--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে নতুনকৈ আন এখন বিলাসী বিমান ক্ৰয় কৰিলে । যিটো এই মুহূৰ্তত দেশৰ অন্য ব্যক্তিৰ নাই। আম্বানীয়ে প্ৰায় ১০০০ কোটি টকাত ক্ৰয় কৰিছে দেশৰ প্ৰথমখন বয়িং ৭৩৭ মেক্স ৯ বিমান। এই বিমানখন বিশ্বৰ আটাইতকৈ দামী বিমানৰ ভিতৰত গণ্য কৰা হয়। শেহতীয়াকৈ আনন্দ উল্লাহেৰে পতা তেওঁৰ সৰু পুত্ৰৰ বিবাহ অনুষ্ঠানে সমগ্ৰ বিশ্বৰে চকু কপালত তুলিছিল । অতি ব্যয়বহুল বিবাহ অনুষ্ঠান সমাপ্ত হোৱাৰ পাচত শেহতীয়াকৈ তেওঁ ব্যক্তিগত জেট বিমান কিনি আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

বিশেষজ্ঞ সকলৰ মতে মুকেশ আম্বানীৰ এই বয়িং বিমানখন আল্ট্ৰা লং ৰেঞ্জ উৰিব । ভাৰতীয় এজনে এতিয়ালৈকে ক্ৰয় কৰা এইখন আটাইতকৈ দামী জাহাজ। ইয়াৰ উপৰিও ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বহৰত আৰু ৯খন ব্যক্তিগত জেট আছে। ভাৰতলৈ অনাৰ আগতে চুইজাৰলেণ্ডৰ এই ব্যৱসায়িক জেট বিমানখনৰ কেবিন আৰু ভিতৰৰ অংশত বহু ধৰণৰ পৰিৱৰ্তন কৰা হৈছে। এই বিমানখনে ২০২৩ চনৰ ১৩ এপ্ৰিলত ছুইজাৰলেণ্ডৰ বেচেল মালহাউছ ফ্ৰাইবৰ্গ বিমানবন্দৰ (বিএছএল বিমানবন্দৰ)ত উপস্থিত হয়।

এই বিমানখন ২০২৪ চনৰ ২৮ আগষ্টত বেচেলৰ পৰা দিল্লীলৈ অনা হৈছিল। ৯ ঘণ্টাত বিমানখনে ৬,২৩৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। বৰ্তমান মুকেশ আম্বানীৰ এই বিমানখন দিল্লী বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ ওচৰতে ৰখাই থোৱা আছে। শীঘ্ৰে ইয়াক মুম্বাইলৈ লৈ যোৱা হ’ব। এই বিমানখনে ৬,৩৫৫ নটিকেল মাইল দূৰত্ব অতিক্ৰম কৰিব পাৰে। বয়িঙে নিজৰ মূল্য ১১.৮৫ কোটি ডলাৰ (প্ৰায় ৯৮০ কোটি টকা) ৰাখিছে। ইয়াৰ ভিতৰত সংশোধনৰ খৰচ অন্তৰ্ভুক্ত নহয়। সংবাদ মাধ্যমৰ মতে মুকেশ আম্বানীয়ে এই বিমানখনৰ বাবে ১০০০ কোটিৰো অধিক ধন ব্যয় কৰিছে।

ইয়াৰ লগতে  ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ১০খন ব্যক্তিগত জেট বিমান আছে। ইয়াৰে এখন হৈছে এয়াৰবাছ এ৩১৯ এচিজে। এইখন ১৮ বছৰে সেৱাত আছে। ইয়াৰ উপৰিও ২খন বম্বাৰ্ডিয়াৰ গ্ল’বেল ৫০০০ জেট বিমানো আছে। লগতে বম্বাৰ্ডিয়াৰ গ্ল’বেল ৫০০০ জেট (বম্বাৰ্ডিয়াৰ গ্ল’বেল ৬০০০), ডাছ’ল্ট ফেলকন ৯০০, এম্ব্ৰায়াৰ ই আৰ জে-১৩৫, ডাউফিন হেলিকপ্টাৰ আৰু ছিকোৰস্কি এছ ৭৬ বিলাসী হেলিকপ্টাৰো আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু