--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী, পঞ্জাবৰ পাছত আম আদমী পাৰ্টীৰ পৰৱৰ্তী লক্ষ্য অসম৷ আজি অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ জৰিয়তে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আম আদমী পাৰ্টীয়ে খোপনি পুতিবলৈ প্ৰয়াস চলোৱা পৰিলক্ষিত হ’ল৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ১৫টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই গুৱাহাটীবাসীৰ কাষ চপাৰ প্ৰয়াস চলালে আপ অসমে৷

আপ অসমে আনকি নিৰ্বাচনী প্ৰচাৰত দিল্লীৰ বিধায়ক আতিশী মাৰ্লেনাক আমন্ত্ৰণ কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰি অসমবাসীক আপৰ সম্ভাৱ্য জাগৰণৰ আভাস দিয়া পৰিলক্ষিত হ’ল৷ আপ অসমে পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছৰে পৰা নিদ্ৰাহৰণ হৈছিল ৰাজ্যিক বিজেপিৰ৷ আৰু সেয়া প্ৰতিফলন হৈছিল মন্ত্ৰী পীযূষ হাজৰিকাৰ মন্তব্যত৷ বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰসভাত মন্ত্ৰী হাজৰিকাই পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ ফলাফল কংগ্ৰেছতৈ ভাল হ’ব বুলি মন্তব্য কৰিছিল৷ পীযূষ হাজৰিকাৰ সেই মন্তব্যই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছতকৈ আপৰ শক্তিশালী স্থিতিকেই প্ৰতীয়মান কৰিছিল৷

আৰু একেগৰাকী মন্ত্ৰীয়ে কালি আতিশী মাৰ্লেনাই অসমৰ স্বাভিমান জাপিক অপমান কৰা বুলি অভিযোগ আনিছিল৷ কিন্তু, তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ সেই অভিযোগক লেশমানো গুৰুত্ব নিদিলে অসমবাসীয়ে৷ পূৰ্বতে বিজেপিৰ তেনে অভিযোগৰ সত্সাসত্য বিচাৰ নকৰাকৈ গৰিষ্ঠসংখ্যক নাগৰিকেই মানি লোৱা পৰিলক্ষিত হৈছিল৷ কিন্তু, কালি বিজেপিয়ে আতিশীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰতি মহানগৰবাসী তথা অসমবাসীয়ে ন্যূনতমো গুৰুত্ব নিদিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷

বিজেপি, কংগ্ৰেছৰ বিকল্প হিচাপে অসমত আম আদমী পাৰ্টীয়ে শক্তিশালী আত্মপ্ৰকাশ কৰিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে৷ অসম জাতীয় পৰিষদ, ৰাইজৰ দলক কা আন্দোলনৰ পৰৱৰ্তী সময়ছোৱাত বিকল্প শক্তি হিচাপে ধাৰণা কৰি লোৱা হৈছিল যদিও দল দুটাৰ নিষ্ক্ৰিয়তা আৰু আওকণীয়া মনোভাৱৰ বাবেই অসমবাসীৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম নহ’ল৷ সেয়ে দল দুটাৰ সন্মুখত এতিয়া পুনৰ আহি পৰিছে প্ৰত্যাহ্বান৷ আম আদমী পাৰ্টীৰ সাংগঠনিক তৎপৰতাই অসমৰ ৰাজনীতি সলনিৰ ইংগিত বহন কৰিছে৷ আম আদমী পাৰ্টীৰ নীতি, আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতিয়ে অসমবাসীক আকৃষ্ট কৰা বুলি চৰ্চা চলিছে৷

এতিয়া লক্ষ্যণীয় হ’ব অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটত কিমানদূৰলৈ সফল হ’ব আম আদমী পাৰ্টী? আম আদমী পাৰ্টীৰ প্ৰতি অসমবাসীৰ আস্থা‌, বিশ্বাসৰ আংশিক প্ৰতিফলন দেখা যাব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী ফলাফলতে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ