--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহা শিৱৰাত্ৰি হৈছে হিন্দু ধৰ্মৰ অন্যতম উৎসৱ। এই উৎসৱত ভগৱান শিৱৰ উপাসনা কৰা হয়। প্ৰতিবছৰে, ফাগুন মাহৰ কৃষ্ণপক্ষ চতুৰ্দশীত মহা শিৱৰাত্ৰি উদযাপন কৰা হয়। এই বছৰ, মহা শিৱৰাত্ৰি ১ মাৰ্চত পালন কৰা হ’ব। মহা শিৱৰাত্ৰিৰ তাৎপৰ্যৰ বিষয়ে আপুনি জানেনে? হিন্দু পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে মহা শিৱৰাত্ৰিত ভগৱান শিৱ আৰু মাতা পাৰ্বতীয়ে বিবাহপাশত আবদ্ধ হৈছিল। মহা শিৱৰাত্ৰিৰ বিশেষ উপলক্ষে, ভক্তসকলে ভগৱান শিৱক উপাসনা কৰিবলৈ দিনটোত উপবাস ৰাখে। যুৱতীসকলে শিৱৰ দৰে বৰ পাবলৈ উপবাস ৰাখে আৰু ৰীতি-নীতি অনুসৰণ কৰি পূজা-অৰ্চনা কৰে। বিশ্বাস অনুসৰি, এই দিনটোত উপবাসে থাকিলে সৌভাগ্যৰ উদয় হয়। ইয়াৰ উপৰি এইটোও বিশ্বাস কৰা হয় যে, এই বিশেষ দিনটোত ভগৱান শিৱৰ উপাসনা কৰি, জীৱনৰ সকলো সমস্যা আৰু বাধাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ভগৱান শিৱৰ পত্নী মাতা পাৰ্বতীকো সেই দিনটোত ভগৱান শিৱৰ সৈতে উপাসনা কৰা হয়। মহা শিৱৰাত্ৰিত উপাসনা কৰাৰ দিন, শুভ লগ্ন আৰু পূজাৰ বিধিৰ বিষয়ে জানো আহক- এই বছৰ, মহা শিৱৰাত্ৰিৰ বাবে শুভ দিন ১ মাৰ্চ, মঙলবাৰে পুৱা ৩.১৬ বজাৰ পৰা আৰম্ভ হ’ব। চতুৰ্দশী তিথি বুধবাৰে, ২ মাৰ্চৰ পুৱা ১০ বজাত সমাপ্ত হ’ব। মহা শিৱৰাত্ৰিৰ পূজা চাৰিটা পৰ্যায়ত পালন কৰা হয়। চাৰিটা পৰ্যায়ত উপাসনা কৰাৰ শুভ সময় হৈছে: প্ৰথম পৰ্যায়ৰ পূজা: ১ মাৰ্চ সন্ধিয়া ৬.২১ বজাৰ পৰা নিশা ৯.২৭ বজালৈ দ্বিতীয় পৰ্যায়ৰ পূজা: ১ মাৰ্চ নিশা ৯.২৭ বজাৰ পৰা পুৱা ১২.৩৩ বজালৈ তৃতীয় পৰ্যায়ৰ পূজা: ২ মাৰ্চ পুৱা ১২:৩৩ বজাৰ পৰা পুৱা ৩.৩৯ বজালৈ চতুৰ্থ পৰ্যায়ৰ পূজা: ২ মাৰ্চ পুৱা ৩:৩৯ বজাৰ পৰা পুৱা ৬:৪৫ বজালৈ ফাগুন মাহৰ মহা শিৱৰাত্ৰিক বছৰটোৰ আটাইতকৈ ডাঙৰ শিৱৰাত্ৰি হিচাপে গণ্য কৰা হয়। এই দিনটোত ব্ৰহ্মা মুহৰ্তত স্নান কৰি দিনটো আৰম্ভ কৰিব লাগে। তাৰ পাছত, ঘৰৰ উপাসনাস্থলীত পানীৰে ভৰ্তি এটা ঘট স্থাপন কৰক। ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ মূৰ্তিবোৰ ঘটটোৰ কাষত ৰাখক। অক্ষত, তামোল-পাণ, চন্দনকাঠ, ইলাচী, গাখীৰ, দৈ, মৌ, ঘিউ, দাতুৰা, বেলপাত্ৰ, কমলগাট্টা আৰু ভগৱান শিৱ আৰু মাতা পাৰ্বতীক ফল প্ৰদান কৰিব লাগে। পূজা কৰক আৰু শেষত ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ আৰতি কৰিব লাগে। ভক্তসকলে এই বিশেষ দিনটোত মহামৃতু্ঞ্জয় মন্ত্ৰ আৰু শিৱৰ মন্ত্ৰ পাঠ কৰিব লাগে। মহামৃতু্ঞ্জয় মন্ত্ৰটো হৈছে ‘ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान मृत्योर्मुक्षीय मामृतात्॥’ শিৱৰ মন্ত্ৰটো হৈছে- ‘ऊँ नम: शिवाय’ বিশ্বাস অনুসৰি দেৱাদিদেৱ মহাদেৱক এনেদৰে পূজা-অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্চা পূৰ্ণ হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু