--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ বৰ্ষীয়ান মহিলাগৰাকীয়ে ১১৭ সংখ্যক জন্মদিন উদ্‌যাপন কৰিছে। বৃদ্ধাগৰাকীৰ নাম- মাৰিয়া ব্ৰানিয়াছ মৰেইৰা।তেখেত বৰ্তমান স্পেইনৰ ভেৰোনাত থাকে। মাৰিয়া মৰেইৰা দুখন বিশ্বযুদ্ধ, বহু একনায়কত্ববাদী শাসক আনকি ক’ভিড মহামাৰীৰ সাক্ষী।মাৰিয়াৰ নিজৰ ১১জন নাতি আছে।উল্লেখ্য যে পৃথিৱীত মানুহৰ গড় বয়স ৭২.২৭ বছৰ সেই একেখন পৃথিৱীত মাৰিয়াৰ কাহিনীটো অনন্য যেন লাগে। অৱশ্যে প্ৰতিদিনে মানুহৰ জীৱন দীঘলীয়া হৈ আহিছে। ৰাষ্ট্ৰসংঘৰ অনুমান অনুসৰি ২০৫০ চনৰ ভিতৰত মানুহৰ গড় বয়স ৭৭ বছৰলৈ বৃদ্ধি পাব পাৰে।

মাৰিয়া যেতিয়া Covid-19ত আক্ৰান্ত হৈছিল তেতিয়া বয়স আছিল ১১৩ বছৰ। যি ক’ভিডে শিশুৰ পৰা বৃদ্ধলৈ প্ৰাণ কাঢ়ি লৈছিল কিন্তু মাৰিয়াই ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰিছিল আৰু ১১৭ সংখ্যক জন্মদিন উদযাপন কৰিছিল। মাৰিয়াই লগতে কয় যে যেতিয়া মৃত্যু সন্মুখত থাকে তেতিয়া জীৱনৰ গুৰুত্ব অধিক বুজা হয়।ইতিমধ্যে মাৰিয়াৰ বৃদ্ধাৱস্থাৰ ৰহস্য উন্মোচন কৰিবলৈ বিজ্ঞানীসকলেও আশা ব্যক্ত কৰিছে।

মাৰিয়াৰ মতে বৃদ্ধ বয়সৰ আঁৰত ভাল জীৱনশৈলীৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। মাৰিয়াৰ মতে, শৃংখলা, শান্তি, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ভাল সম্পৰ্ক, প্ৰকৃতিৰ প্ৰতি প্ৰেম, আৱেগিক স্থিৰতা, কোনো চিন্তা, কোনো আক্ষেপ, বহুত ইতিবাচকতা আৰু নেতিবাচক মানুহৰ পৰা আঁতৰি থকাটোৱেই তেওঁৰ ইমান বছৰ জীয়াই থকাৰ ৰহস্য। কিন্তু তেওঁ জিনীয় বিজ্ঞানকো কাৰণ হিচাপে উল্লেখ কৰে কাৰণ তেওঁৰ পৰিয়ালৰ বহু সদস্যই ৯০ বছৰৰ ঊৰ্ধত জীয়াই আছিল। স্মৰ্তব্য যে, ২০২৩ চনৰ জানুৱাৰী মাহৰ পাছত আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে মাৰিয়াই।

মাৰিয়াই প্ৰায়ে নিজৰ কন্যাৰ সহায়ত এক্স (টুইটাৰ)ত কথা পাতে। জন্মদিনত তেওঁ স্পেইনত জন্মগ্ৰহণ কৰা ব্ৰাজিলৰ কেথলিক পেৰে কাছাল্ডালিগাৰ এটা উক্তিও উদ্ধৃতি দিছিল, য’ত লিখা আছিল- ‘বৃদ্ধাৱস্থা এক প্ৰকাৰৰ ধৰ্মীয় ৰীতি-নীতি। আপুনি শুনা বন্ধ কৰে, কিন্তু আপুনি বেছি অনুভৱ কৰে কাৰণ আপুনি জীৱনৰ কথা শুনে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন