--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে কাজান, ৰাছিয়াত অনুষ্ঠিত হৈ যায় ১৬তম ব্ৰিকছ শীৰ্ষ সন্মিলন৷ সন্মিলনত ব্ৰিকছৰ পূৰ্বৰ সদস্য ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা আৰু নতুনকৈ সংযোজিত সদস্য ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰব আৰু সংযুক্ত আৰব এমিৰেটৰ নেতত্বই বিশ্ব শান্তি, অৰ্থনৈতিকসহযেগিতা আৰু মানৱীয় সংকটৰ দৰে সমাস্যা আদিৰ ওপৰত বিশদ আলোচনা কৰে৷
  
এই ভ্ৰমণ কালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিং সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷ ভাৰত-চীনৰ সম্পৰ্কক বিশ্ব শান্তি তথা স্থিতিশীলতাৰ বাবে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি দুই দেশৰ নেতৃবৃন্দই কয় যে পাৰস্পৰিক বিশ্বাস, সন্মান তথা সংবেদনশীলতাই দ্বিপাক্ষিক সম্পৰ্কত সুস্থিৰতা আনিব। উল্লেখযোগ্য যে ২০২০ চনৰ মে’ মাহত পূব লাডাখ সীমান্ত বিবাদৰ সৃষ্টি হোৱাৰ পাছত দুয়োখন দেশৰ মাজত এইখন আছিল শীৰ্ষ পৰ্যায়ত প্ৰথম খন গাঁথনিগত বৈঠক। এই বৈঠক সন্দৰ্ভত ভৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 'এক্স'ত এইদৰে সদৰি কৰিছে৷  

উল্লেখযোগ্য যে ২০২২ চনৰ নৱেম্বৰ মাহত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে জি-২০ নেতাসকলৰ বাবে আয়োজন কৰা ৰাতিৰ আহাৰত মোডী আৰু শ্বী জিনপিং চমু আলোচনাত মিলিত হৈছিল।বিগত বছৰৰ আগষ্ট মাহতো জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনতো ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰাষ্ট্ৰপতিয়ে এক চমু অনানুষ্ঠানিক আলোচনাত মিলিত হৈছিল৷ এই বিগত চাৰিটা বছৰৰ অচলাৱস্থাৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত এই বৈঠক দুই দেশৰ সম্পৰ্কৰ বৃহৎ অগ্ৰগতি বুলি গণ্য কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক