--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বর্তমান বহুতো তেল উৎপাদনকাৰী প্রতিষ্ঠানে ইতিমধ্যে দাম হ্রাস কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক : দেশৰ সাধাৰণ জনতালৈ সকাহ দি কেন্দ্রীয় চৰকাৰে খাৰুৱা খোৱা তেলৰ ওপৰত আমদানি শুল্ক হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। অহা ৩১ মে'ৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই নতুন নির্দেশনা অনুসৰি খাৰুৱা পাম তেল, ছয়াবিন তেল আৰু ছানফ্লাৱাৰ তেলৰ ওপৰত থকা ২০ শতাংশ শুল্ক এতিয়া ১০ শতাংশলৈ হ্রাস কৰা হৈছে। 


ইয়াৰ ফলত বজাৰত এইসমূহ তেলৰ সামগ্রিক কৰৰ বোজা ২৭.৫ শতাংশৰ পৰা ১৬.৫ শতাংশলৈ হ্ৰাস পাব। ২০২৪ চনৰ ছেপ্টেম্বৰত শুল্ক বৃদ্ধিৰ ফলত যি আকাশলংঘী দাম বৃদ্ধি হৈছিল, এনে পদক্ষেপে সেই চাপ বহু পৰিমাণে কম কৰিব বুলি আশা কৰিছে। গ্রাহক পৰিক্ৰমা মন্ত্র্যালয়ে বর্তমান এই মূল্য হ্রাসৰ ওপৰত গুৰুত্বসহকাৰে বিবেচনা কৰি আছে। অন্ধ্র প্রদেশ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্য প্রদেশৰ দৰে ৰাজ্যসমূহ, য'ত উপযুক্ত তেলৰ সৰ্বাধিক শোধনকাৰী কেন্দ্র আছে, তাত চৰকাৰী বিষয়াসকলে ইতিমধ্যে পৰিদৰ্শন আৰম্ভ কৰিছে। এই শুল্ক কৰ্তনৰ সুফল যাতে সাধাৰণ গ্রাহকে ন্যূনতম মূল্যত লাভ কৰে, সেয়া নিশ্চিত কৰাই এই পৰিদর্শনৰ মূল উদ্দেশ্য। 


বর্তমান বহুতো তেল উৎপাদনকাৰী প্রতিষ্ঠানে ইতিমধ্যে দাম হ্রাস কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে। নতুন শুল্ক হাৰত আমদানি কৰা তেলৰ খেপসমূহ বজাৰলৈ অহাৰ লগে লগে খুচুৰা বজাৰত খোৱা তেলৰ মূল্য অধিক হ্রাস পোৱাৰ সম্ভাৱনা আছে। দেশৰ ঘৰুৱা চাহিদাৰ প্রায় ৭০ শতাংশই আমদানিৰ ওপৰত নির্ভৰশীল হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ এই পদক্ষেপে মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰি সাধাৰণ গ্রাহকৰ ক্ৰয় কৰাৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু