--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্বৰ কোটি কোটি ফুটবলপ্রেমীৰ মাজত এটাই প্রশ্ন- এইবাৰ বিশ্বকাপ কোনে জয় কৰিব? কৃত্রিম বুদ্ধিমত্তাই ইয়াৰ এক উত্তৰ দিবলৈ বিচাৰিছে যদিও এইক্ষেত্রত সকলো চাট বট এপ্লিকেশ্যনে এক মত প্রকাশ কৰা নাই।

ডিজিটেল ডেস্ক : ফুটবলৰ মহাৰণ অন্তিম পৰ্যায়ত উপনীত হৈছে। বিশ্ব ফুটবলৰ অহা চাৰি বছৰৰ বাবে চেম্পিয়নৰ মুকুটে কাৰ শিৰত শোভা কৰে সেইটো নির্ধাৰণ হ'ব দেওবাৰে নিউ জাৰ্ছীৰ মেটলাই ষ্টেডিয়ামত। স্পেইনে ফ্রান্সক ২-০ গ'লত পৰাজিত কৰি আৰু আর্জেন্টিনাই ইংলেণ্ডক ২-১ গ'লত পৰাজিত কৰি ফাইনেলত উপনীত হৈছে।


দুয়োটা দলৰ মাজৰ ১৯ জুলাইৰ ফাইনেলখনৰ প্ৰতি এতিয়া সমগ্র বিশ্বই আগ্ৰহেৰে বাট চাই আছে। কিন্তু এতিয়া সমগ্ৰ বিশ্বৰ কোটি কোটি ফুটবলপ্রেমীৰ মাজত এটাই প্রশ্ন- এইবাৰ বিশ্বকাপ কোনে জয় কৰিব? কৃত্রিম বুদ্ধিমত্তাই ইয়াৰ এক উত্তৰ দিবলৈ বিচাৰিছে যদিও এইক্ষেত্রত সকলো চাট বট এপ্লিকেশ্যনে এক মত প্রকাশ কৰা নাই। 


অৱশ্যে অধিকাংশৰে মতে, স্পেইনেই এইবাৰ বিশ্বকাপ জয় কৰিব। চাট জি পি টিৰ মতে, এইবাৰ স্পেইনে বিশ্বকাপ জয় কৰিব। সমগ্র প্রতিযোগিতাখনত স্পেইনৰ প্ৰদৰ্শনক ভিত্তি কৰি চাট জি পি টিয়ে এই মত প্রকাশ কৰে। চাট জি পি টিৰ মতে, স্পেইনে কোনো এজন বিশেষ খেলুৱৈক ভৰসা কৰি জয়ী হৈ ফাইনেলত উপনীত হোৱা নাই। দলটোৰ শক্তিশালী ডিফেন্স, গ'লৰ কৌশল ৰচনা কৰাত দক্ষ মিড ফিল্ডাৰ আৰু গ'ল দিয়াৰ দক্ষতাৰে পৰিপক্ক আক্ৰমণ বিভাগে ঐক্যবদ্ধভাৱে খেলি বিশ্বকাপত প্রতিপক্ষৰ বাবে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। দলটোৰ খেলুৱৈসকলে ঐক্যবদ্ধভাৱে খেলি কোৱাৰ্টাৰ ফাইনেলত বেলজিয়াম আৰু ছেমি ফাইনেলত ফ্ৰান্সৰ দৰে শক্তিশালী দলক পৰাজিত কৰিবলৈ সক্ষম হৈছে। শীর্ষ পর্যায়ৰ দলৰ বিৰুদ্ধে স্পেইনক কেতিয়াও বিচলিত হোৱা দেখা পোৱা নাই এইবাৰৰ বিশ্বকাপত। স্পেইনৰ প্ৰতিকূল পৰিৱেশক নিজৰ পক্ষলৈ ঘূৰাই অনাৰ দক্ষতা, কৌশল লোৱাৰ ক্ষেত্ৰত পৰিপক্কতা, মেচৰ গতি নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাই স্পেইন দলটোক প্রতিযোগিতাত সকলো দিশতে আটাইতকৈ পৰিপূৰ্ণ দলৰূপে পৰিগণিত হৈছে। 


চাট জি পি টিয়ে স্পেইনৰ সপক্ষে মত পোষণ কৰিলেও অৱশ্যে লগতে এই কথাও উনুকিয়াই যে বিশ্বকাপত শেষ হাঁহি কোনে মাৰিব সেই ভৱিষ্যদ্বাণী কৰাতো অত্যন্ত কঠিন। ছেমি ফাইনেলত ইংলেণ্ডক পৰাজিত কৰাৰ পাছত আর্জেন্টিনাৰ অভিজ্ঞতা তথা দলটোৰ পুনৰ চেম্পিয়ন হোৱাৰ অদম্য হাবিয়াসে ফাইনেলখন ৰোমাঞ্চ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। তাৰ পাছতে এইবাৰ স্পেইনেই বিশ্বকাপৰ প্রবল দাবীদাৰ বুলি চাট জি পি টিয়ে মত প্রকাশ কৰে। স্পেইনৰ ফ্লৰেন্সিয়া টেন জুন এ আয়েও স্পেইনকে সমর্থন কৰিছে। ফ্লৰেন্সিয়া টেন জুন এ আইৰ বিশ্লেষণ অনুসৰি স্পেইনৰ সংগঠিত আৰু প্ৰতিৰক্ষাত্মক অনুশাসনৰ বিষয়ে এই কথাৰ পৰা উমান পাব পাৰি- নকআউট পৰ্যায়ত দলটোৱে মাত্র এটাহে গ'ল খাইছে। ফাইনেলৰ পথত দলটোৱে অস্ট্রিয়া, পর্তুগাল, বেলজিয়াম আৰু ফ্ৰান্সৰ দৰে শক্তিশালী দলক প্রতিযোগিতাৰ পৰা প্ৰস্থানৰ পথ দেখুৱায়। ইয়াৰ লগতে স্পেইনৰ আক্রমণ বিভাগৰ শক্তিও যথেষ্ট প্রভাৱশালী। নিকেল ওয়ার্জাবল সুন্দৰ ফৰ্মত আছে। তেওঁ স্পেইনৰ হৈ ২০খন মেচত ১৮টা গ'ল দিয়ে। 


ইয়াৰ লগতে লামিন য়ামলে দলটোৰ শক্তি অধিক বৃদ্ধি কৰিছে। তেওঁৰ গতি আৰু কৌশল প্রতিপক্ষত শ'লঠেকত পেলোৱাৰ বাবে যথেষ্ট। তেওঁ প্রতিপক্ষৰ ৰক্ষণ বিভাগত খেলিমেলিৰ সৃষ্টি কৰি সতীৰ্থৰ বাবে সুযোগৰ সৃষ্টি কৰে। ফ্লৰেন্সিয়া টেন জুনে এইবাৰৰ প্রতিযোগিতাত স্পেইনক সর্বশ্রেষ্ঠ বুলি কয়। এই কথা ঠিক যে এই আই চাট বটত বিশ্বকাপৰ চেম্পিয়ন কোন হ'ব তাক লৈ যথেষ্ট মত পার্থক্য আছে। আন কথাত সকলোৱে স্পেইনক চেম্পিয়ন বুলি মানি লোৱা নাই। ক্লাউডৰ মতে, আর্জেন্টিনাই খিতাপ পুনৰ নিজৰ হাততে ৰাখিব। ক্লাউডে ইয়াৰ সপক্ষে তিনিটা যুক্তি আগবঢ়াইছে। প্রথম কথা হ'ল আর্জেন্টিনাই চাপ অতিক্ৰম কৰিব জানে। দলটোৱে সেইটো আগতেও প্ৰদৰ্শন কৰিছে। দলটোৰ চেম্পিয়ন হোৱাৰ মানসিকতাই বহু কথাই প্রকাশ কৰিছে। দ্বিতীয়তে, আর্জেন্টিনাৰ প্ৰদান শক্তি হ'ল অধিনায়ক লিয়'নেল মেছি। ৩৯ বছৰ বয়সতো মেছি প্রতিপক্ষৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। মেছিয়ে যিকোনো সময়তে খেলৰ গতি সলনি কৰি দিব পাৰে। 


আনকি দলৰ পৰাজয় প্রায় নিশ্চিত হৈ পৰাৰ সময়তো মেছিয়ে খেলৰ ফল নিজৰ পক্ষলৈ ঘূৰাই আনিব পাৰে। কেৱল সিমানেই নহয় মেছিয়ে দলৰ আন খেলুৱৈৰ বাবেও সুযোগৰ সৃষ্টি কৰে। তৃতীয়তে দলটোৰ খেলত গভীৰতা আছে। যিটো সকলো দলৰ ক্ষেত্ৰত দেখা পোৱা নাযায়। জুলিয়ান আলভাৰেজে সুন্দৰ প্ৰদৰ্শন কৰিছে, কিন্তু দলটো কোনো এজন বিশেষ খেলুৱৈৰ খেলৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ প্ৰয়োজন নাই। ইফালে ডীপচিকস গ্রক এ আই, লেচেট আৰু কোৱেনে স্পেইনে বিশ্বকাপ জয় কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ বিপৰীতে কোপায়লত আৰু মেটা এ আয়ে মেছি আৰু তেওঁৰ দল 'লা এল্বিচেলেষ্ট'ৰ পক্ষে মত পোষণ কৰে। অৱশ্যে এইবাৰ বিশ্বকাপ কোনে ঘৰলৈ নিব সেইটো নিশ্চিত হ'ব দেওবাৰৰ শেষ নিশা ফাইনেলৰ শেষ হুছেইল বজাৰ লগে লগে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ