--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বর্তমান বহুতো তেল উৎপাদনকাৰী প্রতিষ্ঠানে ইতিমধ্যে দাম হ্রাস কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক : দেশৰ সাধাৰণ জনতালৈ সকাহ দি কেন্দ্রীয় চৰকাৰে খাৰুৱা খোৱা তেলৰ ওপৰত আমদানি শুল্ক হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। অহা ৩১ মে'ৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই নতুন নির্দেশনা অনুসৰি খাৰুৱা পাম তেল, ছয়াবিন তেল আৰু ছানফ্লাৱাৰ তেলৰ ওপৰত থকা ২০ শতাংশ শুল্ক এতিয়া ১০ শতাংশলৈ হ্রাস কৰা হৈছে। 


ইয়াৰ ফলত বজাৰত এইসমূহ তেলৰ সামগ্রিক কৰৰ বোজা ২৭.৫ শতাংশৰ পৰা ১৬.৫ শতাংশলৈ হ্ৰাস পাব। ২০২৪ চনৰ ছেপ্টেম্বৰত শুল্ক বৃদ্ধিৰ ফলত যি আকাশলংঘী দাম বৃদ্ধি হৈছিল, এনে পদক্ষেপে সেই চাপ বহু পৰিমাণে কম কৰিব বুলি আশা কৰিছে। গ্রাহক পৰিক্ৰমা মন্ত্র্যালয়ে বর্তমান এই মূল্য হ্রাসৰ ওপৰত গুৰুত্বসহকাৰে বিবেচনা কৰি আছে। অন্ধ্র প্রদেশ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্য প্রদেশৰ দৰে ৰাজ্যসমূহ, য'ত উপযুক্ত তেলৰ সৰ্বাধিক শোধনকাৰী কেন্দ্র আছে, তাত চৰকাৰী বিষয়াসকলে ইতিমধ্যে পৰিদৰ্শন আৰম্ভ কৰিছে। এই শুল্ক কৰ্তনৰ সুফল যাতে সাধাৰণ গ্রাহকে ন্যূনতম মূল্যত লাভ কৰে, সেয়া নিশ্চিত কৰাই এই পৰিদর্শনৰ মূল উদ্দেশ্য। 


বর্তমান বহুতো তেল উৎপাদনকাৰী প্রতিষ্ঠানে ইতিমধ্যে দাম হ্রাস কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে। নতুন শুল্ক হাৰত আমদানি কৰা তেলৰ খেপসমূহ বজাৰলৈ অহাৰ লগে লগে খুচুৰা বজাৰত খোৱা তেলৰ মূল্য অধিক হ্রাস পোৱাৰ সম্ভাৱনা আছে। দেশৰ ঘৰুৱা চাহিদাৰ প্রায় ৭০ শতাংশই আমদানিৰ ওপৰত নির্ভৰশীল হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ এই পদক্ষেপে মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰি সাধাৰণ গ্রাহকৰ ক্ৰয় কৰাৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ