--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতীন প্ৰসাদৰ। শনিবাৰে মন্ত্ৰীগৰাকীৰ  কনভয়ত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ পিলিভিটত  এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে  কনভয়ত থকা মন্ত্ৰীগৰাকীৰ গাড়ী আৰু অন্যান্য বাহনবোৰ  এক দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোৰ ভয়াৱহতা ইমানেই বেছ  আছিল যে মন্ত্ৰীগৰাকীৰ গাড়ীৰ সন্মুখ আৰু পিছফালটো কাৰ্যতঃ ভাঙি চেপেটা হৈ পৰে। অৱশ্যে  এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ   পোৱা হোৱা নাই। 

জানিব পৰা মতে শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী জিতীন প্ৰসাদে তেওঁৰ সংসদীয় সমষ্টিৰ পিলিভিটলৈ গৈছিল।  মাঝৌলাৰ পৰা বাহেৰবা গাঁৱলৈ ৰাওনা হৈছিল মন্ত্ৰীৰ কনভয়। তীব্ৰ বেগত গৈ থকা অৱস্থাতে  কনভয়ৰ সন্মুখৰ বাহনৰ  ইমাৰ্জেন্সি ব্ৰেক হঠাতে কিবা কাৰণত হেঁচা লাগি লাগি ধৰে। ফলত সেই বাহনৰ  পিছফালৰ গাড়ীবোৰে ইখনৰ পিছত সিখনলৈ বাহনে খুন্দা মাৰে।

 কনভয়ৰ মাজত আছিল  জিতীন প্ৰসাদৰ  গাড়ীখন। তেওঁৰ  গাড়ীখনেও সন্মুখৰ গাড়ীখনত খুন্দা মাৰে আৰু পিছিনৰ পৰাও আন এখন গাড়ীয়ে প্ৰাদৰ  গাড়ী খনত খুন্দা মাৰে। এই দুৰ্ঘটনাতমন্ত্ৰীগৰাকীৰ  গাড়ীখনৰ যথেষ্ট ক্ষতিসাধন হয়। দুৰ্ঘটমা সংঘটিত  হোৱাৰ পিছতে  মন্ত্ৰী প্ৰসাদকে  ধৰি আন লোকসকলক  আন এখন গাড়ীত তুলি সেই স্থানৰ পৰা আঁতৰাই নিয়া হয়।  জানিব পৰা মতে সেই কনভয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত বিজেপিৰ জিলা সভাপতি সঞ্জীৱ প্ৰতাপ সিং, এম এল চি সুধীৰ গুপ্তা আৰু বাৰাখেৰাৰ বিধায়ক প্ৰবক্তানন্দও  আছিল। এ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কনভয়ৰ সন্মুখৰ বাহনখনে কিয় হঠাতে ব্ৰেক মাৰিলে সেয়া জানিবলৈ চেষ্টা অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement