--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিধ্বস্ত গাজাত আকৌ এবাৰ ইজৰাইলে চলাইছে নৰসংহাৰ। অমানৱীয় আচৰণেৰে ভোকাতুৰ পেলেষ্টাইনীৰ ওপৰত প্ৰাণঘাটী আক্ৰমণ চলাইছে ইজৰাইলী সৈনিকে৷ 

বৃহস্পতিবাৰে গাজাত ইজৰাইলী সেনাৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱালে ১১২জন নিৰপৰাধী পেলেষ্টাইনী লোকে। এই নাৰকীয় ঘটনা সংঘটিত হৈছে গাজাৰ অল নাবুলচি চহৰত। ইজৰাইলী সেনাৰ আক্ৰমণত আহত হ’ল ৭৬০ গৰাকী লোক। 

দৰাচলতে, বৃহস্পতিবাৰে খাদ্য সামগ্ৰীভৰ্তি ট্ৰাকৰ পৰা সামগ্ৰী আনিবলৈ গৈছিল পেলেষ্টাইনী লোকসকল। সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাকখনৰ সমীপতে আছিল সেনাবাহিনীৰ টেংক আৰু ইজৰাইলী সৈনিক। ঘটনাৰ পাছত ইজৰাইলী সৈনিকৰ অভিযোগ– খাদ্য সামগ্ৰী সংগ্ৰহৰ বাবে যোৱা লোকসকলে চলাইছিল লুটপাতৰ অপচেষ্টা। উগ্ৰ হৈ পৰা ভোকাতুৰ পেলেষ্টাইনীৰ দলটোৱে ইজৰাইলী সৈনিকসকলক ঘেৰি ধৰিছিল বুলি অভিযোগ ইজৰাইলৰ। তেনে পৰিস্থিতিত নিৰ্বিচাৰ গুলীচালনা কৰিবলৈ বাধ্য হৈছিল সৈনিকসকল। পাছত খাদ্য সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকখনতে প্ৰেৰণ কৰা হৈছিল মৃতদেহসমূহ। 

২০২৩ৰ ৭ অক্টোবৰত সূত্ৰপাত ঘটা ইজৰাইল–হামাছ সংঘৰ্ষৰ মাজতে ইজৰাইলে পুনৰবাৰ সংঘটিত কৰিলে অমানৱীয় কাণ্ড। ইতিমধ্যে ইজৰাইলৰ আক্ৰমণত গাজা ধ্বংস হৈছিল ২৪খন চিকিৎসালয়ৰ লগতে ১২৩খন এম্বুলেঞ্চ। যুদ্ধত এতিয়ালৈ প্ৰাণ হেৰুৱাইছে ৩০ হাজাৰৰো অধিক পেলেষ্টাইনী। ধ্বংসস্তূপত পৰিণত গাজাত এতিয়া ২২ লাখ লোক দুৰ্ভিক্ষৰ গৰাহত। আৰু তেনে এদল ভোকাতুৰ পেলেষ্টাইনীৰ ওপৰতে এনেদৰে বীৰত্ব প্ৰদৰ্শন কৰিলে ইজৰাইলী সৈনিকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক