--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৮৬ শতাংশৰ পৰা আৰম্ভ কৰি ১৪৩ শতাংশলৈকে ভাৰত, ইণ্ডোনেছিয়া আৰু লাওছৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰিছে অমেৰিকাই।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ড’নাল্ড ট্রাম্পৰ প্রশাসনে ভাৰত আৰু অন্য কিছুমান দেশৰ সৌৰ সামগ্ৰীৰ আমদানিত মঙলবাৰে ১২৬ শতাংশ শুল্ক আৰোপ কৰিছে। মার্কিন বাণিজ্য বিভাগে প্রকাশ কৰা মতে, দেশকেইখনলৈ আগবঢ়োৱা আমেৰিকাৰ চৰকাৰী ৰাজসাহায্যই আমেৰিকাৰ সৌৰ সামগ্ৰী উৎপাদনকাৰীসকলক অসুবিধাত পেলাইছে আৰু সেইবাবে ভাৰতসহ কেইবাখনো দেশৰ সৌৰ সামগ্ৰীৰ আমদানিত দেশখনে অধিক শুল্ক আৰোপ কৰিছে। 

৮৬ শতাংশৰ পৰা আৰম্ভ কৰি ১৪৩ শতাংশলৈকে ভাৰত, ইণ্ডোনেছিয়া আৰু লাওছৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰিছে অমেৰিকাই। মার্কিন কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভাৰত, ইণ্ডোনেছিয়া আৰু লাওছৰ উৎপাদনকাৰীসকলে এটা স্বচ্ছ বজাৰ মূল্যৰ ওপৰত দাম লাভ কৰিছিল আৰু যাৰ বাবে আমেৰিকাৰ থলুৱা সৌৰ সামগ্ৰী উৎপাদনকাৰীসকলে লোকচানৰ সন্মুখীন হৈছিল। মার্কিন সৌৰ বজাৰত এটা স্বচ্ছ প্রতিযোগিতা হোৱাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মার্কিন কর্তৃপক্ষৰ এজন বিষয়াই মন্তব্য কৰে। 

আনহাতে, ব্লুমবার্গৰ মতে, দক্ষিণ এছিয়াৰ ভাৰতসহ চাৰিখন দেশৰ সৌৰ সামগ্ৰীৰ বাণিজ্যত এই নতুন মার্কিন শুল্কই প্রভাৱ পেলাব। উল্লেখযোগ্য যে ২০২৪ চনত ভাৰতীয় সৌৰ সামগ্ৰীৰ মার্কিন আমদানি আছিল ৭৯২.৬ মিলিয়ন ডলাৰ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু