--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহা শিৱৰাত্ৰি হৈছে হিন্দু ধৰ্মৰ অন্যতম উৎসৱ। এই উৎসৱত ভগৱান শিৱৰ উপাসনা কৰা হয়। প্ৰতিবছৰে, ফাগুন মাহৰ কৃষ্ণপক্ষ চতুৰ্দশীত মহা শিৱৰাত্ৰি উদযাপন কৰা হয়। এই বছৰ, মহা শিৱৰাত্ৰি ১ মাৰ্চত পালন কৰা হ’ব। মহা শিৱৰাত্ৰিৰ তাৎপৰ্যৰ বিষয়ে আপুনি জানেনে? হিন্দু পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে মহা শিৱৰাত্ৰিত ভগৱান শিৱ আৰু মাতা পাৰ্বতীয়ে বিবাহপাশত আবদ্ধ হৈছিল। মহা শিৱৰাত্ৰিৰ বিশেষ উপলক্ষে, ভক্তসকলে ভগৱান শিৱক উপাসনা কৰিবলৈ দিনটোত উপবাস ৰাখে। যুৱতীসকলে শিৱৰ দৰে বৰ পাবলৈ উপবাস ৰাখে আৰু ৰীতি-নীতি অনুসৰণ কৰি পূজা-অৰ্চনা কৰে। বিশ্বাস অনুসৰি, এই দিনটোত উপবাসে থাকিলে সৌভাগ্যৰ উদয় হয়। ইয়াৰ উপৰি এইটোও বিশ্বাস কৰা হয় যে, এই বিশেষ দিনটোত ভগৱান শিৱৰ উপাসনা কৰি, জীৱনৰ সকলো সমস্যা আৰু বাধাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ভগৱান শিৱৰ পত্নী মাতা পাৰ্বতীকো সেই দিনটোত ভগৱান শিৱৰ সৈতে উপাসনা কৰা হয়। মহা শিৱৰাত্ৰিত উপাসনা কৰাৰ দিন, শুভ লগ্ন আৰু পূজাৰ বিধিৰ বিষয়ে জানো আহক- এই বছৰ, মহা শিৱৰাত্ৰিৰ বাবে শুভ দিন ১ মাৰ্চ, মঙলবাৰে পুৱা ৩.১৬ বজাৰ পৰা আৰম্ভ হ’ব। চতুৰ্দশী তিথি বুধবাৰে, ২ মাৰ্চৰ পুৱা ১০ বজাত সমাপ্ত হ’ব। মহা শিৱৰাত্ৰিৰ পূজা চাৰিটা পৰ্যায়ত পালন কৰা হয়। চাৰিটা পৰ্যায়ত উপাসনা কৰাৰ শুভ সময় হৈছে: প্ৰথম পৰ্যায়ৰ পূজা: ১ মাৰ্চ সন্ধিয়া ৬.২১ বজাৰ পৰা নিশা ৯.২৭ বজালৈ দ্বিতীয় পৰ্যায়ৰ পূজা: ১ মাৰ্চ নিশা ৯.২৭ বজাৰ পৰা পুৱা ১২.৩৩ বজালৈ তৃতীয় পৰ্যায়ৰ পূজা: ২ মাৰ্চ পুৱা ১২:৩৩ বজাৰ পৰা পুৱা ৩.৩৯ বজালৈ চতুৰ্থ পৰ্যায়ৰ পূজা: ২ মাৰ্চ পুৱা ৩:৩৯ বজাৰ পৰা পুৱা ৬:৪৫ বজালৈ ফাগুন মাহৰ মহা শিৱৰাত্ৰিক বছৰটোৰ আটাইতকৈ ডাঙৰ শিৱৰাত্ৰি হিচাপে গণ্য কৰা হয়। এই দিনটোত ব্ৰহ্মা মুহৰ্তত স্নান কৰি দিনটো আৰম্ভ কৰিব লাগে। তাৰ পাছত, ঘৰৰ উপাসনাস্থলীত পানীৰে ভৰ্তি এটা ঘট স্থাপন কৰক। ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ মূৰ্তিবোৰ ঘটটোৰ কাষত ৰাখক। অক্ষত, তামোল-পাণ, চন্দনকাঠ, ইলাচী, গাখীৰ, দৈ, মৌ, ঘিউ, দাতুৰা, বেলপাত্ৰ, কমলগাট্টা আৰু ভগৱান শিৱ আৰু মাতা পাৰ্বতীক ফল প্ৰদান কৰিব লাগে। পূজা কৰক আৰু শেষত ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ আৰতি কৰিব লাগে। ভক্তসকলে এই বিশেষ দিনটোত মহামৃতু্ঞ্জয় মন্ত্ৰ আৰু শিৱৰ মন্ত্ৰ পাঠ কৰিব লাগে। মহামৃতু্ঞ্জয় মন্ত্ৰটো হৈছে ‘ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान मृत्योर्मुक्षीय मामृतात्॥’ শিৱৰ মন্ত্ৰটো হৈছে- ‘ऊँ नम: शिवाय’ বিশ্বাস অনুসৰি দেৱাদিদেৱ মহাদেৱক এনেদৰে পূজা-অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্চা পূৰ্ণ হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ