--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত জি-৭ সন্মিলনত আন্তৰ্জাতিক সম্প্ৰদায়ৰ সন্মুখত শক্তি ক্ষেত্ৰখনত ভাৰতৰ দৰে উন্নয়ণশীল দেশসমূহৰ ভূমিকা সম্পৰ্কে সবল বক্তব্য দাঙি ধৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই সন্মিলনৰ পৰিৱেশ,শক্তি আৰু স্বাস্থ্য সম্পৰ্কীয় এখন বৈঠকত তেওঁ কয়,

“দুখীয়া দেশ আৰু এনে দেশৰ বাসিন্দাসকলে পৰিৱেশৰ অত্যন্ত ক্ষতি কৰে বুলি এক ভুলধাৰণা প্ৰচলিত হৈ আছে ৷ কিন্তু সুপ্ৰাচীন ভাৰতীয় ইতিহাসে সম্পূৰ্ণ ওলোটা কথা কয় । অতীতৰ ভাৰত আছিল অতিশয় সম্পদশালী,তাৰপিছত আৰম্ভ হ’ল কেইবা শতকজোৰা দাসত্ব, আৰু এতিয়া আমাৰ ভাৰত বিশ্বৰ দ্ৰুততম অৰ্থনৈতিক বিকাশ হোৱা দেশৰ তালিকাত ৷ কিন্তু কেতিয়াও ভাৰতে পৰিৱেশ সম্পৰ্কীয় নিজৰ প্ৰতিশ্ৰুতিক পাহৰা নাই ৷”  তেওঁ লগতে কয়, সমগ্ৰ বিশ্বৰ  প্ৰায় ১৭ শতাংশ মানুহ ভাৰতত বাস কৰে ৷ তৎস্বত্বেও কিন্তু কাৰ্বন নিঃসৰণৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা মাত্ৰ ৫ শতাংশ৷ 

জি-৭ সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বৰ বিভিন্ন শক্তিশালী ৰাষ্ট্ৰৰ মূৰব্বীসকলৰ সৈতে মিলিত হয় আৰু সন্ত্ৰাসবাদ, শক্তি,পৰিৱেশ,খাদ্য নিৰাপত্তা,স্বাস্থ্য আদি বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ 

অৱশ্যে ভাৰতে  ৰাছিয়াৰ পৰা অপৰিশোধিত তেল আমদানি বন্ধ কৰাৰ বাবে পশ্চিমীয়া দেশসমূহে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰে ৷ মোডীয়ে এই কথাৰ সদুত্তৰ দি কয় যে,ভাৰতৰ শক্তি আমদানি নিৰ্ভৰ কৰে দেশৰ অৰ্থনৈতিক অৱস্থা আৰু চাহিদাৰ ওপৰত ৷ এই প্ৰসংগৰ জেৰ বানি তেওঁ আৰু কয় যে সদায়েই শক্তি কেৱল যে ধনী দেশসমূহৰ হাতৰ মুঠিত থাকিব সেই কথা হ’ব নোৱাৰে ৷ 

সন্মিলনৰ  সময়ছোৱাতে মোডীয়ে জাৰ্মানীৰ চেঞ্চেলৰ ওল্ফ চলৎটজ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ণ, ইণ্ডোনেচীয়াৰ ৰাষ্ট্ৰপতি জ’ক’ উইড’দ’, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডু আদিৰ সৈতে পৃথক পৃথকভাৱে মিলিত হয় আৰু বাণিজ্য, প্ৰতিৰক্ষা, ডিজিটেল অৰ্থনীতি, কোভিড টিকা আদি সম্পৰ্কে সহযোগীতা আৰু সমৰ্থন আদায় কৰাৰ চেষ্টা কৰে ৷ 

জি-৭ সন্মিলনৰ সফল সামৰণিৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাৰ্মানীৰ চেঞ্চেলৰ, চৰকাৰ আৰু জনগণৰ আতিথ্যৰ ভূয়সী প্ৰসংসা কৰে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি