--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাকতালীয় হ’লেও, দুই প্ৰজন্মৰ দুই মহাতাৰকাৰ মাজত ১৯ নম্বৰৰ এই সাংখ্যিক মিলনে এতিয়া সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীক আচৰিত কৰি তুলিছে।

ডিজিটেল ডেস্ক: লিঅ'নেল মেছি আৰু লামিন য়ামাল— ফুটবল বিশ্বৰ দুই ভিন্ন প্ৰজন্মৰ যাদুকৰ। বৰ্তমান ফুটবল প্ৰেমীৰ মাজত আটাইতকৈ চৰ্চা হৈছে এটা সংখ্যাক লৈ। সেই সংখ্যাটোৰ সৈতে দুয়োগৰাকী ফুটবল তাৰকাৰ আছে আচৰিত সংযোগ। সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা সেই বিশেষ সংখ্যাটো হৈছে— ‘১৯’।


প্ৰকৃতিৰ কি অপূৰ্ব খেল! ফুটবলৰ ঈশ্বৰ হিচাপে পৰিগণিত লিঅ’নেল মেছি আৰু স্পেইনৰ নতুন তাৰকা লামিন য়ামালৰ মাজত গঢ়ি উঠিছে ১৯ নম্বৰৰ এক আকৰ্ষণীয় আখ্যান।


১৯ নম্বৰৰ সেই অলৌকিক সংযোগসমূহ:


জাৰ্ছীৰ সাদৃশ্য: আজি বিশ্বই মেছিক ১০ নম্বৰ জাৰ্ছীৰে চিনি পালেও, বাৰ্চিলোনা আৰু আৰ্জেণ্টিনা দলত তেওঁৰ কেৰিয়াৰৰ সোণালী আৰম্ভণি হৈছিল ১৯ নম্বৰ জাৰ্ছী পিন্ধিয়েই। আচৰিতভাৱে, বৰ্তমান ইউৰো কাপ কঁপাই অহা স্পেইনৰ কাইলৈৰ ভৱিষ্যত য়ামালৰ জাৰ্ছী নম্বৰো হৈছে ১৯।


বয়সৰ ব্যৱধান: দুই তাৰকাৰ বয়সৰ মাজতো আছে ঠিক ১৯ বছৰৰ পাৰ্থক্য। মেছিৰ জন্ম হৈছিল ১৯৮৭ চনত আৰু ঠিক ১৯ বছৰৰ পিছত, অৰ্থাৎ ২০০৭ চনত জন্ম হয় য়ামালৰ।


ফাইনেলৰ তাৰিখ: কেৱল জল্পনা-কল্পনাতেই নহয়, ফুটবলৰ মজিয়াতো এই ১৯ সংখ্যাটোৱে বিশেষ স্থান লৈছে। কাৰণ, আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত হ’বলগীয়া বহুল প্ৰত্যাশিত খিতাপ যুঁজখনো অনুষ্ঠিত হ’ব চলিত মাহৰ ১৯ জুলাইত।


বিশ্বকাপ আৰু ১৯: ইমানতে অন্ত পৰা নাই এই সংযোগ। বৰ্তমান ফুটবল বিশ্বক চমকিত কৰা য়ামালৰ বয়সো বৰ্তমান ১৯ বছৰ, যি সময়ত তেওঁ নিজৰ জীৱনৰ প্ৰথমখন বিশ্বকাপ খেলাৰ বাবে সাজু হৈছে।


কাকতালীয় হ’লেও, দুই প্ৰজন্মৰ দুই মহাতাৰকাৰ মাজত ১৯ নম্বৰৰ এই সাংখ্যিক মিলনে এতিয়া সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীক আচৰিত কৰি তুলিছে। ইয়াক কেৱল এটা সংখ্যা বুলি এৰাই চলিব নোৱাৰি, এয়া যেন ফুটবলৰ ইতিহাসত লিপিবদ্ধ হ’বলগীয়া এক সুন্দৰ মহাকাব্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ