--°C
Loading...
Listen to Article
2 min read
80%

কোকৰাঝাৰঃ সমাগত উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে পাঁচ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া৷ বিশেষকৈ ২৮ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে৷ তেওঁ কয় যে, বিটিচিত জিএছপি, ইউ পি পি এলৰ আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ আছে যদিও উক্ত চৰকাৰখনে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰা নাই৷ ভিচিডিচি গঠনত জিএছপিৰ কৰ্মকৰ্তাসকলক প্ৰাধান্য দিয়া নাই বুলি উল্লেখ কৰি সকলো বিৰোধী ঐক্যবদ্ধ হৈ এজন বিধায়কক বিজয়ী কৰি আনিব পাৰিলে সমষ্টিৰ ক্ষীপ্ৰ উন্নয়ন হ’ব বুলি প্ৰকাশ কৰে৷

ইপিনে তেওঁ তৃণমূল কংগ্ৰেছত যোগদান অথবা মিত্ৰতা কৰাৰ ইংগিত দি কয় যে, মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী হ’লে অসমৰ উন্নয়ন হ’ব৷ বি পি এফ দলৰ সভাপতি হাগ্ৰামা সম্পৰ্কে কয় যে, হাগ্ৰামা মহিলাৰী বিজেপি দলত যোগদানৰ বাহিৰে অন্য পথ নাই৷

নহ’লে জে’ললৈ যাব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ গো-সুৰক্ষা আইনক লৈ সাংসদগৰাকীয়ে কয় যে, বিশ্বৰ অধিকাংশ লোকে গো-মাংস খায়, তেনে ক্ষেত্ৰত গো-সুৰক্ষাক লৈ আলোচনা কৰাতকৈ অসমৰ নিবনুৱাক সংস্থাপনৰ কথা আলোচনা কৰাটো ভাল হ’ব বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে৷ গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাত গোসাইগাঁও সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ