--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনত আৰম্ভ হৈ আমেৰিকাকে ধৰি বিশ্বৰ বহু দেশত নৰসংহাৰৰ সৃষ্টি কৰা কোভিডকলৈ এতিয়া আমেৰিকাত শংকা বহু পৰিমাণে কমিছে। যদিও দেশ খনত শিশুসকলৰ মাজত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে তথাপি মাৰ্কিন প্ৰশাসনে বিদেশী বিমান যাত্ৰীৰ ক্ষেত্ৰত কোভিডৰ বিধি শিঠিল কৰাৰ সিদ্ধান্ত লৈছে। সেইমৰ্মে আমেৰিকাই আন্তৰ্জাতিক যাত্ৰীসকলৰ বাবে থকা কোভিড পৰীক্ষাৰ প্ৰয়োজনীয়তা প্ৰত্যাহাৰ কৰিছে।

মাৰ্কিন চৰকাৰে  ঘোষণা কৰিছে  যে  আন্তৰ্জাতিক বিমান যাত্ৰীসকলৰ বাবে মাৰ্কিন বিমান বন্দৰত প্ৰৱেশ কৰাৰ পূৰ্বে কোভিড পৰীক্ষাকে ধৰি ভেকচিন গ্ৰহণৰ যিবোৰ নিয়ম বান্ধি দিয়া হৈছিল সেইবোৰ আৰু এতিয়া নাথাকিব।

হোৱাইট হাউচৰ সহকাৰী প্ৰেছ সচিব কেভিন মুনোজে টুইটাৰত এই কথা প্ৰকাশ কৰিছে। 

উল্লেখ্য আমেৰিকাই বিদেশী যাত্ৰীসকলৰ পৰা যাতে কোভিড অধিক বিয়পি পৰিব নোৱাৰে তাৰ বাবে কেতবোৰ নিয়ম বান্ধি দিছিল। 

সেইমৰ্মে আমেৰিকা ভ্ৰমণ কৰা বিদেশী যাত্ৰীসকলে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা প্ৰয়োজন আছিল।

 সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোকসকলক ভ্ৰমণৰ তিনি দিনৰ ভিতৰত নেতিবাচক পৰীক্ষাৰ প্ৰমাণ দেখুৱাবলগীয়া হৈছিল। তেতিয়াহে দেশ খনলৈ ভ্ৰমণৰ  অনুমতি দিয়া হৈছিল। আনহাতে টিকাকৰণ নকৰা লোকসকলে ভ্ৰমণৰ এদিনৰ পূৰ্বে কোভিড  পৰীক্ষা কৰিব লগীয়া হৈছিল। 

বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই এই নিয়ম প্ৰযোজ্য হৈ আছিল।কিন্তু  দেওবাৰে দিনৰ  ১২.০১ বজাৰ পৰা সেই নিয়ম আৰু বাহাল নাথাকিব।

 বিডেন প্ৰশাসনৰ এই ব্যৱস্থাই  ইউৰোপ, চীন, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, ভাৰত আৰু ইৰাণ আদি দেশৰ বিমান যাত্ৰীসকলক উপকৃত কৰিব। উল্লেখ্য বিশ্বৰ বহু কেইটা বিমান পৰিবহন সংস্থাই বিমান যাত্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনাই আহিছিল। এনে ব্যৱস্থাৰ বাবেই বহুতে আমেৰিকা ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰা বুলি বিমান পৰিবহন সংস্থাসমূহে কৈ আহিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস