--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাচিন্তাত পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাছিয়াত দ্ৰুতগতিত হ্ৰাস পাইছে জনসংখ্যা। সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত নৱপ্ৰজন্মই অনীহা প্ৰকাশ কৰা বাবেই ৰাছিয়াত এই সমস্যাই দেখা দিছে। 

আজিকালি নৱপ্ৰজন্মই সন্তান জন্ম দিবলৈ আগ্ৰহী নোহোৱাৰ আঁৰত বহুতো কথা আছে।  আজিকালি মানুহৰ জীৱনশৈলী আৰু পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বাবে যথেষ্ট পলমকৈ বিয়াত বহে যুৱতীসকল। বিয়াত বহিলেও লগে লগেই সন্তান জন্ম দিয়াৰ কথা চিন্তা নকৰে।

নৱপ্ৰজন্মৰ আজিকালি কৰ্মক্ষেত্ৰত ষ্ট্ৰেছ বহুত। তাৰপাছত ঘৰলৈ আহি পৰিয়াল পৰিকল্পনাৰ কথা চিন্তা কৰিবলৈ আহৰি নাই।

আজিকালি এখন ঘৰ চলাবলৈ দুয়ো উপাৰ্জন কৰে, গতিকে সন্তান জন্ম হোৱাৰ লগে লগে মহিলাগৰাকীয়ে কাম বাদ দিব লগা হয়, ফলত অৰ্থনৈতিক সমস্যাৰ কথাও আহি পৰে।

শেহতীয়াকৈ জনসংখ্যা বৃদ্ধিৰ বাবে ৰাছিয়া চৰকাৰে যৌন মন্ত্ৰালয় খোলাৰ কথা চিন্তা কৰিছে। প্ৰস্তাৱটোত দম্পতীৰ বাবে বিশেষ অফাৰ দিয়া হৈছে। 

ৰাছিয়াৰ ভ্লাদিমিৰ পুটিন চৰকাৰে জনসংখ্যা বৃদ্ধিৰ বাবে যৌন মন্ত্ৰালয়কে ধৰি কেইবাটাও প্ৰস্তাৱ বিবেচনা কৰি আছে। এই প্ৰস্তাৱসমূহৰ ভিতৰত আছে নিশা ১০ বজাৰ পৰা ২ বজালৈকে লাইট আৰু ইণ্টাৰনেট বন্ধ কৰি দিয়া, মাতৃসকলক ধন দি সন্তান জন্ম দিবলৈ উৎসাহিত কৰা, দম্পতীহালৰ প্ৰথম ডেটৰ সমগ্ৰ খৰচ চৰকাৰে বহন কৰা আৰু আনকি দম্পতীক কাৰ্যালয়ত যৌন সম্পৰ্ক কৰিবলৈও দিয়া হ’ব।

পুটিন চৰকাৰৰ চিন্তা কি?

কিছুদিন পূৰ্বে ৰাছিয়া চৰকাৰে কৈছিল যে দেশখনত প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ প্ৰায় ১.৫, যিটো সুস্থিৰ জনসংখ্যা বজাই ৰাখিবলৈ প্ৰয়োজনীয় ২.১ হাৰৰ তুলনাত বহু কম। ইয়াৰ বাহিৰেও ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াৰ ১০ লাখতকৈ অধিক যুৱকে দেশ এৰি গৈছে।

১৯৯৯ চনৰ পিছত ৰাছিয়াৰ জন্মৰ হাৰ সৰ্বনিম্ন স্তৰলৈ নামি আহিছে, জুন মাহত জীৱিত জন্মৰ সংখ্যা ১০ লাখৰ তললৈ নামি আহিছে। এই তীব্ৰ হ্ৰাসে ৰাছিয়াত জনসংখ্যাৰ গুৰুতৰ হ্ৰাসক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

২০২৪ চনৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত ১৬ হাজাৰ কম শিশুৰ জন্ম হৈছে। জনসংখ্যা ১৮ শতাংশ বৃদ্ধিয়ে এই হ্ৰাস আৰু অধিক ভয়াৱহ কৰি তুলিব আৰু যোৱা বছৰৰ তুলনাত ২০২৪ চনত ৪৯ হাজাৰ লোকৰ মৃত্যু বেছি হ’ব পাৰে, যিয়ে উদ্বেগ বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক