--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ জম্মু-কাশ্মীৰ, মণিপুৰৰ দৰে অঞ্চললৈ নাযাবলৈ আমেৰিকাই নাগৰিকসকলৰ বাবে ভ্ৰমণ উপদেশ জাৰি কৰিছে। এই পৰামৰ্শত কোৱা হৈছে যে ভাৰত ভ্ৰমণৰ সময়ত নক্সালবাদী সক্ৰিয় হৈ থকা অঞ্চলবোৰলৈ যোৱা এৰক আৰু লগতে সন্ত্ৰাসবাদৰ সংকটৰ সন্মুখীন হোৱা অঞ্চলবোৰলৈ নাযাব।

বুধবাৰে আমেৰিকাই নিজৰ নাগৰিকসকলৰ বাবে ভাৰত সন্দৰ্ভত ট্ৰেভেল এডভাইজাৰী সংশোধন কৰে। ইয়াৰ মাজতে আমেৰিকাৰ নাগৰিকসকলক মণিপুৰ, জম্মু-কাশ্মীৰ, ভাৰত-পাকিস্তান সীমান্ত অঞ্চল আৰু দেশৰ মধ্য আৰু পূব অংশলৈ নাযাবলৈ কোৱা হৈছে, য’ত নক্সালবাদী সক্ৰিয় হৈ আছে।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতৰ কিছু অংশত অপৰাধ আৰু সন্ত্ৰাসবাদৰ আশংকা থকাৰ বাবে নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে। ইয়াৰ উপৰিও ইয়াত আমেৰিকানসকলক সন্ত্ৰাসবাদ আৰু হিংসাৰ বাবে উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ যাত্ৰা কৰাৰ কথা পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কোনো সতৰ্কবাণী অবিহনে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব পাৰে।’পৰ্যটনস্থলী, পৰিবহণ কেন্দ্ৰ, বজাৰ, শ্বপিং মল আৰু চৰকাৰী কাৰ্যালয়ক লক্ষ্য কৰি ল’ব পাৰে।

ইয়াত কোৱা হৈছে যে, ভাৰতীয় গ্ৰাম্য অঞ্চলত থকা নাগৰিকসকলক জৰুৰীকালীন সেৱা প্ৰদানৰ ক্ষেত্ৰত আমেৰিকা চৰকাৰৰ ক্ষমতা সীমিত। এই অঞ্চলসমূহ পূব মহাৰাষ্ট্ৰ আৰু উত্তৰ তেলেংগানাৰ পৰা পশ্চিমবংগলৈকে বিস্তৃত হৈ আছে। এই অঞ্চলসমূহলৈ যাবলৈ আমেৰিকা চৰকাৰৰ কৰ্মচাৰীসকলে বিশেষ অনুমোদন লাভ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ