--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল জেস্ক: শেহতীয়াকৈ তালিবান চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷চৰকাৰে মুম্বাইত আফগান মিছনৰ ভাৰপ্ৰাপ্ত অধিবক্তা হিচাপে নিযুক্তি দিছে ইক্ৰামুদ্দিন কামিলক। আফগান সংবাদ মাধ্যমৰ তথ্য অনুসৰি ভাৰতত আফগান মিছনত তালিবানৰ এইটোৱেই প্ৰথম আনুষ্ঠানিক নিযুক্তি। কাবুলৰ এই পদক্ষেপে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে তালিবানৰ স্থিতি সমৃদ্ধ কৰাৰ প্ৰয়াসৰ অংশ বুলি বিবেচিত হৈছে। তালিবানৰ এই সিদ্ধান্তই ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে, কাৰণ তালিবান চৰকাৰ আৰু ভাৰতৰ সৈতে সম্পৰ্ক স্বাভাৱিক নহয়। ইয়াৰোপৰি পাকিস্তানে তালিবানক সততে সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে।

তালিবানৰ বাখতাৰ নিউজ এজেন্সীয়ে কোনো নাম প্ৰকাশ নকৰা কৈ এই সন্দৰ্ভত নিশ্চিতি প্ৰদান কৰিছে। জানিব পৰামতে কামিল বৰ্তমান ইছলামিক আমিৰেটছক প্ৰতিনিধি হিচাপে মুম্বাইত আছে। আফগান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত তেওঁ নিৰাপত্তা সহযোগিতা আৰু সীমান্ত পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় আইনত পিএইচডি ডিগ্ৰীধাৰী কামিলে মুম্বাইত থকা আফগান নাগৰিকসকলৰ বাবে কনছুলাৰ সেৱাৰ সুবিধা প্ৰদান কৰাৰ লগতে ভাৰতত আফগানিস্তানৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰিব বুলি আশা প্ৰকাশ কৰিছে চৰকাৰ খনে৷

উল্লেখযোগ্য যে ভাৰত আৰু তালিবান চৰকাৰৰ মাজত আলোচনা চলি থকা সময়তে কামিলক নিযুক্তি প্ৰদান কৰা হৈছে। তালিবান ক্ষমতালৈ অহাৰ পিছৰে পৰা ভাৰতত আফগান কূটনৈতিক বিষয়াৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পাইছে। ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীৰ চৰকাৰে নিযুক্তি দিয়া কূটনীতিবিদসকলৰ অধিকাংশই ভাৰত ত্যাগ কৰিছে। 

ইক্ৰামুদ্দিন কামিলৰ নিযুক্তিয়ে ভাৰত আৰু তালিবানৰ মাজত নতুন যোগসূত্ৰ স্থাপনৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে৷ তালিবান চৰকাৰৰ সৈতে ভাৰতৰ এই ক্ৰমবৰ্ধমান সান্নিধ্যই নিশ্চিত ৰূপত ভাৰতৰ বৈদেশিক নীতিৰ পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ