--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘঁৰিয়াল পৃথিৱীৰ অন্যতম বিপদজনক জীৱ আৰু ইয়াৰ পৰা যিমানেই দূৰত্ব বজাই ৰাখিব সিমানেই আপোনাৰ পক্ষে ভাল। বহু সময়ত এই ঘঁৰিয়ালে নিজৰ স্বভাৱৰ বাবেও মানুহক আক্ৰমণ কৰে। তেনে এটা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত এটা ঘঁৰিয়ালে এগৰাকী মহিলাক আক্ৰমণ কৰি হাতখনত মুখেৰে টানি ধৰে। কিন্তু তাত উপস্থিত এজন ব্যক্তিৰ বীৰত্বৰ বাবেই মহিলাগৰাকীৰ প্ৰাণ কথমপি ৰক্ষা পৰে।


ভাইৰেল হোৱা এই ভিডিঅ’টো আমেৰিকাৰ উটাহৰ বুলি জানিব পৰা গৈছে, য’ত ডেৰ ৮ ফুট দীঘল ঘঁৰিয়ালে হঠাতে স্কেলছ এণ্ড টেইলছ টেপটাইলছ চেণ্টাৰৰ এগৰাকী মহিলা অপাৰেটৰক আক্ৰমণ কৰিছিল। ঘঁৰিয়ালটোৱে মহিলাগৰাকীৰ হাতখন মুখৰে কামুৰি ধৰে। মহিলাগৰাকীয়ে হাতখন মুক্ত কৰিবলৈ বহু চেষ্টা কৰে যদিও ঘঁৰিয়ালটোৱে মহিলাগৰাকীৰ হাতখন কমেও ১:৩০ মিনিটৰ বাবে মুখত ৰাখে। তালৈ ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলে এই বিপজ্জনক আক্ৰমণ দেখি স্তম্ভিত হৈ পৰে।উল্লেখ্য যে, ঘঁৰিয়ালটোক দুপৰীয়াৰ আহাৰ খুৱাবলৈ আহে সৰীসৃপ কেন্দ্ৰটোৰ এগৰাকী অপাৰেটৰ। হঠাৎ আক্ৰমণাত্মক হৈ চোলাৰে হাতখন ধৰি মহিলাগৰাকীক ঘঁৰিয়ালটোৱে টানি আঁতৰাই লৈ যায়। এই দেখি এগৰাকী দৰ্শনাৰ্থীয়ে মহিলাগৰাকীক বচাবলৈ লৰালৰিকৈ গৈ ঘঁৰিয়ালটোৰ ওপৰত বহিল। অলপ পাছতে কেন্দ্ৰটোৰ আন এজন কৰ্মচাৰী আহি মহিলাগৰাকীক টেংকৰ পৰা উলিয়াই আনে। সকলো চেষ্টা কৰাৰ পাছত ঘঁৰিয়ালটোৱে মহিলাগৰাকীৰ হাতখন এৰি দিয়ে।ঘঁৰিয়ালটো অলপ শান্ত হোৱাত দৰ্শনাৰ্থীজনো টেংকৰ পৰা জপিয়াই ওলাই আহে।


উল্লেখ্য যে এই ঘটনা তিনিবছৰ পুৰণি যিটো আকৌ এবাৰ ভাইৰেল হৈ পৰিছে। এই ঘটনাত মহিলাগৰাকীৰ হাতৰ কেইবাডালো হাড় ভাঙি যায়। আক্ৰমণৰ পাছতে মহিলাগৰাকীক লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়, য’ত মহিলাগৰাকীৰ হাতৰ অস্ত্ৰোপচাৰ কৰা হয়।


বৰ্তমান এই ভাইৰেল ভিডিঅ'টোক লৈ নেটিজেনে বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহু ব্যৱহাৰকাৰীয়ে নিজৰ জীৱনৰ কথা চিন্তা নকৰাকৈ এগৰাকী মহিলা কৰ্মচাৰীৰ প্ৰাণৰক্ষা কৰা দৰ্শনাৰ্থীক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, পুৰুষজন যথেষ্ট সাহসী আৰু তেওঁ  অভিনন্দনৰ প্ৰাপ্য।
FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'
ক্ৰমাৎ গুৰুত্বহীন হৈছে নেকি বিধায়ক ভৱেশ কলিতা?
কুখ্যাত চাইবাৰ অপৰাধী গুলজাৰ হুছেইনক আটক ধিং আৰক্ষীৰ
গুৱাহাটীত লিভ-ইন ৰিলেশ্বনশ্বিপৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকাক কোঠাত বন্ধ কৰি প্ৰেমিকে ল'লে চৰম সিদ্ধান্ত