--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল জেস্ক: শেহতীয়াকৈ তালিবান চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷চৰকাৰে মুম্বাইত আফগান মিছনৰ ভাৰপ্ৰাপ্ত অধিবক্তা হিচাপে নিযুক্তি দিছে ইক্ৰামুদ্দিন কামিলক। আফগান সংবাদ মাধ্যমৰ তথ্য অনুসৰি ভাৰতত আফগান মিছনত তালিবানৰ এইটোৱেই প্ৰথম আনুষ্ঠানিক নিযুক্তি। কাবুলৰ এই পদক্ষেপে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে তালিবানৰ স্থিতি সমৃদ্ধ কৰাৰ প্ৰয়াসৰ অংশ বুলি বিবেচিত হৈছে। তালিবানৰ এই সিদ্ধান্তই ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে, কাৰণ তালিবান চৰকাৰ আৰু ভাৰতৰ সৈতে সম্পৰ্ক স্বাভাৱিক নহয়। ইয়াৰোপৰি পাকিস্তানে তালিবানক সততে সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে।

তালিবানৰ বাখতাৰ নিউজ এজেন্সীয়ে কোনো নাম প্ৰকাশ নকৰা কৈ এই সন্দৰ্ভত নিশ্চিতি প্ৰদান কৰিছে। জানিব পৰামতে কামিল বৰ্তমান ইছলামিক আমিৰেটছক প্ৰতিনিধি হিচাপে মুম্বাইত আছে। আফগান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত তেওঁ নিৰাপত্তা সহযোগিতা আৰু সীমান্ত পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় আইনত পিএইচডি ডিগ্ৰীধাৰী কামিলে মুম্বাইত থকা আফগান নাগৰিকসকলৰ বাবে কনছুলাৰ সেৱাৰ সুবিধা প্ৰদান কৰাৰ লগতে ভাৰতত আফগানিস্তানৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰিব বুলি আশা প্ৰকাশ কৰিছে চৰকাৰ খনে৷

উল্লেখযোগ্য যে ভাৰত আৰু তালিবান চৰকাৰৰ মাজত আলোচনা চলি থকা সময়তে কামিলক নিযুক্তি প্ৰদান কৰা হৈছে। তালিবান ক্ষমতালৈ অহাৰ পিছৰে পৰা ভাৰতত আফগান কূটনৈতিক বিষয়াৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পাইছে। ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীৰ চৰকাৰে নিযুক্তি দিয়া কূটনীতিবিদসকলৰ অধিকাংশই ভাৰত ত্যাগ কৰিছে। 

ইক্ৰামুদ্দিন কামিলৰ নিযুক্তিয়ে ভাৰত আৰু তালিবানৰ মাজত নতুন যোগসূত্ৰ স্থাপনৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে৷ তালিবান চৰকাৰৰ সৈতে ভাৰতৰ এই ক্ৰমবৰ্ধমান সান্নিধ্যই নিশ্চিত ৰূপত ভাৰতৰ বৈদেশিক নীতিৰ পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক