--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতে দূৰ কৰিছে ‘চৰম দৰিদ্ৰতা’৷ দেশৰ হ্ৰাস পোৱা দৰিদ্ৰতাৰ পৰিসংখ্যাক লৈ পোহৰলৈ আহিছে কেতবোৰ নতুন তথ্য৷ দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অৱধাৰিতভাবে কেন্দ্ৰীয় চৰকাৰৰ বাবে উৎসাহজনক বিষয় হ’ব পাৰে এই নতুন অধ্যয়নৰ ফলাফল৷ 

দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদ সুৰজিত ভল্লা আৰু কৰণ ভাছিনৰ দ্বাৰা ৰচিত, আগশাৰীৰ আমেৰিকান থিংক টেংক ‘দ্য ব্ৰুকিংছ ইনষ্টিটিউচন’ৰ দ্বাৰা প্ৰকাশিত এক মন্তব্যত উল্লেখ কৰা হৈছে যে ভাৰতে চৰম দৰিদ্ৰতা দূৰ কৰিছে। শেহতীয়াকৈ মুকলি কৰা ব্যৱহাৰিক জৰীপৰ ওপৰত আধাৰিত মূল্যায়নত লগতে কোৱা হৈছে যে নগৰ আৰু গ্ৰাম্য দৰিদ্ৰতা অভূতপূৰ্বভাৱে হ্ৰাস পাইছে। ভল্লা আৰু ভাছিনে মন কৰিছে যে তথ্যবোৰে বিশ্ব বেংকৰ আকলনতকৈ ভাৰতত দৰিদ্ৰ লোকৰ সংখ্যা যথেষ্ট কম দেখুৱাইছে।

সুৰজিৎ ভল্লা আৰু কৰণ ভাছিনৰ দ্বাৰা ৰচনা কৰা প্ৰতিবেদনত কোৱা হৈছে যে এয়া চৰকাৰৰ শক্তিশালী নীতিৰ গুৰুত্বৰ ফলস্বৰূপে হৈছে, যাৰ ফলত যোৱা এটা দশকত ভাৰতত শক্তিশালীভাবে সামগ্ৰিক বিকাশ হৈছে।

ভাৰতে শেহতীয়াকৈ ২০২২-২৩ বৰ্ষৰ বাবে দেশৰ আনুষ্ঠানিক ব্যৱহাৰ ব্যয়ৰ তথ্য মুকলি কৰিছে, যি দহ বছৰত ভাৰতৰ বাবে প্ৰথম আনুষ্ঠানিক জৰীপ-আধাৰিত দৰিদ্ৰতাৰ আকলন প্ৰদান কৰিছে।
তথ্য অনুসৰি, ২০১১-১২ বৰ্ষৰ পৰা প্ৰকৃত জনমূৰি ব্যৱহাৰ বৃদ্ধি প্ৰতি বছৰে ২.৯ শতাংশ ৰেকৰ্ড কৰা হৈছে। ইয়াৰ অধীনত, ৩.১ শতাংশ গ্ৰাম্য বিকাশ ২.৬ শতাংশৰ নগৰীয়া বিকাশতকৈ যথেষ্ট বেছি আছিল। তথ্যই নগৰ আৰু গ্ৰাম্য দুয়োধৰণৰ বৈষম্যত এক অভূতপূৰ্ব হ্ৰাস উপস্থাপন কৰিছে।

নগৰীয়া জিনি ৩৬.৭ৰ পৰা ৩১.৯লৈ হ্ৰাস পাইছে, গ্ৰাম্য জিনি ২৮.৭ৰ পৰা ২৭.০লৈ হ্ৰাস পাইছে।
অসমতা বিশ্লেষণৰ ক্ষেত্ৰত, এই হ্ৰাস দেখা নাযায়, বিশেষকৈ উচ্চ জনমূৰি প্ৰসংগত।

ৱৰ্ল্ড ডাটা লেবৰ দ্বাৰা প্ৰস্তুত কৰা ৱ’ৰ্ল্ড প’ভাৰ্টী ক্লকৰ দ্বাৰা দেখুওৱা তথ্য অনুসৰি, ভাৰতত ৩৪,৪৫৮,৯৪১গৰাকী লোকে অত্যধিক দৰিদ্ৰতাত বাস কৰি আছে, যি ইয়াৰ জনসংখ্যাৰ ২ শতাংশ। এই সংখ্যা আছিল ২০২৩ চনত ৪০,৪৮৫,৬৭৯ আৰু ২০২২ চনত ৪৬,৯০৯,৩৬৫ গৰাকী। ২
শতাংশৰ ভিতৰত ৩২,৫১৭,৫৭৯গৰাকী গ্ৰাম্য অঞ্চলত (৯৪ শতাংশ) আৰু ১,৯৪১,৩৬২গৰাকী নগৰাঞ্চলৰ (৬ শতাংশ)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক