--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিগনিয়ে কামোৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে এজন ৭৬ বছৰীয়া ব্যক্তি। তেওঁৰ টয়লেটত থকা নিগনিটোক ধৰিবলৈ তেওঁ চেষ্টা কৰিছিল। সেই সময়তে নিগনিটোৱে তেওঁৰ দুটা আঙুলি কামুৰি দিয়ে। এই কাণ্ডৰ বাবে ব্যক্তিজনে অংগ বিকলতা আৰু চেপ্টিকৰ দৰে বহু সমস্যাৰ সন্মুখীন হৈয়ে। এই ঘটনা কানাডাৰ 

ঘাঁৰ মৌলিক যত্ন আৰু টিটেনাছৰ প্ৰতিষেধক গ্ৰহণ কৰে ব্যক্তিজনে। কিন্তু ১৮ দিনৰ পাছতো অসুস্থ অনুভৱ কৰি থকা বাবে পুনৰ তেওঁ  হাস্পতাললৈ যাব লগা হ’ল। তিনিদিন ধৰি তেওঁৰ জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ আদি লক্ষণ দেখা গৈছিল মানুহজনৰ। 

চিকিৎসা পৰীক্ষাত দেখা গ’ল যে লোকজনৰ হৃদস্পন্দন দ্ৰুতগতিত, ৰক্তচাপ কম হোৱাৰ লগতে কিডনীৰ ক্ষতিসাধন হৈছে। ইয়াৰ উপৰিও তেওঁৰ একাধিক অংগ সমস্যাৰ লক্ষণ দেখা গৈছিল আৰু চেপ্টিক হৈছিল। ইয়াৰ বাবেই তেওঁ ইনটেনচিভ কেয়াৰ ইউনিটত থাকিব লগা হৈছিল।

তেওঁৰ চিকিৎসাজনিত অৱস্থাৰ উন্নতি ঘটিলেও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সৈতে সম্ভাৱ্য সম্পৰ্ক থকাৰ বাবে চিকিৎসকসকল চিন্তিত হৈ পৰিছিল। তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষাৰ অন্তত চিকিৎসকে মানুহজনৰ লেপট’স্পাইৰ’ছিছ নামৰ বেক্টেৰিয়াজনিত সংক্ৰমণ নিগনিৰ দৰে প্ৰাণীৰ পৰা মানুহলৈ বিয়পি পৰা বুলি জানিব পৰা গৈছে। গুৰুতৰ অৱস্থাত লেপট’স্পাইৰ’ছিছৰ ফলত মৃত্যুও হ’ব পাৰে।

প্রতিবেদন অনুসৰি নিগনিয়ে কামোৰাৰ বাবে মানুহজনৰ শৰীৰত এই বেক্টেৰিয়া প্রৱেশ কৰা বুলি জানিব পৰা গৈছে৷ এইবিধ বেক্টেৰিয়া সাধাৰণতে এন্দুৰৰ দৰে প্ৰাণীৰ প্ৰস্ৰাৱত থাকে।

অধ্যয়নত দেখা গৈছে যে বিশ্বজুৰি প্ৰতি বছৰে ১০ লাখতকৈ অধিক লেপট’স্পাইৰ’ছিছ ৰোগী হয়, ইয়াৰে প্ৰায় ৬০,০০০ লোকৰ মৃত্যু হয়। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ ৫%ৰ পৰা ১৫%ৰ ভিতৰত।

কানাডাৰ মানুহজনৰ ক্ষেত্ৰত তেওঁ এণ্টিবায়টিক আৰু ষ্টেৰইডকে ধৰি চিকিৎসা লাভ কৰিছিল। তিনিদিনৰ অন্তত আই চি ইউৰ পৰা ৰিলিজ দিয়া হয়। লেপট’স্পাইৰ’ছিছ কেতিয়াবা অতি বিপজ্জনক হ’ব পাৰে, কিন্তু নিগনিয়ে কামোৰা মানুহৰ ক্ষেত্ৰত এণ্টিবায়টিক ঔষধে তেওঁক ভাল অনুভৱ কৰাত সহায় কৰিছিল। কিছুদিনৰ মূৰত তেওঁ আই চি ইউৰ পৰা ওলাই আহিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে