--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ ৷ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হিন্দু মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে ১ কোটি পাকিস্তানী টকাৰ বাজেট আবণ্টন দিয়া হৈছে। এই বাজেটত বিগত ৬৪ বছৰে জৰাজীৰ্ণ অৱস্থাত থকা বাওলি চাহাব মন্দিৰৰ সংস্কাৰৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰাৰ বাবে ধাৰ্য্য কৰা হৈছে।

হিন্দু সম্প্ৰদায় পাকিস্তানৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়। চৰকাৰী তথ্য অনুসৰি পাকিস্তানত ৭৫ লাখতকৈ অধিক হিন্দু বাস কৰে, আনহাতে সম্প্ৰদায়ৰ লোকে এই সংখ্যা ৯০ লাখতকৈ অধিক বুলি কয়। এই ধৰণৰ পুনৰ্গঠন কেৱল এটা মন্দিৰৰ বাবেই নহয়, সামগ্ৰিকভাৱে ধৰ্মীয় স্বাধীনতা আৰু সংখ্যালঘুৰ অধিকাৰৰ বাবেও এক ইতিবাচক লক্ষণ। 

এক প্ৰতিবেদন অনুসৰি, পাকিস্তানৰ সংখ্যালঘু লোকৰ পূজাস্থলীৰ তদাৰক কৰা ফেডাৰেল সংস্থা ইভেকিউই ট্ৰাষ্ট প্ৰপাৰ্টি ব’ৰ্ডে পঞ্জাৱৰ নৰোৱাল চহৰৰ জাফৰৱাল নগৰৰ বাওলি চাহাব মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ১৯৬০ চনত এই মন্দিৰটো জৰাজীৰ্ণ হৈ পৰিছিল আৰু তেতিয়াৰ পৰাই ইয়াৰ সংস্কাৰৰ প্ৰচেষ্টা চলিছিল।

বৰ্তমান নৰোৱাল জিলাত আন কোনো হিন্দু মন্দিৰ নাই, যাৰ বাবে স্থানীয় হিন্দু সমাজে ঘৰতে নিজৰ ধৰ্মীয় অনুষ্ঠান পালন কৰিবলগীয়া হয় বা একে কামৰ বাবে ছিয়ালকোট আৰু লাহোৰৰ মন্দিৰলৈ যাব লগা হয়।

পাক ধৰ্মস্থান সমিতিৰ প্ৰাক্তন অধ্যক্ষ ৰতন লাল আৰ্য্যই কয় যে বাওলি চাহাব মন্দিৰৰ জৰাজীৰ্ণতাৰ মূল কাৰণ হৈছে ইটিপিবিৰ নিয়ন্ত্ৰণ, যাৰ ফলত জনগোষ্ঠীটো নৰোৱালৰ ১৪৫৩টাতকৈও অধিক হিন্দু পূজাস্থলীৰ পৰা বঞ্চিত হৈ পৰিছে ৷

পাকিস্তান গঠনৰ পিছত নৰোৱাল জিলাত ৪৫টা মন্দিৰ আছিল যদিও সময়ৰ লগে লগে সকলোবোৰ মেৰামতিৰ অভাৱৰ বাবে মন্দিৰৰ অৱস্থা বেয়া হৈ পৰে। আৰ্য্যই কয় যে পাক ধৰ্মস্থান সমিতিয়ে বিগত ২০ বছৰে এই মন্দিৰৰ সংস্কাৰৰ দাবী জনাই আহিছিল। তেওঁ কয় যে এতিয়া চৰকাৰে হিন্দু সমাজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰটো মেৰামতিৰ পদক্ষেপ গ্ৰহণ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ ‘ওৱান মেন কমিচন’ৰ অধ্যক্ষ শ্বোৱেইব চিদ্দাল আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য মনজুৰ মাছিহে এই মেৰামতিৰ প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পাক ধৰ্মস্থান সমিতিৰ অধ্যক্ষ সৱন চান্দে কয় যে বাওলি চাহাব মন্দিৰ মেৰামতিৰ জৰিয়তে হিন্দু সমাজৰ দীৰ্ঘম্যাদী দাবী পূৰণ হ’ব। ইয়াৰ দ্বাৰা তেওঁলোকে নিৰ্দিষ্ট প্ৰাৰ্থনা স্থানত ধৰ্মীয় অনুষ্ঠান সম্পাদন কৰিব পাৰিব। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক