--°C
Loading...
Listen to Article
2 min read
80%
১১ ফেব্ৰুৱাৰী,২০২২, শুকুৰবাৰ মেষঃ আপুনি বিচৰা সকলোখিনি আজি পাব পাৰে। হঠাতে কিছুমান অবাঞ্ছিত অসুবিধা আহিব পাৰে। আপোনাৰ কাৰ্যকলাপৰ কেন্দ্ৰ সলনি কৰাটো আপোনাৰ বাবে লাভজনক হ'ব পাৰে। বৃষঃ আজি আপোনাৰ দিনটো শুভ। আপুনি কিছুমান সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব। কৰ্মক্ষেত্ৰত যদি আপুনি ধৈৰ্য্য ৰখাৰ অনুশীলন কৰে তেন্তে আপুনি অধিক দক্ষতাৰে কাম কৰিবলৈ সক্ষম হ'ব। মানুহৰ প্ৰতি নম্ৰ হ'ব। পৰিশ্ৰম কৰক, ফল পাব। মিথুনঃ দিনটো ভালে যাব। আপুনি বাহিৰত কাম সম্পৰ্কীয় চাপ অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ আভ্যন্তৰীণ শান্ত আৰু শীতল অনুভৱে আপোনাক সকলো বোৰৰ ভাৰসাম্য ৰখাত সহায় কৰিব। আপোনাৰ চাকৰি আৰু ব্যক্তিগত জীৱনৰ প্ৰতিটো মুহূৰ্তত আপোনাৰ মনত আনন্দ থাকিব। পিতৃ-মাতৃৰ স্বাস্থ্য উন্নত হৈছে। আপোনাৰ ভাই-ভনীৰ ওচৰত আপোনাৰ বাবে কিছুমান উৎকৃষ্ট খবৰ থাকিব পাৰে। কৰ্কটঃ সৌভাগ্যশালী গ্ৰহৰ পৰিস্থিতিৰ ফলত আপুনি বিত্তীয় সুবিধা পাব পাৰে। আপোনাক অলপ জিৰণিৰ প্ৰয়োজন। স্থাৱৰ সম্পত্তি ক্ৰয় কৰাৰ যোগ দেখুৱাইছে। অপ্ৰত্যাশিতভাৱে কিছুমান দূৰসম্পৰ্কীয় আত্মীয়ই আপোনাক সাক্ষাৎ কৰিব পাৰে। কঠোৰ পৰিশ্ৰমে আপোনাক কামত যথেষ্ট প্ৰশংসা আৰু স্বীকৃতি দিয়াৰ সম্ভাৱনা আছে। সিংহঃ আপোনাৰ ধন বিনিয়োগৰ অভিপ্ৰায় এক বা দুই দিনৰ বাবে বন্ধ ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ ভাই-ভনীৰ সৈতে যিকোনো মতভেদ হ'ব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা সম্পত্তি বিবাদ প্ৰায় নিশ্চিতভাৱে সমাধান হ'ব। যদি আপুনি ব্যৱসায় এটা আৰম্ভ কৰাৰ বিষয়ে চিন্তা কৰি আছে তেন্তে আগবাঢ়ক। শিক্ষাৰ্থীসকলৰ শুভ। কন্যাঃ ধন উপাৰ্জনৰ বাবে নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা পৰিৱেশ মধ্যম। আপোনালৈ বহুত ভাল চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে। আপুনি মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যত গুৰুত্ব দিয়ক। সম্পত্তিৰ বিষয়ে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে লেনদেন কৰোঁতে অত্যধিক সাৱধানতা অৱলম্বন কৰিব। তুলাঃ আপোনাৰ প্ৰাক্তন প্ৰেমৰ সৈতে পুনৰ সম্পৰ্ক হ'ব পাৰে বা আপোনাৰ আত্মিক সংগীৰ পৰা আদৰ পোৱাৰ সম্ভাৱনা। দিনটোৱে ভাল আৰু বেয়া দুয়োটা দিশেই দেখুৱাই আছে। মনত নানা চিন্তাই খেলিমেলি লগাব পাৰে। বৃশ্চিকঃ একে মনৰ ব্যক্তিৰ উপস্থিতিয়ে আপোনাক গোটেই দিনটো ভাল মেজাজত ৰাখিব। দিনটো উদ্যমী আৰু ৰোমাঞ্চকৰ হ'ব কিয়নো আপুনি এটাৰ পিছত এটা কাৰ্যকলাপত অংশগ্ৰহণ কৰিব। আনহাতে অত্যধিক পৰিশ্ৰম আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ধনুঃ দৈনন্দিন কাৰ্যকলাপবোৰ এক মুহূৰ্তৰ বাবে আঁতৰাই ৰাখি আৰু সম্পূৰ্ণৰূপে সৃষ্টিশীল কামত গুৰুত্ব দিবলৈ যত্ন কৰক। আপোনাৰ এই মুহূৰ্তত আপোনাৰ মূৰৰ মাজেৰে বহুতো চিন্তা চলি আছে। আপুনি প্ৰেক্টিকেলী কথাবোৰ ভাবক। যি হৈ আছে সেয়া বেছি নাভাবি সৃষ্টিকৰ্তাৰ ওপৰত সকলো এৰি দিয়ক। মকৰঃ সকলো কামতে মনোবল অটুট থাকিব।সাহস নেৰিব। কিবা কামত বিফল হ'ব পাৰে কিন্তু পুনৰ চেষ্টা কৰিবলৈ নাপাহৰিব, শুভ ফল পাব। কুম্ভঃ স্বাস্থ্যত গুৰুত্ব দিয়ক। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে সাৱধান হওক। এয়া খৰখেদা কৰাৰ সময় নহয়, কিয়নো এই সিদ্ধান্তবোৰৰ দীৰ্ঘম্যাদী পৰিণাম হ'ব পাৰে। ঘৰুৱা পৰিৱেশ উন্নত। মীনঃ আজিৰ দিনটো আপোনাৰ কেৰিয়াৰৰ উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দিন। আপুনি আজি দীৰ্ঘদিন ধৰি সপোন দেখি থকা এটা যুটীয়া ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি ব্যৱসায়িক ভ্ৰমণো হ'ব পাৰে। ঘৰৰ সদস্যসকলৰ শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ