--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত জি-৭ সন্মিলনত আন্তৰ্জাতিক সম্প্ৰদায়ৰ সন্মুখত শক্তি ক্ষেত্ৰখনত ভাৰতৰ দৰে উন্নয়ণশীল দেশসমূহৰ ভূমিকা সম্পৰ্কে সবল বক্তব্য দাঙি ধৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই সন্মিলনৰ পৰিৱেশ,শক্তি আৰু স্বাস্থ্য সম্পৰ্কীয় এখন বৈঠকত তেওঁ কয়,

“দুখীয়া দেশ আৰু এনে দেশৰ বাসিন্দাসকলে পৰিৱেশৰ অত্যন্ত ক্ষতি কৰে বুলি এক ভুলধাৰণা প্ৰচলিত হৈ আছে ৷ কিন্তু সুপ্ৰাচীন ভাৰতীয় ইতিহাসে সম্পূৰ্ণ ওলোটা কথা কয় । অতীতৰ ভাৰত আছিল অতিশয় সম্পদশালী,তাৰপিছত আৰম্ভ হ’ল কেইবা শতকজোৰা দাসত্ব, আৰু এতিয়া আমাৰ ভাৰত বিশ্বৰ দ্ৰুততম অৰ্থনৈতিক বিকাশ হোৱা দেশৰ তালিকাত ৷ কিন্তু কেতিয়াও ভাৰতে পৰিৱেশ সম্পৰ্কীয় নিজৰ প্ৰতিশ্ৰুতিক পাহৰা নাই ৷”  তেওঁ লগতে কয়, সমগ্ৰ বিশ্বৰ  প্ৰায় ১৭ শতাংশ মানুহ ভাৰতত বাস কৰে ৷ তৎস্বত্বেও কিন্তু কাৰ্বন নিঃসৰণৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা মাত্ৰ ৫ শতাংশ৷ 

জি-৭ সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বৰ বিভিন্ন শক্তিশালী ৰাষ্ট্ৰৰ মূৰব্বীসকলৰ সৈতে মিলিত হয় আৰু সন্ত্ৰাসবাদ, শক্তি,পৰিৱেশ,খাদ্য নিৰাপত্তা,স্বাস্থ্য আদি বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ 

অৱশ্যে ভাৰতে  ৰাছিয়াৰ পৰা অপৰিশোধিত তেল আমদানি বন্ধ কৰাৰ বাবে পশ্চিমীয়া দেশসমূহে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰে ৷ মোডীয়ে এই কথাৰ সদুত্তৰ দি কয় যে,ভাৰতৰ শক্তি আমদানি নিৰ্ভৰ কৰে দেশৰ অৰ্থনৈতিক অৱস্থা আৰু চাহিদাৰ ওপৰত ৷ এই প্ৰসংগৰ জেৰ বানি তেওঁ আৰু কয় যে সদায়েই শক্তি কেৱল যে ধনী দেশসমূহৰ হাতৰ মুঠিত থাকিব সেই কথা হ’ব নোৱাৰে ৷ 

সন্মিলনৰ  সময়ছোৱাতে মোডীয়ে জাৰ্মানীৰ চেঞ্চেলৰ ওল্ফ চলৎটজ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ণ, ইণ্ডোনেচীয়াৰ ৰাষ্ট্ৰপতি জ’ক’ উইড’দ’, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডু আদিৰ সৈতে পৃথক পৃথকভাৱে মিলিত হয় আৰু বাণিজ্য, প্ৰতিৰক্ষা, ডিজিটেল অৰ্থনীতি, কোভিড টিকা আদি সম্পৰ্কে সহযোগীতা আৰু সমৰ্থন আদায় কৰাৰ চেষ্টা কৰে ৷ 

জি-৭ সন্মিলনৰ সফল সামৰণিৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাৰ্মানীৰ চেঞ্চেলৰ, চৰকাৰ আৰু জনগণৰ আতিথ্যৰ ভূয়সী প্ৰসংসা কৰে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক