--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাতিৰ আহাৰ খোৱাৰ পাছত শুই যাব? নে কাম-কাজৰ পাছত শুব? সাৱধান হওক, আপুনি নজনাকৈয়ে কিছুমান মাৰাত্মক ভুল নকৰিব। আমি সকলোৱে মনত ৰখা উচিত যে আহাৰ গ্ৰহণ কৰা পাছত বা দৈনিক কৰ্ম শেষ কৰি এনেদৰে শুই থাকিলে আমি গোটেই দিনটোৰ সকলো ভাগৰ, মানসিক চাপ আদি লগতে লৈ শুবলৈ যোৱাৰ দৰে হয়। আৰু সেইবাবেই বা এনেবোৰ কাৰণতে আমাৰ টোপনি বিঘ্নিত হয়। এৰাতিৰ টোপনি মানে গোটেই দিনটোৰ সকলো ভাগৰ, মানসিক চাপ আৰু চিন্তাৰ  মানসিক শান্তি। কিন্তু ৰাতি পৰ্যাপ্ত আৰু ভাল টোপনি নোপোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব। গতিকে আগতীয়াকৈ সচেতন হওক। ভাল টোপনিৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়া বিষয়ে জানি লওক।

ভাল টোপনিৰ বাবে জাস্লোক হাস্পতালৰ খাদ্য বিশেষজ্ঞ তথা পুষ্টিবিদ ডেলনাজ চাণ্ডুৱাদিয়াই কি পৰামৰ্শ দিয়ে চাওক-

১. প্ৰথম কথা টোপনিৰ আগতে কমেও দুঘণ্টা সময় কাম, মানসিক চাপ, সকলো চিন্তা নিজৰ পৰা আঁতৰাই ৰাখক। নিজৰ লগত কিছু সময় কটাওক। টিভি চাওক, চিনেমা চাওক, অহা সপ্তাহত কৰিবলগীয়া কামৰ তালিকা এখন বনাওক, ৰন্ধা-বঢ়া ভাল পালে ৰান্ধক। কিন্তু শুবলৈ যোৱাৰ আগতে গোটেই দিনটো কি হৈছিল, কোনে আপোনাক কি ক’লে সেই বিষয়ে একেবাৰেই নাভাবিব।

২. শুৱাৰ আগতে কিছু লঘু সংগীত শুনিব, কোঠাটোত এটা লাইট জ্বলাব। প্ৰয়োজন হ’লে চাহ একাপ খাব পাৰে। বা কুহুমিয়া গৰম পানীত গা ধুব পাৰে, ই ভাগৰ ধুই পেলায়।

৩. আপোনাৰ ফোনটোৰ পৰা আৰম্ভ কৰি সকলো ইলেক্ট্ৰনিকছ বন্ধ কৰক। কাৰণ এই ইলেক্ট্ৰনিকছবোৰৰ পৰা ওলোৱা বিকিৰণ আমাৰ শৰীৰৰ বাবে ভাল নহয়। মেলাট'নিনৰ মাত্ৰা হ্ৰাস কৰি টোপনিত ব্যাঘাত জন্মাব পাৰে।

৪. টোপনিৰ আগতে আলমণ্ড বা দৈ খাব পাৰে, ই মেলাট'নিন নিৰ্গত কৰাত সহায় কৰে।

৫. টোপনিৰ আগতে ১০-১৫ মিনিট সময় এটা চুটি ধ্যান কৰিব পাৰে, ই আপোনাৰ স্নায়ুবোৰ শিথিল কৰি তুলিব আৰু আপুনি শান্তিৰে শুব পাৰিব।

৬. আপুনি ঘৰতে ৰেড লাইট জ্বলাব পাৰে কিয়নো অধ্যয়নত দেখা গৈছে যে ৰেড লাইটে মেলাটনিনৰ নিৰ্গমন বৃদ্ধি কৰে আৰু টোপনিত সহায় কৰে।

বিশেষজ্ঞ কয় এই নিয়মসমূহ মানি চলিলে টোপনিৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ