--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাগৰত ছুনামি হয় সেই কথা আমি সকলোৱে জানো কিন্তু আকাশতো ছুনামি হ'ব পাৰে নেকি? এয়া সম্ভৱ নহয় যদিও শেহতীয়াকৈ ভাইৰেল হোৱা এখন ফটোৱে সেই প্ৰশ্ন উত্থাপন কৰিছে। সেই ফটো দেখি আতংকিত হৈ পৰিছে জনতা। আমেৰিকাৰ এগৰাকী মহিলাই আকাশত এক চাঞ্চল্যকৰ দৃশ্য দেখিবলৈ পালে। প্ৰকাণ্ড প্ৰকাণ্ড ডাৱৰৰ ঢৌ একেলগে দেখি তেওঁ স্তম্ভিত হৈ পৰিছিল। আকাশখন দেখাত একদম সাগৰৰ দৰে হৈ পৰিছিল। 

থেৰেছা বাৰ্গিন লুকাছ নামৰ মহিলাগৰাকীয়ে কয় যে তেওঁ ৰচেষ্টাৰলৈ যোৱাৰ পাছত মিনেছ’টাৰ বেমিডজি চহৰলৈ গাড়ী চলাই গৈ থাকোঁতে আকাশত ডাৱৰৰ ধুমুহা দেখিবলৈ পাইছিল। নিজৰ ঘৰৰ পৰা তেওঁ কিমান দূৰত আছে সেয়া নিজ কন্যাক দেখুৱাবলৈ তেওঁ ৰাস্তাৰ এখন ফটো তুলিছিল।ফটোখন তেওঁ ছ’চিয়েল মিডিয়াতো আপলোড কৰে, যি তৎক্ষণাত ভাইৰেল হৈ পৰে। ফটোখনৰ সন্দৰ্ভত লুকাছে কয়, ‘‘সঁচা কথা ক’বলৈ গ’লে আকাশখন বিস্ফোৰণ হ’বলৈ ওলোৱাৰ দৰে লাগিছিল। আকাশত সাগৰৰ দৰে ঢৌ দেখি এনে লাগিছিল যেন পৃথিৱীলৈ ছুনামি আহিব পাৰে।’’ এই ছবিখন শ্বেয়াৰ কৰাৰ পিছৰে পৰা ইণ্টাৰনেটত আতংকৰ সৃষ্টি হয়। ছ’চিয়েল মিডিয়াত মানুহৰ প্ৰতিক্ৰিয়া মিশ্ৰিত হৈ পৰিছে। 

কিছুমান ব্যৱহাৰকাৰীয়ে ইয়াক ফটোশ্বপ কৰা হৈছে নেকি বুলিও প্ৰশ্ন কৰে। আনহাতে আন কিছুমানে আকাশত সাগৰৰ দৰে দৃশ্য দেখি স্তম্ভিত হৈ পৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ''আপুনি ইমান অবিশ্বাস্য ফটো কেনেকৈ তুলিলে? এয়া আচৰিত আৰু ভয়ংকৰ দেখা গৈছে।'' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ''ৰাস্তাটো পোনে পোনে যেন সাগৰলৈ গৈ আছে, দেখাত তেনে লাগিছে। সঁচাকৈয়ে আচৰিত ছবি''!বহুতে এয়া পৃথিৱী ধ্বংস হোৱাৰ আগজাননী নেকি বুলি শংকা প্ৰকাশ কৰিছে। কিছুমানে কৈছে যে এয়া প্ৰকৃতিৰ মনোৰম সৃষ্টি। এনেদৰে ভিন্ন মন্তব্যৰে নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেটিজেনসকলে। 

উল্লেখ্য যে ছুনামি (Tsunami)এটা জাপানী শব্দ। ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি বুলি কোৱা হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস। সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি