--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিদেশী বিলাসী গাড়ী কোম্পানীৰ ভিতৰত অন্যতম কোম্পানী হৈছে মাৰ্চিডিজ-বেঞ্জ। মাৰ্চিডিজ গাড়ী এখন চলোৱাটো বহুতৰ এক ডাঙৰ সপোন। বহুতেই সেই সপোনক সাকাৰ ৰূপো দিছে। 


ভাৰতীয় পথত ইতিমধ্যে ২ লাখ মাৰ্চিডিজ-বেঞ্জ গাড়ী চলিছে। অৰ্থাৎ এতিয়ালৈকে ২ লাখ গ্ৰাহকে ক্ৰয় কৰিছে সপোনৰ বিলাসী গাড়ীখন।


যোৱা ৩১ বছৰ ধৰি মাৰ্চিডিজ বেঞ্জে ভাৰতীয় অটোমোবাইল উদ্যোগত অনন্য মাত্ৰা প্ৰদান কৰি আছে। এই ২ লাখ বিক্ৰীৰ মাইলৰ খুঁটিটোৱে মাৰ্চিডিজ-বেঞ্জৰ প্ৰতি সমগ্ৰ দেশৰ গ্ৰাহকৰ আস্থা আৰু ভৰসাকে প্ৰতিফলিত কৰি তুলিলে।


এই সাফল্যৰ আঁৰত মাৰ্চিডিজ-বেঞ্জ অসম মটৰ্ছৰো আছে অৰিহণা।   উত্তৰ-পূব ভাৰতত এই আইকনিক ব্ৰেণ্ডৰ ফ্ৰেঞ্চাইজি খুলি অটোমোবাইল উদ্যোগটো আগবাঢ়ি যোৱাত অৱদান আগবঢ়াইছে  অসম মটৰ্ছৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে।


ভাৰতত মাৰ্চিডিজ-বেঞ্জৰ কৃতিত্বত উৎফুল্লিত হৈ পৰিছে ড° সঞ্জীৱ নাৰায়ণ। তেওঁ কয় যে "এনে সাফল্যই আমাক আৰু কাম কৰি যাবলৈ প্ৰেৰণা যোগায় আৰু আমাৰ মূল্যৱান গ্ৰাহকৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰে।"


মাৰ্চিডিজ-বেঞ্জৰ ফ্ৰেঞ্চাইজি অসম মটৰ্ছে কেক কাটি এই সুখৰ মুহূৰ্ত উদযাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ