--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনত আৰম্ভ হৈ আমেৰিকাকে ধৰি বিশ্বৰ বহু দেশত নৰসংহাৰৰ সৃষ্টি কৰা কোভিডকলৈ এতিয়া আমেৰিকাত শংকা বহু পৰিমাণে কমিছে। যদিও দেশ খনত শিশুসকলৰ মাজত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে তথাপি মাৰ্কিন প্ৰশাসনে বিদেশী বিমান যাত্ৰীৰ ক্ষেত্ৰত কোভিডৰ বিধি শিঠিল কৰাৰ সিদ্ধান্ত লৈছে। সেইমৰ্মে আমেৰিকাই আন্তৰ্জাতিক যাত্ৰীসকলৰ বাবে থকা কোভিড পৰীক্ষাৰ প্ৰয়োজনীয়তা প্ৰত্যাহাৰ কৰিছে।

মাৰ্কিন চৰকাৰে  ঘোষণা কৰিছে  যে  আন্তৰ্জাতিক বিমান যাত্ৰীসকলৰ বাবে মাৰ্কিন বিমান বন্দৰত প্ৰৱেশ কৰাৰ পূৰ্বে কোভিড পৰীক্ষাকে ধৰি ভেকচিন গ্ৰহণৰ যিবোৰ নিয়ম বান্ধি দিয়া হৈছিল সেইবোৰ আৰু এতিয়া নাথাকিব।

হোৱাইট হাউচৰ সহকাৰী প্ৰেছ সচিব কেভিন মুনোজে টুইটাৰত এই কথা প্ৰকাশ কৰিছে। 

উল্লেখ্য আমেৰিকাই বিদেশী যাত্ৰীসকলৰ পৰা যাতে কোভিড অধিক বিয়পি পৰিব নোৱাৰে তাৰ বাবে কেতবোৰ নিয়ম বান্ধি দিছিল। 

সেইমৰ্মে আমেৰিকা ভ্ৰমণ কৰা বিদেশী যাত্ৰীসকলে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা প্ৰয়োজন আছিল।

 সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোকসকলক ভ্ৰমণৰ তিনি দিনৰ ভিতৰত নেতিবাচক পৰীক্ষাৰ প্ৰমাণ দেখুৱাবলগীয়া হৈছিল। তেতিয়াহে দেশ খনলৈ ভ্ৰমণৰ  অনুমতি দিয়া হৈছিল। আনহাতে টিকাকৰণ নকৰা লোকসকলে ভ্ৰমণৰ এদিনৰ পূৰ্বে কোভিড  পৰীক্ষা কৰিব লগীয়া হৈছিল। 

বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই এই নিয়ম প্ৰযোজ্য হৈ আছিল।কিন্তু  দেওবাৰে দিনৰ  ১২.০১ বজাৰ পৰা সেই নিয়ম আৰু বাহাল নাথাকিব।

 বিডেন প্ৰশাসনৰ এই ব্যৱস্থাই  ইউৰোপ, চীন, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, ভাৰত আৰু ইৰাণ আদি দেশৰ বিমান যাত্ৰীসকলক উপকৃত কৰিব। উল্লেখ্য বিশ্বৰ বহু কেইটা বিমান পৰিবহন সংস্থাই বিমান যাত্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনাই আহিছিল। এনে ব্যৱস্থাৰ বাবেই বহুতে আমেৰিকা ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰা বুলি বিমান পৰিবহন সংস্থাসমূহে কৈ আহিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি