--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিগনিয়ে কামোৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে এজন ৭৬ বছৰীয়া ব্যক্তি। তেওঁৰ টয়লেটত থকা নিগনিটোক ধৰিবলৈ তেওঁ চেষ্টা কৰিছিল। সেই সময়তে নিগনিটোৱে তেওঁৰ দুটা আঙুলি কামুৰি দিয়ে। এই কাণ্ডৰ বাবে ব্যক্তিজনে অংগ বিকলতা আৰু চেপ্টিকৰ দৰে বহু সমস্যাৰ সন্মুখীন হৈয়ে। এই ঘটনা কানাডাৰ 

ঘাঁৰ মৌলিক যত্ন আৰু টিটেনাছৰ প্ৰতিষেধক গ্ৰহণ কৰে ব্যক্তিজনে। কিন্তু ১৮ দিনৰ পাছতো অসুস্থ অনুভৱ কৰি থকা বাবে পুনৰ তেওঁ  হাস্পতাললৈ যাব লগা হ’ল। তিনিদিন ধৰি তেওঁৰ জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ আদি লক্ষণ দেখা গৈছিল মানুহজনৰ। 

চিকিৎসা পৰীক্ষাত দেখা গ’ল যে লোকজনৰ হৃদস্পন্দন দ্ৰুতগতিত, ৰক্তচাপ কম হোৱাৰ লগতে কিডনীৰ ক্ষতিসাধন হৈছে। ইয়াৰ উপৰিও তেওঁৰ একাধিক অংগ সমস্যাৰ লক্ষণ দেখা গৈছিল আৰু চেপ্টিক হৈছিল। ইয়াৰ বাবেই তেওঁ ইনটেনচিভ কেয়াৰ ইউনিটত থাকিব লগা হৈছিল।

তেওঁৰ চিকিৎসাজনিত অৱস্থাৰ উন্নতি ঘটিলেও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সৈতে সম্ভাৱ্য সম্পৰ্ক থকাৰ বাবে চিকিৎসকসকল চিন্তিত হৈ পৰিছিল। তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষাৰ অন্তত চিকিৎসকে মানুহজনৰ লেপট’স্পাইৰ’ছিছ নামৰ বেক্টেৰিয়াজনিত সংক্ৰমণ নিগনিৰ দৰে প্ৰাণীৰ পৰা মানুহলৈ বিয়পি পৰা বুলি জানিব পৰা গৈছে। গুৰুতৰ অৱস্থাত লেপট’স্পাইৰ’ছিছৰ ফলত মৃত্যুও হ’ব পাৰে।

প্রতিবেদন অনুসৰি নিগনিয়ে কামোৰাৰ বাবে মানুহজনৰ শৰীৰত এই বেক্টেৰিয়া প্রৱেশ কৰা বুলি জানিব পৰা গৈছে৷ এইবিধ বেক্টেৰিয়া সাধাৰণতে এন্দুৰৰ দৰে প্ৰাণীৰ প্ৰস্ৰাৱত থাকে।

অধ্যয়নত দেখা গৈছে যে বিশ্বজুৰি প্ৰতি বছৰে ১০ লাখতকৈ অধিক লেপট’স্পাইৰ’ছিছ ৰোগী হয়, ইয়াৰে প্ৰায় ৬০,০০০ লোকৰ মৃত্যু হয়। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ ৫%ৰ পৰা ১৫%ৰ ভিতৰত।

কানাডাৰ মানুহজনৰ ক্ষেত্ৰত তেওঁ এণ্টিবায়টিক আৰু ষ্টেৰইডকে ধৰি চিকিৎসা লাভ কৰিছিল। তিনিদিনৰ অন্তত আই চি ইউৰ পৰা ৰিলিজ দিয়া হয়। লেপট’স্পাইৰ’ছিছ কেতিয়াবা অতি বিপজ্জনক হ’ব পাৰে, কিন্তু নিগনিয়ে কামোৰা মানুহৰ ক্ষেত্ৰত এণ্টিবায়টিক ঔষধে তেওঁক ভাল অনুভৱ কৰাত সহায় কৰিছিল। কিছুদিনৰ মূৰত তেওঁ আই চি ইউৰ পৰা ওলাই আহিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক