--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিদেশী বিলাসী গাড়ী কোম্পানীৰ ভিতৰত অন্যতম কোম্পানী হৈছে মাৰ্চিডিজ-বেঞ্জ। মাৰ্চিডিজ গাড়ী এখন চলোৱাটো বহুতৰ এক ডাঙৰ সপোন। বহুতেই সেই সপোনক সাকাৰ ৰূপো দিছে। 


ভাৰতীয় পথত ইতিমধ্যে ২ লাখ মাৰ্চিডিজ-বেঞ্জ গাড়ী চলিছে। অৰ্থাৎ এতিয়ালৈকে ২ লাখ গ্ৰাহকে ক্ৰয় কৰিছে সপোনৰ বিলাসী গাড়ীখন।


যোৱা ৩১ বছৰ ধৰি মাৰ্চিডিজ বেঞ্জে ভাৰতীয় অটোমোবাইল উদ্যোগত অনন্য মাত্ৰা প্ৰদান কৰি আছে। এই ২ লাখ বিক্ৰীৰ মাইলৰ খুঁটিটোৱে মাৰ্চিডিজ-বেঞ্জৰ প্ৰতি সমগ্ৰ দেশৰ গ্ৰাহকৰ আস্থা আৰু ভৰসাকে প্ৰতিফলিত কৰি তুলিলে।


এই সাফল্যৰ আঁৰত মাৰ্চিডিজ-বেঞ্জ অসম মটৰ্ছৰো আছে অৰিহণা।   উত্তৰ-পূব ভাৰতত এই আইকনিক ব্ৰেণ্ডৰ ফ্ৰেঞ্চাইজি খুলি অটোমোবাইল উদ্যোগটো আগবাঢ়ি যোৱাত অৱদান আগবঢ়াইছে  অসম মটৰ্ছৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে।


ভাৰতত মাৰ্চিডিজ-বেঞ্জৰ কৃতিত্বত উৎফুল্লিত হৈ পৰিছে ড° সঞ্জীৱ নাৰায়ণ। তেওঁ কয় যে "এনে সাফল্যই আমাক আৰু কাম কৰি যাবলৈ প্ৰেৰণা যোগায় আৰু আমাৰ মূল্যৱান গ্ৰাহকৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰে।"


মাৰ্চিডিজ-বেঞ্জৰ ফ্ৰেঞ্চাইজি অসম মটৰ্ছে কেক কাটি এই সুখৰ মুহূৰ্ত উদযাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু