--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে কাজান, ৰাছিয়াত অনুষ্ঠিত হৈ যায় ১৬তম ব্ৰিকছ শীৰ্ষ সন্মিলন৷ সন্মিলনত ব্ৰিকছৰ পূৰ্বৰ সদস্য ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা আৰু নতুনকৈ সংযোজিত সদস্য ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰব আৰু সংযুক্ত আৰব এমিৰেটৰ নেতত্বই বিশ্ব শান্তি, অৰ্থনৈতিকসহযেগিতা আৰু মানৱীয় সংকটৰ দৰে সমাস্যা আদিৰ ওপৰত বিশদ আলোচনা কৰে৷
  
এই ভ্ৰমণ কালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিং সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷ ভাৰত-চীনৰ সম্পৰ্কক বিশ্ব শান্তি তথা স্থিতিশীলতাৰ বাবে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি দুই দেশৰ নেতৃবৃন্দই কয় যে পাৰস্পৰিক বিশ্বাস, সন্মান তথা সংবেদনশীলতাই দ্বিপাক্ষিক সম্পৰ্কত সুস্থিৰতা আনিব। উল্লেখযোগ্য যে ২০২০ চনৰ মে’ মাহত পূব লাডাখ সীমান্ত বিবাদৰ সৃষ্টি হোৱাৰ পাছত দুয়োখন দেশৰ মাজত এইখন আছিল শীৰ্ষ পৰ্যায়ত প্ৰথম খন গাঁথনিগত বৈঠক। এই বৈঠক সন্দৰ্ভত ভৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 'এক্স'ত এইদৰে সদৰি কৰিছে৷  

উল্লেখযোগ্য যে ২০২২ চনৰ নৱেম্বৰ মাহত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে জি-২০ নেতাসকলৰ বাবে আয়োজন কৰা ৰাতিৰ আহাৰত মোডী আৰু শ্বী জিনপিং চমু আলোচনাত মিলিত হৈছিল।বিগত বছৰৰ আগষ্ট মাহতো জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনতো ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰাষ্ট্ৰপতিয়ে এক চমু অনানুষ্ঠানিক আলোচনাত মিলিত হৈছিল৷ এই বিগত চাৰিটা বছৰৰ অচলাৱস্থাৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত এই বৈঠক দুই দেশৰ সম্পৰ্কৰ বৃহৎ অগ্ৰগতি বুলি গণ্য কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ