--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাগৰত ছুনামি হয় সেই কথা আমি সকলোৱে জানো কিন্তু আকাশতো ছুনামি হ'ব পাৰে নেকি? এয়া সম্ভৱ নহয় যদিও শেহতীয়াকৈ ভাইৰেল হোৱা এখন ফটোৱে সেই প্ৰশ্ন উত্থাপন কৰিছে। সেই ফটো দেখি আতংকিত হৈ পৰিছে জনতা। আমেৰিকাৰ এগৰাকী মহিলাই আকাশত এক চাঞ্চল্যকৰ দৃশ্য দেখিবলৈ পালে। প্ৰকাণ্ড প্ৰকাণ্ড ডাৱৰৰ ঢৌ একেলগে দেখি তেওঁ স্তম্ভিত হৈ পৰিছিল। আকাশখন দেখাত একদম সাগৰৰ দৰে হৈ পৰিছিল। 

থেৰেছা বাৰ্গিন লুকাছ নামৰ মহিলাগৰাকীয়ে কয় যে তেওঁ ৰচেষ্টাৰলৈ যোৱাৰ পাছত মিনেছ’টাৰ বেমিডজি চহৰলৈ গাড়ী চলাই গৈ থাকোঁতে আকাশত ডাৱৰৰ ধুমুহা দেখিবলৈ পাইছিল। নিজৰ ঘৰৰ পৰা তেওঁ কিমান দূৰত আছে সেয়া নিজ কন্যাক দেখুৱাবলৈ তেওঁ ৰাস্তাৰ এখন ফটো তুলিছিল।ফটোখন তেওঁ ছ’চিয়েল মিডিয়াতো আপলোড কৰে, যি তৎক্ষণাত ভাইৰেল হৈ পৰে। ফটোখনৰ সন্দৰ্ভত লুকাছে কয়, ‘‘সঁচা কথা ক’বলৈ গ’লে আকাশখন বিস্ফোৰণ হ’বলৈ ওলোৱাৰ দৰে লাগিছিল। আকাশত সাগৰৰ দৰে ঢৌ দেখি এনে লাগিছিল যেন পৃথিৱীলৈ ছুনামি আহিব পাৰে।’’ এই ছবিখন শ্বেয়াৰ কৰাৰ পিছৰে পৰা ইণ্টাৰনেটত আতংকৰ সৃষ্টি হয়। ছ’চিয়েল মিডিয়াত মানুহৰ প্ৰতিক্ৰিয়া মিশ্ৰিত হৈ পৰিছে। 

কিছুমান ব্যৱহাৰকাৰীয়ে ইয়াক ফটোশ্বপ কৰা হৈছে নেকি বুলিও প্ৰশ্ন কৰে। আনহাতে আন কিছুমানে আকাশত সাগৰৰ দৰে দৃশ্য দেখি স্তম্ভিত হৈ পৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ''আপুনি ইমান অবিশ্বাস্য ফটো কেনেকৈ তুলিলে? এয়া আচৰিত আৰু ভয়ংকৰ দেখা গৈছে।'' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ''ৰাস্তাটো পোনে পোনে যেন সাগৰলৈ গৈ আছে, দেখাত তেনে লাগিছে। সঁচাকৈয়ে আচৰিত ছবি''!বহুতে এয়া পৃথিৱী ধ্বংস হোৱাৰ আগজাননী নেকি বুলি শংকা প্ৰকাশ কৰিছে। কিছুমানে কৈছে যে এয়া প্ৰকৃতিৰ মনোৰম সৃষ্টি। এনেদৰে ভিন্ন মন্তব্যৰে নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেটিজেনসকলে। 

উল্লেখ্য যে ছুনামি (Tsunami)এটা জাপানী শব্দ। ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি বুলি কোৱা হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস। সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক