--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাকতালীয় হ’লেও, দুই প্ৰজন্মৰ দুই মহাতাৰকাৰ মাজত ১৯ নম্বৰৰ এই সাংখ্যিক মিলনে এতিয়া সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীক আচৰিত কৰি তুলিছে।

ডিজিটেল ডেস্ক: লিঅ'নেল মেছি আৰু লামিন য়ামাল— ফুটবল বিশ্বৰ দুই ভিন্ন প্ৰজন্মৰ যাদুকৰ। বৰ্তমান ফুটবল প্ৰেমীৰ মাজত আটাইতকৈ চৰ্চা হৈছে এটা সংখ্যাক লৈ। সেই সংখ্যাটোৰ সৈতে দুয়োগৰাকী ফুটবল তাৰকাৰ আছে আচৰিত সংযোগ। সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা সেই বিশেষ সংখ্যাটো হৈছে— ‘১৯’।


প্ৰকৃতিৰ কি অপূৰ্ব খেল! ফুটবলৰ ঈশ্বৰ হিচাপে পৰিগণিত লিঅ’নেল মেছি আৰু স্পেইনৰ নতুন তাৰকা লামিন য়ামালৰ মাজত গঢ়ি উঠিছে ১৯ নম্বৰৰ এক আকৰ্ষণীয় আখ্যান।


১৯ নম্বৰৰ সেই অলৌকিক সংযোগসমূহ:


জাৰ্ছীৰ সাদৃশ্য: আজি বিশ্বই মেছিক ১০ নম্বৰ জাৰ্ছীৰে চিনি পালেও, বাৰ্চিলোনা আৰু আৰ্জেণ্টিনা দলত তেওঁৰ কেৰিয়াৰৰ সোণালী আৰম্ভণি হৈছিল ১৯ নম্বৰ জাৰ্ছী পিন্ধিয়েই। আচৰিতভাৱে, বৰ্তমান ইউৰো কাপ কঁপাই অহা স্পেইনৰ কাইলৈৰ ভৱিষ্যত য়ামালৰ জাৰ্ছী নম্বৰো হৈছে ১৯।


বয়সৰ ব্যৱধান: দুই তাৰকাৰ বয়সৰ মাজতো আছে ঠিক ১৯ বছৰৰ পাৰ্থক্য। মেছিৰ জন্ম হৈছিল ১৯৮৭ চনত আৰু ঠিক ১৯ বছৰৰ পিছত, অৰ্থাৎ ২০০৭ চনত জন্ম হয় য়ামালৰ।


ফাইনেলৰ তাৰিখ: কেৱল জল্পনা-কল্পনাতেই নহয়, ফুটবলৰ মজিয়াতো এই ১৯ সংখ্যাটোৱে বিশেষ স্থান লৈছে। কাৰণ, আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত হ’বলগীয়া বহুল প্ৰত্যাশিত খিতাপ যুঁজখনো অনুষ্ঠিত হ’ব চলিত মাহৰ ১৯ জুলাইত।


বিশ্বকাপ আৰু ১৯: ইমানতে অন্ত পৰা নাই এই সংযোগ। বৰ্তমান ফুটবল বিশ্বক চমকিত কৰা য়ামালৰ বয়সো বৰ্তমান ১৯ বছৰ, যি সময়ত তেওঁ নিজৰ জীৱনৰ প্ৰথমখন বিশ্বকাপ খেলাৰ বাবে সাজু হৈছে।


কাকতালীয় হ’লেও, দুই প্ৰজন্মৰ দুই মহাতাৰকাৰ মাজত ১৯ নম্বৰৰ এই সাংখ্যিক মিলনে এতিয়া সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীক আচৰিত কৰি তুলিছে। ইয়াক কেৱল এটা সংখ্যা বুলি এৰাই চলিব নোৱাৰি, এয়া যেন ফুটবলৰ ইতিহাসত লিপিবদ্ধ হ’বলগীয়া এক সুন্দৰ মহাকাব্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু