--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে নতুনকৈ আন এখন বিলাসী বিমান ক্ৰয় কৰিলে । যিটো এই মুহূৰ্তত দেশৰ অন্য ব্যক্তিৰ নাই। আম্বানীয়ে প্ৰায় ১০০০ কোটি টকাত ক্ৰয় কৰিছে দেশৰ প্ৰথমখন বয়িং ৭৩৭ মেক্স ৯ বিমান। এই বিমানখন বিশ্বৰ আটাইতকৈ দামী বিমানৰ ভিতৰত গণ্য কৰা হয়। শেহতীয়াকৈ আনন্দ উল্লাহেৰে পতা তেওঁৰ সৰু পুত্ৰৰ বিবাহ অনুষ্ঠানে সমগ্ৰ বিশ্বৰে চকু কপালত তুলিছিল । অতি ব্যয়বহুল বিবাহ অনুষ্ঠান সমাপ্ত হোৱাৰ পাচত শেহতীয়াকৈ তেওঁ ব্যক্তিগত জেট বিমান কিনি আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে

বিশেষজ্ঞ সকলৰ মতে মুকেশ আম্বানীৰ এই বয়িং বিমানখন আল্ট্ৰা লং ৰেঞ্জ উৰিব । ভাৰতীয় এজনে এতিয়ালৈকে ক্ৰয় কৰা এইখন আটাইতকৈ দামী জাহাজ। ইয়াৰ উপৰিও ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বহৰত আৰু ৯খন ব্যক্তিগত জেট আছে। ভাৰতলৈ অনাৰ আগতে চুইজাৰলেণ্ডৰ এই ব্যৱসায়িক জেট বিমানখনৰ কেবিন আৰু ভিতৰৰ অংশত বহু ধৰণৰ পৰিৱৰ্তন কৰা হৈছে। এই বিমানখনে ২০২৩ চনৰ ১৩ এপ্ৰিলত ছুইজাৰলেণ্ডৰ বেচেল মালহাউছ ফ্ৰাইবৰ্গ বিমানবন্দৰ (বিএছএল বিমানবন্দৰ)ত উপস্থিত হয়।

এই বিমানখন ২০২৪ চনৰ ২৮ আগষ্টত বেচেলৰ পৰা দিল্লীলৈ অনা হৈছিল। ৯ ঘণ্টাত বিমানখনে ৬,২৩৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। বৰ্তমান মুকেশ আম্বানীৰ এই বিমানখন দিল্লী বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ ওচৰতে ৰখাই থোৱা আছে। শীঘ্ৰে ইয়াক মুম্বাইলৈ লৈ যোৱা হ’ব। এই বিমানখনে ৬,৩৫৫ নটিকেল মাইল দূৰত্ব অতিক্ৰম কৰিব পাৰে। বয়িঙে নিজৰ মূল্য ১১.৮৫ কোটি ডলাৰ (প্ৰায় ৯৮০ কোটি টকা) ৰাখিছে। ইয়াৰ ভিতৰত সংশোধনৰ খৰচ অন্তৰ্ভুক্ত নহয়। সংবাদ মাধ্যমৰ মতে মুকেশ আম্বানীয়ে এই বিমানখনৰ বাবে ১০০০ কোটিৰো অধিক ধন ব্যয় কৰিছে।

ইয়াৰ লগতে  ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ১০খন ব্যক্তিগত জেট বিমান আছে। ইয়াৰে এখন হৈছে এয়াৰবাছ এ৩১৯ এচিজে। এইখন ১৮ বছৰে সেৱাত আছে। ইয়াৰ উপৰিও ২খন বম্বাৰ্ডিয়াৰ গ্ল’বেল ৫০০০ জেট বিমানো আছে। লগতে বম্বাৰ্ডিয়াৰ গ্ল’বেল ৫০০০ জেট (বম্বাৰ্ডিয়াৰ গ্ল’বেল ৬০০০), ডাছ’ল্ট ফেলকন ৯০০, এম্ব্ৰায়াৰ ই আৰ জে-১৩৫, ডাউফিন হেলিকপ্টাৰ আৰু ছিকোৰস্কি এছ ৭৬ বিলাসী হেলিকপ্টাৰো আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement