--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তুৰস্কৰ ৰাজধানী আংকাৰাৰ এৰোস্পেচ ইণ্ডাষ্ট্ৰীজৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছে এক বৃহৎ বিস্ফোৰণ৷ এই বিস্ফোৰণত কেইবাজনো লোক হতাহত হৈছে বুলি জানিব পৰা গৈছে। এই আক্ৰমণত এতিয়ালৈকে ৩ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে তুৰস্কৰ স্বৰাজ মন্ত্ৰীয়ে ইয়াক “সন্ত্রাসবাদী আক্ৰমণ” বুলি অভিহিত কৰিছে।

যি সমসয়ত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰ্দোৱানে বুধবাৰে ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়াত উপস্থিত হৈছে।তেনে পৰিস্থিতিত হোৱা এই আক্ৰমণ বহু পৰিকল্পনাৰে সংঘটিত কৰা হৈছে বুলি অনুমান কৰিব পাৰি।

উল্লেখযোগ্য যে সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা তুৰস্কৰ প্ৰতিৰক্ষা কোম্পানী ‘TUSAS’ তুৰস্কৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা আৰু বিমান কোম্পানী। এই কোম্পানীটোৱে তুৰস্কৰ প্ৰথমখন থলুৱা যুদ্ধ বিমান ‘KAAN’ নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও এই কোম্পানীয়ে শক্তিশালী ড্ৰ’নকে ধৰি এনে বহুতো কৌশলগত অস্ত্ৰ নিৰ্মাণ কৰিছে যিয়ে তুৰস্কৰ সেনাক শক্তিশালী কৰাৰ লগতে সেনাই দেশৰ বিদ্ৰোহী গোটক নিয়ন্ত্ৰণ কৰাত সফল হৈছে।

২০১৬ চনত তুৰস্কৰ এৰ্দোৱান চৰকাৰে ISIL আৰু PKK আদি সংগঠনসমূহৰ বিৰুদ্ধে কঠোৰতা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিল। এই গোটসমূহৰ দুৰ্বল কৰিবলৈ তুৰ্কী চৰকাৰে কৌশলগত আৰু পৰিকল্পিত অভিযান আৰম্ভ কৰিছিল৷ ISIL আৰু PKK সৈতে জড়িত শতাধিক লোকক চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে PKK ৰ বহু বিশিষ্ট নেতাক ‘TUSAS’ দ্বৰা নিৰ্মিত অস্ত্ৰৰে নিৰাপত্তা বাহিনীয়ে হত্যা কৰা বাবে এই আক্ৰমণ সংঘটিত বোৱা বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক