--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলৰ সেনাই দক্ষিণ লেবাননৰ আৰু ২২খন গাঁৱৰ বাসিন্দাক আৱালী নদীৰ উত্তৰ অঞ্চললৈ স্থানান্তৰিত হ’বলৈ নিৰ্দেশ দিছে। এই তথ্য সেনাবাহিনীৰ এক বিবৃতিত প্ৰকাশ কৰিছে । ইজৰাইলৰ সেনাই দক্ষিণ লেবাননৰ বাসিন্দাসকলক নিজৰ ঘৰলৈ উভতি নাযাবলৈ সকীয়াই দিছে, কিয়নো সেনাই হিজবুল্লাহৰ বিৰুদ্ধে দমন অব্যাহত ৰাখিছে।


সেনাবাহিনীৰ মুখপাত্ৰ অবিচাই আদ্ৰাইয়ে কয় যে, "আপোনালোকৰ গাঁৱত বা ইয়াৰ ওচৰৰ হিজবুল্লাহৰ স্থানসমূহক লক্ষ্য কৰি লোৱা হৈছে। আপোনালোকৰ সুৰক্ষাৰ বাবে অনুগ্ৰহ কৰি নিজৰ ঘৰলৈ উভতি নাযাব। পৰৱৰ্তী জাননী নিদিয়ালৈকে দক্ষিণলৈ নাযাব; যিজন ব্যক্তি দক্ষিণলৈ যায় তেওঁ নিজৰ জীৱন বিপন্ন কৰিব লগা হ’ব পাৰে।"


এটা সুকীয়া পোষ্টত আদ্ৰাইয়ে দক্ষিণ লেবাননৰ স্বাস্থ্যকৰ্মী আৰু চিকিৎসা দলসমূহক এম্বুলেন্স ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। এই অঞ্চলত হিজবুল্লাহৰ যোদ্ধাসকলে এম্বুলেন্স ব্যৱহাৰ কৰি থকা বুলি আদ্ৰাইয়ে জনাইছে। তেওঁ কয় যে চিকিৎসা দলসমূহক হিজবুল্লাহৰ সদস্যসকলৰ সংস্পৰ্শলৈ নাহিবলৈ আৰু তেওঁলোকৰ সৈতে সহযোগিতা নকৰিবলৈ আহ্বন জনায় ৷

ইজৰাইলৰ সামৰিক মুখপাত্ৰই কয় যে আইডিএফে (ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী) স্পষ্ট কৰিছে যে যিকোনো ধৰণৰ অস্ত্ৰধাৰী ব্যক্তিক পৰিবহণ কৰা যিকোনো বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইজৰাইলে লেবাননত স্থল অভিযানৰ বাবে সাজু হৈছে, আনহাতে গাজাত ইজৰাইলৰ সেনাৰ আক্ৰমণৰ ফলত প্ৰায় ২০ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। হামাছৰ দ্বাৰা পৰিচালিত অসামৰিক প্ৰতিৰক্ষা সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা ৯:৪০ বজাত এই বিমান আক্ৰমণ সংঘটিত হয়। সেই সময়ত মৃত্যুৰ সংখ্যা আছিল ১২ জন, য’ত মহিলা আৰু শিশু অন্তৰ্ভুক্ত আছিল।

উত্তৰ গাজাৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাৰ সঞ্চালক আহমেদ আল খালোটে কয় যে পৃথক পৃথক আক্ৰমণত ১৮ জন লোক নিহত হৈছে। শৰণাৰ্থীৰ বাবে শিবিৰ নিৰ্মাণ কৰা আঠখন ভিন্ন বিদ্যালয়ত এই আক্ৰমণ সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে