--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিধ্বস্ত গাজাত আকৌ এবাৰ ইজৰাইলে চলাইছে নৰসংহাৰ। অমানৱীয় আচৰণেৰে ভোকাতুৰ পেলেষ্টাইনীৰ ওপৰত প্ৰাণঘাটী আক্ৰমণ চলাইছে ইজৰাইলী সৈনিকে৷ 

বৃহস্পতিবাৰে গাজাত ইজৰাইলী সেনাৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱালে ১১২জন নিৰপৰাধী পেলেষ্টাইনী লোকে। এই নাৰকীয় ঘটনা সংঘটিত হৈছে গাজাৰ অল নাবুলচি চহৰত। ইজৰাইলী সেনাৰ আক্ৰমণত আহত হ’ল ৭৬০ গৰাকী লোক। 

দৰাচলতে, বৃহস্পতিবাৰে খাদ্য সামগ্ৰীভৰ্তি ট্ৰাকৰ পৰা সামগ্ৰী আনিবলৈ গৈছিল পেলেষ্টাইনী লোকসকল। সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাকখনৰ সমীপতে আছিল সেনাবাহিনীৰ টেংক আৰু ইজৰাইলী সৈনিক। ঘটনাৰ পাছত ইজৰাইলী সৈনিকৰ অভিযোগ– খাদ্য সামগ্ৰী সংগ্ৰহৰ বাবে যোৱা লোকসকলে চলাইছিল লুটপাতৰ অপচেষ্টা। উগ্ৰ হৈ পৰা ভোকাতুৰ পেলেষ্টাইনীৰ দলটোৱে ইজৰাইলী সৈনিকসকলক ঘেৰি ধৰিছিল বুলি অভিযোগ ইজৰাইলৰ। তেনে পৰিস্থিতিত নিৰ্বিচাৰ গুলীচালনা কৰিবলৈ বাধ্য হৈছিল সৈনিকসকল। পাছত খাদ্য সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকখনতে প্ৰেৰণ কৰা হৈছিল মৃতদেহসমূহ। 

২০২৩ৰ ৭ অক্টোবৰত সূত্ৰপাত ঘটা ইজৰাইল–হামাছ সংঘৰ্ষৰ মাজতে ইজৰাইলে পুনৰবাৰ সংঘটিত কৰিলে অমানৱীয় কাণ্ড। ইতিমধ্যে ইজৰাইলৰ আক্ৰমণত গাজা ধ্বংস হৈছিল ২৪খন চিকিৎসালয়ৰ লগতে ১২৩খন এম্বুলেঞ্চ। যুদ্ধত এতিয়ালৈ প্ৰাণ হেৰুৱাইছে ৩০ হাজাৰৰো অধিক পেলেষ্টাইনী। ধ্বংসস্তূপত পৰিণত গাজাত এতিয়া ২২ লাখ লোক দুৰ্ভিক্ষৰ গৰাহত। আৰু তেনে এদল ভোকাতুৰ পেলেষ্টাইনীৰ ওপৰতে এনেদৰে বীৰত্ব প্ৰদৰ্শন কৰিলে ইজৰাইলী সৈনিকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন