--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেম’ক্ৰেটিক পাৰ্টিয়ে এতিয়াও আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা কৰা নাই। কিন্তু জনপ্ৰিয়তাৰ ক্ষেত্ৰত কমলা হেৰিছে ইতিমধ্যে ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক অতিক্ৰম কৰিছে!

যোৱা সোমবাৰ আৰু মঙলবাৰে ৰয়টাৰ-ইপছছে কৰা সমীক্ষা অনুসৰি আমেৰিকাৰ ৪৪ শতাংশ ভোটাৰে ৰাষ্ট্ৰপতি পদৰ বাবে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলাক পছন্দ কৰে। আনহাতে, ৪২ শতাংশ ভোটাৰে ট্ৰাম্পৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। ভাৰতীয় মূলৰ ডেম’ক্ৰেট নেত্ৰী কমলা আমেৰিকাৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি। ৫ নৱেম্বৰত নিৰ্বাচনত জয়ী হ’লে প্ৰথমগৰাকী মহিলা সভানেত্ৰী হোৱাৰ নজিৰ গঢ়ি তুলিব৷

হোয়াইট হাউছৰ দৌৰৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰাৰ পিছত বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনৰ উত্তৰাধিকাৰী হিচাপে ডেম’ক্ৰেটিক পাৰ্টিৰ ভিতৰত কমলা আছে যদিও ডেম’ক্ৰেটসকলে এতিয়াও আনুষ্ঠানিকভাৱে তেওঁৰ নাম ‘ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী’ হিচাপে ঘোষণা কৰা নাই। এতিয়াও দুসপ্তাহমান বাকী আছে সেইটোলৈ অপেক্ষা কৰিবলৈ। ৭ আগষ্টত পাৰ্টি অধিৱেশনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আৰু তেওঁৰ ৰানিং মেট (উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী)ৰ মনোনয়ন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক