--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতীন প্ৰসাদৰ। শনিবাৰে মন্ত্ৰীগৰাকীৰ  কনভয়ত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ পিলিভিটত  এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে  কনভয়ত থকা মন্ত্ৰীগৰাকীৰ গাড়ী আৰু অন্যান্য বাহনবোৰ  এক দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোৰ ভয়াৱহতা ইমানেই বেছ  আছিল যে মন্ত্ৰীগৰাকীৰ গাড়ীৰ সন্মুখ আৰু পিছফালটো কাৰ্যতঃ ভাঙি চেপেটা হৈ পৰে। অৱশ্যে  এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ   পোৱা হোৱা নাই। 

জানিব পৰা মতে শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী জিতীন প্ৰসাদে তেওঁৰ সংসদীয় সমষ্টিৰ পিলিভিটলৈ গৈছিল।  মাঝৌলাৰ পৰা বাহেৰবা গাঁৱলৈ ৰাওনা হৈছিল মন্ত্ৰীৰ কনভয়। তীব্ৰ বেগত গৈ থকা অৱস্থাতে  কনভয়ৰ সন্মুখৰ বাহনৰ  ইমাৰ্জেন্সি ব্ৰেক হঠাতে কিবা কাৰণত হেঁচা লাগি লাগি ধৰে। ফলত সেই বাহনৰ  পিছফালৰ গাড়ীবোৰে ইখনৰ পিছত সিখনলৈ বাহনে খুন্দা মাৰে।

 কনভয়ৰ মাজত আছিল  জিতীন প্ৰসাদৰ  গাড়ীখন। তেওঁৰ  গাড়ীখনেও সন্মুখৰ গাড়ীখনত খুন্দা মাৰে আৰু পিছিনৰ পৰাও আন এখন গাড়ীয়ে প্ৰাদৰ  গাড়ী খনত খুন্দা মাৰে। এই দুৰ্ঘটনাতমন্ত্ৰীগৰাকীৰ  গাড়ীখনৰ যথেষ্ট ক্ষতিসাধন হয়। দুৰ্ঘটমা সংঘটিত  হোৱাৰ পিছতে  মন্ত্ৰী প্ৰসাদকে  ধৰি আন লোকসকলক  আন এখন গাড়ীত তুলি সেই স্থানৰ পৰা আঁতৰাই নিয়া হয়।  জানিব পৰা মতে সেই কনভয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত বিজেপিৰ জিলা সভাপতি সঞ্জীৱ প্ৰতাপ সিং, এম এল চি সুধীৰ গুপ্তা আৰু বাৰাখেৰাৰ বিধায়ক প্ৰবক্তানন্দও  আছিল। এ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কনভয়ৰ সন্মুখৰ বাহনখনে কিয় হঠাতে ব্ৰেক মাৰিলে সেয়া জানিবলৈ চেষ্টা অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন