--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানত পুনৰ আক্ৰমণ কৰিলে বা হৰমুজ প্রণালীত অৱৰোধ অব্যাহত ৰাখিলে ইয়াৰ প্ৰত্যুত্তৰত ইৰানেও আক্রমণ কৰিব পাৰে।

ডিজিটেল ডেস্ক : এইবাৰ হাইপাৰছ'নিক ক্ষেপণাস্ত্র 'ডার্ক ঈগল'ৰে ইৰানত আক্ৰমণ চলাব আমেৰিকাই! কালি ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু মার্কিন সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ মাজত হোৱা এক আলোচনাৰ পাছত এই আশংকা বৃদ্ধি পাইছে। বৈঠকত চেন্ট্রেল কমাণ্ডে ইৰানত নিৰ্ণায়ক আক্ৰমণৰ কৌশলৰ বিষয়ে ৰাষ্ট্ৰপতি ট্রাম্পক বিস্তাৰিতভাৱে অৱগত কৰে।


সূত্ৰসমূহে প্রকাশ কৰা মতে, প্রায় ৪৫ মিনিটৰ বৈঠকত ইৰানৰ বিৰুদ্ধে গ্রহণ কৰিবলগীয়া কৌশলৰ সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয়। ইৰানত পুনৰ আক্ৰমণ কৰিলে বা হৰমুজ প্রণালীত অৱৰোধ অব্যাহত ৰাখিলে ইয়াৰ প্ৰত্যুত্তৰত ইৰানেও আক্রমণ কৰিব পাৰে। বৈঠকত এই বিষয়টোও গুৰুত্বসহকাৰে আলোচনা কৰা হয়। ইয়াৰ লগতে আমেৰিকাই দেশখনৰ বিৰুদ্ধে ব্যাপক হাৰত সামৰিক অভিযান চলোৱাৰ সম্পকতো বৈঠকত আলোচনা কৰে। 


চেন্ট্রেল কমাণ্ডে কম সময়ত সঠিক আক্ৰমণৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে ইৰানৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা হ'ব। বৈঠকত চেন্ট্রেল কমাণ্ডৰ এডমিৰেল ব্রেড কুপাৰো উপস্থিত থাকে। তেওঁ ইৰানত হাইপাৰছ'নিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰাৰ পৰামৰ্শ দিয়ে। বৈঠকত তেওঁ ইৰানত আক্ৰমণ কৰাৰ বাবে প্রায় ১.৫ কোটি ডলাৰৰ হাইপাৰছ 'নিক ক্ষেপণাস্ত্র 'ডার্ক ঈগল' বিচাৰে। যদিও এই প্রস্তাব ট্রাম্পে মানি লয় তেতিয়া প্ৰথমবাৰৰ বাবে আমেৰিকাই যুদ্ধত এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিব। এই ক্ষেপণাস্ত্রবিধৰ লক্ষ্যভেদী দূৰত্ব হ'ল প্রায় ৩ হাজাৰ কিল'মিটাৰ। ক্ষেপণাস্ত্ৰবিধে শব্দতকৈ পাঁচগুণ অধিক বেগত লক্ষ্য স্থানলৈ গতি কৰিব পাৰে। আমেৰিকাৰ হাতত ৮টা এনেকুৱা ক্ষেপণাস্ত্র আছে। সূত্রসমূহে লগতে প্রকাশ কৰে যে আমেৰিকাই নির্ণায়ক আক্ৰমণত ইৰানৰ শীর্ষ স্থানীয় সকলো নেতাকে হত্যা কৰাৰ পৰিকল্পনা কৰিছে। 


ফক্স নিউজে এই কথা প্ৰকাশ কৰি কয় যে এইবাৰ যুদ্ধ হ'লে নিচেই কম সময়ৰ কিন্তু আটাইতকৈ ভয়াৱহ হ'ব। ইফালে এইবাৰৰ যুদ্ধত সংযুক্ত আৰব আমিৰাটেও (ইউ এ ই) অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। দেশখনৰ চৰকাৰে নিজৰ নাগৰিকসকলক ইৰান, ইৰাক আৰু লেবানন ভ্রমণত নিষেধজ্ঞা আৰোপ কৰিছে আৰু এই দেশবোৰত থকা নাগৰিকসকলক স্বদেশলৈ উভতি অহাৰ জাননী জাৰি কৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ