চয়তা অধিক বৃদ্ধি কৰিছে। প্ৰাগ ডিজিটেলৰ সম্পাদক জিতুমণি বৰাৰ প্ৰতিপক্ষ অনুষ্ঠানত ভালেমান বিস্ফোৰক মন্তব্য কৰি অখিল গগৈয়ে কৈছে যে, বিজেপি চৰকাৰখন অসম চুক্তিৰ আটাইতকৈ শত্ৰু চৰকাৰ। কাৰণ তেওঁলোকৰ বিদেশীৰ যিটো সংজ্ঞা সেইটোৱেই অসম চুক্তিৰ বিৰোধী। তেওঁলোকৰ সংজ্ঞা মতে সকলো মুছলমানেই বিদেশী আৰু সকলো হিন্দুৱেই স্বদেশী। অথচ অসম চুক্তি এখন ধৰ্মনিৰপেক্ষ চুক্তি আৰু অসম চুক্তিৰ ছয় নং দফাত কোৱা হৈছে যে, ১৯৭১ চনৰ পাছত অহা সকলো লোকেই বিদেশী আৰু তাৰ আগত অহা খিনি স্বদেশী। কিন্তু এতিয়া বিজেপি-আৰএছএছে যে ধৰ্মৰ ভিত্তিত বিদেশীক চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছে আৰু ধৰ্মৰ ভিত্তিত বিদেশীক স্বদেশী কৰিব বিচাৰিছে দেশলৈ ৰঙা দলিচা পাৰি দিব বিচাৰিছে সেইটোৱেই প্ৰমাণ কৰিছে যে, বিজেপি আৰএছএছ চৰকাৰখন অসম চুক্তিৰ প্ৰথম শত্ৰু।

আন এক যু্ক্তি প্ৰদান কৰি তেওঁ কয় যে, অসম চু্ক্তিৰ ছয় নং দফাত অসমীয়াৰ বাবে কিছুমান সাংবিধানিক সংৰক্ষণৰ কথা কোৱা হৈছে। কিন্তু যিখন চৰকাৰে এখন ৰাজ্যৰ পৰা সংবিধানৰ ৩৭০ আৰু ৩৫ (ক)অনুচ্ছেদ প্ৰত্যাহাৰ কৰিছে সেই  চৰকাৰখনে আন এক প্ৰান্তৰ জনগণৰ বাবে সাংবিধানিক সুৰক্ষা দিব বুলি ভবাটো গছত গৰু উঠা কথাৰ বাহিৰে আন একো নহয়। তেওঁ লগতে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰৰ প্ৰসংগটোও উল্লেখ কৰে আৰু কয় যে, ইয়াৰ পাছত এইখন চৰকাৰে অসমৰ বাবে বিশেষ সাংবাধানিক সুৰক্ষা তথা সংৰক্ষণ ব্যৱস্থা কৰিব বুলি ভবাটো অলীক কল্পনাহে। অখিল গগৈৰ কথাখিনিৰ সাৰমৰ্ম এইটোৱেই যে, অসম চুক্তিৰ ছয় নং দফা ৰূপায়নৰ দৰে কথা অসমৰ জনগণৰ বাবে সদায় অলীক সপোনেই হৈ থাকিব।

 অখিল গগৈৰ এই দাবীয়ে এতিয়া বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। অসম চুক্তি ৰূপায়নৰ নামত ৰাজনীতি কৰি অহা বিভিন্ন দল তথা চৰকাৰে এই চুক্তি ৰূপায়ন কৰাৰ নামত সদায় অসমক আভুৱা ভাৰিহে থাকিব নেকি! এই সন্দৰ্ভত অসমৰ দল-সংগঠন অধিক সতৰ্ক তথা ততপৰ হৈ চৰকাৰৰ ওচৰত অধিক শক্তিশালী দাবী উত্থাপন কৰাটো এতিয়া সময়ৰ দাবী হিচাপে চিহ্নিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত