--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী, পঞ্জাবৰ পাছত আম আদমী পাৰ্টীৰ পৰৱৰ্তী লক্ষ্য অসম৷ আজি অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ জৰিয়তে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আম আদমী পাৰ্টীয়ে খোপনি পুতিবলৈ প্ৰয়াস চলোৱা পৰিলক্ষিত হ’ল৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ১৫টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই গুৱাহাটীবাসীৰ কাষ চপাৰ প্ৰয়াস চলালে আপ অসমে৷

আপ অসমে আনকি নিৰ্বাচনী প্ৰচাৰত দিল্লীৰ বিধায়ক আতিশী মাৰ্লেনাক আমন্ত্ৰণ কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰি অসমবাসীক আপৰ সম্ভাৱ্য জাগৰণৰ আভাস দিয়া পৰিলক্ষিত হ’ল৷ আপ অসমে পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছৰে পৰা নিদ্ৰাহৰণ হৈছিল ৰাজ্যিক বিজেপিৰ৷ আৰু সেয়া প্ৰতিফলন হৈছিল মন্ত্ৰী পীযূষ হাজৰিকাৰ মন্তব্যত৷ বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰসভাত মন্ত্ৰী হাজৰিকাই পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ ফলাফল কংগ্ৰেছতৈ ভাল হ’ব বুলি মন্তব্য কৰিছিল৷ পীযূষ হাজৰিকাৰ সেই মন্তব্যই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছতকৈ আপৰ শক্তিশালী স্থিতিকেই প্ৰতীয়মান কৰিছিল৷

আৰু একেগৰাকী মন্ত্ৰীয়ে কালি আতিশী মাৰ্লেনাই অসমৰ স্বাভিমান জাপিক অপমান কৰা বুলি অভিযোগ আনিছিল৷ কিন্তু, তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ সেই অভিযোগক লেশমানো গুৰুত্ব নিদিলে অসমবাসীয়ে৷ পূৰ্বতে বিজেপিৰ তেনে অভিযোগৰ সত্সাসত্য বিচাৰ নকৰাকৈ গৰিষ্ঠসংখ্যক নাগৰিকেই মানি লোৱা পৰিলক্ষিত হৈছিল৷ কিন্তু, কালি বিজেপিয়ে আতিশীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰতি মহানগৰবাসী তথা অসমবাসীয়ে ন্যূনতমো গুৰুত্ব নিদিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷

বিজেপি, কংগ্ৰেছৰ বিকল্প হিচাপে অসমত আম আদমী পাৰ্টীয়ে শক্তিশালী আত্মপ্ৰকাশ কৰিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে৷ অসম জাতীয় পৰিষদ, ৰাইজৰ দলক কা আন্দোলনৰ পৰৱৰ্তী সময়ছোৱাত বিকল্প শক্তি হিচাপে ধাৰণা কৰি লোৱা হৈছিল যদিও দল দুটাৰ নিষ্ক্ৰিয়তা আৰু আওকণীয়া মনোভাৱৰ বাবেই অসমবাসীৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম নহ’ল৷ সেয়ে দল দুটাৰ সন্মুখত এতিয়া পুনৰ আহি পৰিছে প্ৰত্যাহ্বান৷ আম আদমী পাৰ্টীৰ সাংগঠনিক তৎপৰতাই অসমৰ ৰাজনীতি সলনিৰ ইংগিত বহন কৰিছে৷ আম আদমী পাৰ্টীৰ নীতি, আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতিয়ে অসমবাসীক আকৃষ্ট কৰা বুলি চৰ্চা চলিছে৷

এতিয়া লক্ষ্যণীয় হ’ব অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটত কিমানদূৰলৈ সফল হ’ব আম আদমী পাৰ্টী? আম আদমী পাৰ্টীৰ প্ৰতি অসমবাসীৰ আস্থা‌, বিশ্বাসৰ আংশিক প্ৰতিফলন দেখা যাব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী ফলাফলতে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান