--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তুৰস্কৰ ৰাজধানী আংকাৰাৰ এৰোস্পেচ ইণ্ডাষ্ট্ৰীজৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছে এক বৃহৎ বিস্ফোৰণ৷ এই বিস্ফোৰণত কেইবাজনো লোক হতাহত হৈছে বুলি জানিব পৰা গৈছে। এই আক্ৰমণত এতিয়ালৈকে ৩ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে তুৰস্কৰ স্বৰাজ মন্ত্ৰীয়ে ইয়াক “সন্ত্রাসবাদী আক্ৰমণ” বুলি অভিহিত কৰিছে।

যি সমসয়ত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰ্দোৱানে বুধবাৰে ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়াত উপস্থিত হৈছে।তেনে পৰিস্থিতিত হোৱা এই আক্ৰমণ বহু পৰিকল্পনাৰে সংঘটিত কৰা হৈছে বুলি অনুমান কৰিব পাৰি।

উল্লেখযোগ্য যে সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা তুৰস্কৰ প্ৰতিৰক্ষা কোম্পানী ‘TUSAS’ তুৰস্কৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা আৰু বিমান কোম্পানী। এই কোম্পানীটোৱে তুৰস্কৰ প্ৰথমখন থলুৱা যুদ্ধ বিমান ‘KAAN’ নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও এই কোম্পানীয়ে শক্তিশালী ড্ৰ’নকে ধৰি এনে বহুতো কৌশলগত অস্ত্ৰ নিৰ্মাণ কৰিছে যিয়ে তুৰস্কৰ সেনাক শক্তিশালী কৰাৰ লগতে সেনাই দেশৰ বিদ্ৰোহী গোটক নিয়ন্ত্ৰণ কৰাত সফল হৈছে।

২০১৬ চনত তুৰস্কৰ এৰ্দোৱান চৰকাৰে ISIL আৰু PKK আদি সংগঠনসমূহৰ বিৰুদ্ধে কঠোৰতা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিল। এই গোটসমূহৰ দুৰ্বল কৰিবলৈ তুৰ্কী চৰকাৰে কৌশলগত আৰু পৰিকল্পিত অভিযান আৰম্ভ কৰিছিল৷ ISIL আৰু PKK সৈতে জড়িত শতাধিক লোকক চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে PKK ৰ বহু বিশিষ্ট নেতাক ‘TUSAS’ দ্বৰা নিৰ্মিত অস্ত্ৰৰে নিৰাপত্তা বাহিনীয়ে হত্যা কৰা বাবে এই আক্ৰমণ সংঘটিত বোৱা বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ