--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে (২২ অক্টোবৰ ২০২৪) দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত অনুষ্ঠিত ব্ৰীকছ সন্মিলন ২০২৪ত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়ালৈ ৰাওনা হয়। যোৱাৰ আগতে তেওঁ কয় যে এই যাত্ৰাক লৈ তেওঁ অতিশয় উৎসাহিত।

এই ভ্ৰমণৰ সময়ত মোদীয়ে কাজানত তেওঁৰ সমকক্ষ আৰু ব্ৰীকছৰ সদস্য দেশৰ অন্যান্য আমন্ত্ৰিত নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ব্ৰিকছ সন্মিলনে বিভিন্ন দেশৰ মুৰব্বীসকলৰ বাবে বিশ্বৰ সমষ্ট বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব।



এইবাৰ কিয় বিশেষ ব্রীক্স সন্মিলন ? জানো আহক 

২০২৪ চনত মোদীয়ে দ্বিতীয়বাৰৰ বাবে ৰাছিয়া ভ্ৰমণ, ইয়াৰ পূৰ্বে তেওঁ ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে জুলাই মাহত মস্কোলৈ গৈছিল। এইবাৰো তেওঁ এই সন্মিলনত অংশগ্ৰহণ কৰা সকলো ৰাষ্ট্ৰপতি আৰু অন্যান্য অতিথিক সাক্ষাৎ কৰিব। এই সন্মিলনত কি কি হ’ব জানো আহক ।

১)ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াত দুয়োখন দেশৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।

২) ৰাছিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই সন্মিলনত ৰাষ্ট্ৰপতি ছি জিনপিঙে অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে। সম্ভৱ যে প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ মাজতো বৈঠক হ’ব পাৰে। অৱশ্যে তেওঁ আৰু মোদীৰ মাজত হোৱা বৈঠক সন্দৰ্ভত এতিয়ালৈকে কোনো নিশ্চিতকৰণ হোৱা নাই।

৩)ৰাছিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে ভাৰত ব্ৰিকছৰ প্ৰতিষ্ঠাপক সদস্য আৰু গ্ৰুপিঙৰ পৰিসৰৰ ভিতৰত অৰ্থনৈতিক সহযোগিতাৰ প্ৰতি দায়বদ্ধ বুলি জোৰ দি কয়, যি তেওঁ অতি মৌলিক নীতি বুলি অভিহিত কৰে।

৪) ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধৰ পিছত ৰাছিয়াত এই সন্মিলনখনেই হৈছে এই ধৰণৰ আটাইতকৈ বৃহৎ সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দেখুৱাব বিচাৰিছে যে ডেৰ-দুবছৰীয়া আক্ৰমণৰ সময়ত মস্কোক পৃথক কৰাৰ বাবে পশ্চিমীয়াৰ প্ৰচেষ্টাসমূহ ব্যৰ্থ হৈছে।

৫) ব্ৰীকছে ভূ-ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে বুলি ধাৰণাটো নাকচ কৰিছে যদিও ইউক্ৰেইনত চলি থকা সংঘাতৰ মাজতে মস্কোৱে এই অনুষ্ঠানৰ জৰিয়তে নিজৰ কূটনৈতিক প্ৰভাৱৰ লাভ উঠাবলৈ উদ্বেগ প্ৰকাশ কৰিছে।

৬) ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই সন্মিলনত অংশগ্ৰহণৰ বাবে ২০২২ চনৰ এপ্ৰিল মাহৰ পিছত প্ৰথমবাৰৰ বাবে ৰাছিয়া ভ্ৰমণ কৰিছে। বৃহস্পতিবাৰে তেওঁ পুটিনক সাক্ষাৎ কৰিব।

৭) ব্ৰীকছ গোটে এতিয়া ক্ৰয় শক্তি সমতাৰ ক্ষেত্ৰত বিশ্বৰ ৪৫ শতাংশ জনসংখ্যা আৰু ইয়াৰ অৰ্থনীতিৰ ৩৫ শতাংশক প্ৰতিনিধিত্ব কৰে, যদিও চীনে ইয়াৰ অৰ্থনৈতিক শক্তিৰ আধাতকৈ অধিক প্ৰতিনিধিত্ব কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক