--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৮৬ শতাংশৰ পৰা আৰম্ভ কৰি ১৪৩ শতাংশলৈকে ভাৰত, ইণ্ডোনেছিয়া আৰু লাওছৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰিছে অমেৰিকাই।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ড’নাল্ড ট্রাম্পৰ প্রশাসনে ভাৰত আৰু অন্য কিছুমান দেশৰ সৌৰ সামগ্ৰীৰ আমদানিত মঙলবাৰে ১২৬ শতাংশ শুল্ক আৰোপ কৰিছে। মার্কিন বাণিজ্য বিভাগে প্রকাশ কৰা মতে, দেশকেইখনলৈ আগবঢ়োৱা আমেৰিকাৰ চৰকাৰী ৰাজসাহায্যই আমেৰিকাৰ সৌৰ সামগ্ৰী উৎপাদনকাৰীসকলক অসুবিধাত পেলাইছে আৰু সেইবাবে ভাৰতসহ কেইবাখনো দেশৰ সৌৰ সামগ্ৰীৰ আমদানিত দেশখনে অধিক শুল্ক আৰোপ কৰিছে। 

৮৬ শতাংশৰ পৰা আৰম্ভ কৰি ১৪৩ শতাংশলৈকে ভাৰত, ইণ্ডোনেছিয়া আৰু লাওছৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰিছে অমেৰিকাই। মার্কিন কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভাৰত, ইণ্ডোনেছিয়া আৰু লাওছৰ উৎপাদনকাৰীসকলে এটা স্বচ্ছ বজাৰ মূল্যৰ ওপৰত দাম লাভ কৰিছিল আৰু যাৰ বাবে আমেৰিকাৰ থলুৱা সৌৰ সামগ্ৰী উৎপাদনকাৰীসকলে লোকচানৰ সন্মুখীন হৈছিল। মার্কিন সৌৰ বজাৰত এটা স্বচ্ছ প্রতিযোগিতা হোৱাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মার্কিন কর্তৃপক্ষৰ এজন বিষয়াই মন্তব্য কৰে। 

আনহাতে, ব্লুমবার্গৰ মতে, দক্ষিণ এছিয়াৰ ভাৰতসহ চাৰিখন দেশৰ সৌৰ সামগ্ৰীৰ বাণিজ্যত এই নতুন মার্কিন শুল্কই প্রভাৱ পেলাব। উল্লেখযোগ্য যে ২০২৪ চনত ভাৰতীয় সৌৰ সামগ্ৰীৰ মার্কিন আমদানি আছিল ৭৯২.৬ মিলিয়ন ডলাৰ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ