--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ জম্মু-কাশ্মীৰ, মণিপুৰৰ দৰে অঞ্চললৈ নাযাবলৈ আমেৰিকাই নাগৰিকসকলৰ বাবে ভ্ৰমণ উপদেশ জাৰি কৰিছে। এই পৰামৰ্শত কোৱা হৈছে যে ভাৰত ভ্ৰমণৰ সময়ত নক্সালবাদী সক্ৰিয় হৈ থকা অঞ্চলবোৰলৈ যোৱা এৰক আৰু লগতে সন্ত্ৰাসবাদৰ সংকটৰ সন্মুখীন হোৱা অঞ্চলবোৰলৈ নাযাব।

বুধবাৰে আমেৰিকাই নিজৰ নাগৰিকসকলৰ বাবে ভাৰত সন্দৰ্ভত ট্ৰেভেল এডভাইজাৰী সংশোধন কৰে। ইয়াৰ মাজতে আমেৰিকাৰ নাগৰিকসকলক মণিপুৰ, জম্মু-কাশ্মীৰ, ভাৰত-পাকিস্তান সীমান্ত অঞ্চল আৰু দেশৰ মধ্য আৰু পূব অংশলৈ নাযাবলৈ কোৱা হৈছে, য’ত নক্সালবাদী সক্ৰিয় হৈ আছে।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতৰ কিছু অংশত অপৰাধ আৰু সন্ত্ৰাসবাদৰ আশংকা থকাৰ বাবে নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে। ইয়াৰ উপৰিও ইয়াত আমেৰিকানসকলক সন্ত্ৰাসবাদ আৰু হিংসাৰ বাবে উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ যাত্ৰা কৰাৰ কথা পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কোনো সতৰ্কবাণী অবিহনে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব পাৰে।’পৰ্যটনস্থলী, পৰিবহণ কেন্দ্ৰ, বজাৰ, শ্বপিং মল আৰু চৰকাৰী কাৰ্যালয়ক লক্ষ্য কৰি ল’ব পাৰে।

ইয়াত কোৱা হৈছে যে, ভাৰতীয় গ্ৰাম্য অঞ্চলত থকা নাগৰিকসকলক জৰুৰীকালীন সেৱা প্ৰদানৰ ক্ষেত্ৰত আমেৰিকা চৰকাৰৰ ক্ষমতা সীমিত। এই অঞ্চলসমূহ পূব মহাৰাষ্ট্ৰ আৰু উত্তৰ তেলেংগানাৰ পৰা পশ্চিমবংগলৈকে বিস্তৃত হৈ আছে। এই অঞ্চলসমূহলৈ যাবলৈ আমেৰিকা চৰকাৰৰ কৰ্মচাৰীসকলে বিশেষ অনুমোদন লাভ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক