--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাচিন্তাত পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাছিয়াত দ্ৰুতগতিত হ্ৰাস পাইছে জনসংখ্যা। সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত নৱপ্ৰজন্মই অনীহা প্ৰকাশ কৰা বাবেই ৰাছিয়াত এই সমস্যাই দেখা দিছে। 

আজিকালি নৱপ্ৰজন্মই সন্তান জন্ম দিবলৈ আগ্ৰহী নোহোৱাৰ আঁৰত বহুতো কথা আছে।  আজিকালি মানুহৰ জীৱনশৈলী আৰু পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বাবে যথেষ্ট পলমকৈ বিয়াত বহে যুৱতীসকল। বিয়াত বহিলেও লগে লগেই সন্তান জন্ম দিয়াৰ কথা চিন্তা নকৰে।

নৱপ্ৰজন্মৰ আজিকালি কৰ্মক্ষেত্ৰত ষ্ট্ৰেছ বহুত। তাৰপাছত ঘৰলৈ আহি পৰিয়াল পৰিকল্পনাৰ কথা চিন্তা কৰিবলৈ আহৰি নাই।

আজিকালি এখন ঘৰ চলাবলৈ দুয়ো উপাৰ্জন কৰে, গতিকে সন্তান জন্ম হোৱাৰ লগে লগে মহিলাগৰাকীয়ে কাম বাদ দিব লগা হয়, ফলত অৰ্থনৈতিক সমস্যাৰ কথাও আহি পৰে।

শেহতীয়াকৈ জনসংখ্যা বৃদ্ধিৰ বাবে ৰাছিয়া চৰকাৰে যৌন মন্ত্ৰালয় খোলাৰ কথা চিন্তা কৰিছে। প্ৰস্তাৱটোত দম্পতীৰ বাবে বিশেষ অফাৰ দিয়া হৈছে। 

ৰাছিয়াৰ ভ্লাদিমিৰ পুটিন চৰকাৰে জনসংখ্যা বৃদ্ধিৰ বাবে যৌন মন্ত্ৰালয়কে ধৰি কেইবাটাও প্ৰস্তাৱ বিবেচনা কৰি আছে। এই প্ৰস্তাৱসমূহৰ ভিতৰত আছে নিশা ১০ বজাৰ পৰা ২ বজালৈকে লাইট আৰু ইণ্টাৰনেট বন্ধ কৰি দিয়া, মাতৃসকলক ধন দি সন্তান জন্ম দিবলৈ উৎসাহিত কৰা, দম্পতীহালৰ প্ৰথম ডেটৰ সমগ্ৰ খৰচ চৰকাৰে বহন কৰা আৰু আনকি দম্পতীক কাৰ্যালয়ত যৌন সম্পৰ্ক কৰিবলৈও দিয়া হ’ব।

পুটিন চৰকাৰৰ চিন্তা কি?

কিছুদিন পূৰ্বে ৰাছিয়া চৰকাৰে কৈছিল যে দেশখনত প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ প্ৰায় ১.৫, যিটো সুস্থিৰ জনসংখ্যা বজাই ৰাখিবলৈ প্ৰয়োজনীয় ২.১ হাৰৰ তুলনাত বহু কম। ইয়াৰ বাহিৰেও ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াৰ ১০ লাখতকৈ অধিক যুৱকে দেশ এৰি গৈছে।

১৯৯৯ চনৰ পিছত ৰাছিয়াৰ জন্মৰ হাৰ সৰ্বনিম্ন স্তৰলৈ নামি আহিছে, জুন মাহত জীৱিত জন্মৰ সংখ্যা ১০ লাখৰ তললৈ নামি আহিছে। এই তীব্ৰ হ্ৰাসে ৰাছিয়াত জনসংখ্যাৰ গুৰুতৰ হ্ৰাসক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

২০২৪ চনৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত ১৬ হাজাৰ কম শিশুৰ জন্ম হৈছে। জনসংখ্যা ১৮ শতাংশ বৃদ্ধিয়ে এই হ্ৰাস আৰু অধিক ভয়াৱহ কৰি তুলিব আৰু যোৱা বছৰৰ তুলনাত ২০২৪ চনত ৪৯ হাজাৰ লোকৰ মৃত্যু বেছি হ’ব পাৰে, যিয়ে উদ্বেগ বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ