--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলৰ সেনাই দক্ষিণ লেবাননৰ আৰু ২২খন গাঁৱৰ বাসিন্দাক আৱালী নদীৰ উত্তৰ অঞ্চললৈ স্থানান্তৰিত হ’বলৈ নিৰ্দেশ দিছে। এই তথ্য সেনাবাহিনীৰ এক বিবৃতিত প্ৰকাশ কৰিছে । ইজৰাইলৰ সেনাই দক্ষিণ লেবাননৰ বাসিন্দাসকলক নিজৰ ঘৰলৈ উভতি নাযাবলৈ সকীয়াই দিছে, কিয়নো সেনাই হিজবুল্লাহৰ বিৰুদ্ধে দমন অব্যাহত ৰাখিছে।


সেনাবাহিনীৰ মুখপাত্ৰ অবিচাই আদ্ৰাইয়ে কয় যে, "আপোনালোকৰ গাঁৱত বা ইয়াৰ ওচৰৰ হিজবুল্লাহৰ স্থানসমূহক লক্ষ্য কৰি লোৱা হৈছে। আপোনালোকৰ সুৰক্ষাৰ বাবে অনুগ্ৰহ কৰি নিজৰ ঘৰলৈ উভতি নাযাব। পৰৱৰ্তী জাননী নিদিয়ালৈকে দক্ষিণলৈ নাযাব; যিজন ব্যক্তি দক্ষিণলৈ যায় তেওঁ নিজৰ জীৱন বিপন্ন কৰিব লগা হ’ব পাৰে।"


এটা সুকীয়া পোষ্টত আদ্ৰাইয়ে দক্ষিণ লেবাননৰ স্বাস্থ্যকৰ্মী আৰু চিকিৎসা দলসমূহক এম্বুলেন্স ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। এই অঞ্চলত হিজবুল্লাহৰ যোদ্ধাসকলে এম্বুলেন্স ব্যৱহাৰ কৰি থকা বুলি আদ্ৰাইয়ে জনাইছে। তেওঁ কয় যে চিকিৎসা দলসমূহক হিজবুল্লাহৰ সদস্যসকলৰ সংস্পৰ্শলৈ নাহিবলৈ আৰু তেওঁলোকৰ সৈতে সহযোগিতা নকৰিবলৈ আহ্বন জনায় ৷

ইজৰাইলৰ সামৰিক মুখপাত্ৰই কয় যে আইডিএফে (ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী) স্পষ্ট কৰিছে যে যিকোনো ধৰণৰ অস্ত্ৰধাৰী ব্যক্তিক পৰিবহণ কৰা যিকোনো বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইজৰাইলে লেবাননত স্থল অভিযানৰ বাবে সাজু হৈছে, আনহাতে গাজাত ইজৰাইলৰ সেনাৰ আক্ৰমণৰ ফলত প্ৰায় ২০ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। হামাছৰ দ্বাৰা পৰিচালিত অসামৰিক প্ৰতিৰক্ষা সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা ৯:৪০ বজাত এই বিমান আক্ৰমণ সংঘটিত হয়। সেই সময়ত মৃত্যুৰ সংখ্যা আছিল ১২ জন, য’ত মহিলা আৰু শিশু অন্তৰ্ভুক্ত আছিল।

উত্তৰ গাজাৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাৰ সঞ্চালক আহমেদ আল খালোটে কয় যে পৃথক পৃথক আক্ৰমণত ১৮ জন লোক নিহত হৈছে। শৰণাৰ্থীৰ বাবে শিবিৰ নিৰ্মাণ কৰা আঠখন ভিন্ন বিদ্যালয়ত এই আক্ৰমণ সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক