--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানত পুনৰ আক্ৰমণ কৰিলে বা হৰমুজ প্রণালীত অৱৰোধ অব্যাহত ৰাখিলে ইয়াৰ প্ৰত্যুত্তৰত ইৰানেও আক্রমণ কৰিব পাৰে।

ডিজিটেল ডেস্ক : এইবাৰ হাইপাৰছ'নিক ক্ষেপণাস্ত্র 'ডার্ক ঈগল'ৰে ইৰানত আক্ৰমণ চলাব আমেৰিকাই! কালি ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু মার্কিন সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ মাজত হোৱা এক আলোচনাৰ পাছত এই আশংকা বৃদ্ধি পাইছে। বৈঠকত চেন্ট্রেল কমাণ্ডে ইৰানত নিৰ্ণায়ক আক্ৰমণৰ কৌশলৰ বিষয়ে ৰাষ্ট্ৰপতি ট্রাম্পক বিস্তাৰিতভাৱে অৱগত কৰে।


সূত্ৰসমূহে প্রকাশ কৰা মতে, প্রায় ৪৫ মিনিটৰ বৈঠকত ইৰানৰ বিৰুদ্ধে গ্রহণ কৰিবলগীয়া কৌশলৰ সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয়। ইৰানত পুনৰ আক্ৰমণ কৰিলে বা হৰমুজ প্রণালীত অৱৰোধ অব্যাহত ৰাখিলে ইয়াৰ প্ৰত্যুত্তৰত ইৰানেও আক্রমণ কৰিব পাৰে। বৈঠকত এই বিষয়টোও গুৰুত্বসহকাৰে আলোচনা কৰা হয়। ইয়াৰ লগতে আমেৰিকাই দেশখনৰ বিৰুদ্ধে ব্যাপক হাৰত সামৰিক অভিযান চলোৱাৰ সম্পকতো বৈঠকত আলোচনা কৰে। 


চেন্ট্রেল কমাণ্ডে কম সময়ত সঠিক আক্ৰমণৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে ইৰানৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা হ'ব। বৈঠকত চেন্ট্রেল কমাণ্ডৰ এডমিৰেল ব্রেড কুপাৰো উপস্থিত থাকে। তেওঁ ইৰানত হাইপাৰছ'নিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰাৰ পৰামৰ্শ দিয়ে। বৈঠকত তেওঁ ইৰানত আক্ৰমণ কৰাৰ বাবে প্রায় ১.৫ কোটি ডলাৰৰ হাইপাৰছ 'নিক ক্ষেপণাস্ত্র 'ডার্ক ঈগল' বিচাৰে। যদিও এই প্রস্তাব ট্রাম্পে মানি লয় তেতিয়া প্ৰথমবাৰৰ বাবে আমেৰিকাই যুদ্ধত এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিব। এই ক্ষেপণাস্ত্রবিধৰ লক্ষ্যভেদী দূৰত্ব হ'ল প্রায় ৩ হাজাৰ কিল'মিটাৰ। ক্ষেপণাস্ত্ৰবিধে শব্দতকৈ পাঁচগুণ অধিক বেগত লক্ষ্য স্থানলৈ গতি কৰিব পাৰে। আমেৰিকাৰ হাতত ৮টা এনেকুৱা ক্ষেপণাস্ত্র আছে। সূত্রসমূহে লগতে প্রকাশ কৰে যে আমেৰিকাই নির্ণায়ক আক্ৰমণত ইৰানৰ শীর্ষ স্থানীয় সকলো নেতাকে হত্যা কৰাৰ পৰিকল্পনা কৰিছে। 


ফক্স নিউজে এই কথা প্ৰকাশ কৰি কয় যে এইবাৰ যুদ্ধ হ'লে নিচেই কম সময়ৰ কিন্তু আটাইতকৈ ভয়াৱহ হ'ব। ইফালে এইবাৰৰ যুদ্ধত সংযুক্ত আৰব আমিৰাটেও (ইউ এ ই) অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। দেশখনৰ চৰকাৰে নিজৰ নাগৰিকসকলক ইৰান, ইৰাক আৰু লেবানন ভ্রমণত নিষেধজ্ঞা আৰোপ কৰিছে আৰু এই দেশবোৰত থকা নাগৰিকসকলক স্বদেশলৈ উভতি অহাৰ জাননী জাৰি কৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু