--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘঁৰিয়াল পৃথিৱীৰ অন্যতম বিপদজনক জীৱ আৰু ইয়াৰ পৰা যিমানেই দূৰত্ব বজাই ৰাখিব সিমানেই আপোনাৰ পক্ষে ভাল। বহু সময়ত এই ঘঁৰিয়ালে নিজৰ স্বভাৱৰ বাবেও মানুহক আক্ৰমণ কৰে। তেনে এটা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত এটা ঘঁৰিয়ালে এগৰাকী মহিলাক আক্ৰমণ কৰি হাতখনত মুখেৰে টানি ধৰে। কিন্তু তাত উপস্থিত এজন ব্যক্তিৰ বীৰত্বৰ বাবেই মহিলাগৰাকীৰ প্ৰাণ কথমপি ৰক্ষা পৰে।


ভাইৰেল হোৱা এই ভিডিঅ’টো আমেৰিকাৰ উটাহৰ বুলি জানিব পৰা গৈছে, য’ত ডেৰ ৮ ফুট দীঘল ঘঁৰিয়ালে হঠাতে স্কেলছ এণ্ড টেইলছ টেপটাইলছ চেণ্টাৰৰ এগৰাকী মহিলা অপাৰেটৰক আক্ৰমণ কৰিছিল। ঘঁৰিয়ালটোৱে মহিলাগৰাকীৰ হাতখন মুখৰে কামুৰি ধৰে। মহিলাগৰাকীয়ে হাতখন মুক্ত কৰিবলৈ বহু চেষ্টা কৰে যদিও ঘঁৰিয়ালটোৱে মহিলাগৰাকীৰ হাতখন কমেও ১:৩০ মিনিটৰ বাবে মুখত ৰাখে। তালৈ ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলে এই বিপজ্জনক আক্ৰমণ দেখি স্তম্ভিত হৈ পৰে।উল্লেখ্য যে, ঘঁৰিয়ালটোক দুপৰীয়াৰ আহাৰ খুৱাবলৈ আহে সৰীসৃপ কেন্দ্ৰটোৰ এগৰাকী অপাৰেটৰ। হঠাৎ আক্ৰমণাত্মক হৈ চোলাৰে হাতখন ধৰি মহিলাগৰাকীক ঘঁৰিয়ালটোৱে টানি আঁতৰাই লৈ যায়। এই দেখি এগৰাকী দৰ্শনাৰ্থীয়ে মহিলাগৰাকীক বচাবলৈ লৰালৰিকৈ গৈ ঘঁৰিয়ালটোৰ ওপৰত বহিল। অলপ পাছতে কেন্দ্ৰটোৰ আন এজন কৰ্মচাৰী আহি মহিলাগৰাকীক টেংকৰ পৰা উলিয়াই আনে। সকলো চেষ্টা কৰাৰ পাছত ঘঁৰিয়ালটোৱে মহিলাগৰাকীৰ হাতখন এৰি দিয়ে।ঘঁৰিয়ালটো অলপ শান্ত হোৱাত দৰ্শনাৰ্থীজনো টেংকৰ পৰা জপিয়াই ওলাই আহে।


উল্লেখ্য যে এই ঘটনা তিনিবছৰ পুৰণি যিটো আকৌ এবাৰ ভাইৰেল হৈ পৰিছে। এই ঘটনাত মহিলাগৰাকীৰ হাতৰ কেইবাডালো হাড় ভাঙি যায়। আক্ৰমণৰ পাছতে মহিলাগৰাকীক লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়, য’ত মহিলাগৰাকীৰ হাতৰ অস্ত্ৰোপচাৰ কৰা হয়।


বৰ্তমান এই ভাইৰেল ভিডিঅ'টোক লৈ নেটিজেনে বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহু ব্যৱহাৰকাৰীয়ে নিজৰ জীৱনৰ কথা চিন্তা নকৰাকৈ এগৰাকী মহিলা কৰ্মচাৰীৰ প্ৰাণৰক্ষা কৰা দৰ্শনাৰ্থীক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, পুৰুষজন যথেষ্ট সাহসী আৰু তেওঁ  অভিনন্দনৰ প্ৰাপ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক