--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটা বছৰৰ পাছত ৮০ বছৰীয়া হ’ব ড’নাল্ড ট্ৰাম্প৷ বৰ্ষীয়ান নেতাগৰাকীৰ প্ৰত্যাৱৰ্তনে আমেৰিকাৰ ৰাজনৈতিক জগতত এক অনন্য নজিৰ গঢ়ি তুলিলে। আমেৰিকাৰ ইতিহাসত ১৩২ বছৰ পাছত দ্বিতীয়বৰলৈ ৰাষ্ট্ৰপতি পদত হয় অধিস্থিত হোৱা ব্যক্তি হিচাপে পৰিগণিত হয় ডোনাল্ড ট্ৰাম্প৷

অভূতপূৰ্ব জয়ত উল্লাসিত হৈ ট্ৰাম্পে সমালোচকসকলক ভুল প্ৰমাণিত কৰিলোঁ বুলি উল্লেখ কৰে৷ লগতে আমেৰিকাৰ ভৱিষ্যত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে ফ্ল’ৰিডাত বিজয় ভাষণ দিবলৈ ট্ৰাম্পৰ কাষত থিয় দি কয় যে আমি দেশৰ ইতিহাসত সৰ্ববৃহৎ ৰাজনৈতিক প্ৰত্যাৱৰ্তনৰ সাক্ষী হৈছো।

উল্লেখযোগ্য যে আঠ বছৰ পূৰ্বে ২০১৬ চনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিলাৰী ক্লিণ্টনক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ড’নাল্ড ট্ৰাম্প হোৱাইট হাউছত প্ৰৱেশ কৰিছিল। কিন্তু চাৰি বছৰৰ পাছত ২০২০ চনত ডেম’ক্ৰেট জো বাইডেনৰ হাতত পৰাস্ত হয়। আৰু  ইয়াৰ পিছত বিভিন্ন গোচৰত অভিযুক্ত হৈ পুনৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়৷ নিৰ্বাচনী যুদ্ধৰ অন্তিম পৰ্যায়ত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী তথা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক পৰাস্ত কৰি ট্ৰাম্পে জয়লাভ কৰে।

ড’নাল্ড ট্ৰাম্পৰ পূৰ্বে আমেৰিকাৰ ইতিহাসত দ্বিতীয় বাৰলৈ ৰাষ্ট্ৰপতিৰ পদত আধিস্থিত হৈ নজিৰ গঢ়ি তুলিছিল গ্ৰভাৰ ক্লিভলেণ্ড। ডেম’ক্ৰেট দলৰ গ্ৰভাৰ ক্লিভলেণ্ড ১৮৮৪ চনত প্ৰথমবাৰ কম ভোটৰ ব্যৱধানত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ১৮৮৮ চনত তেওঁ ৰাইজৰ প্ৰত্যক্ষ ভোট হেৰুৱাইছিল। ১৮৯২ চনত ৰিপাব্লিকান দলৰ প্ৰত্যাহ্বানকাৰী বেঞ্জামিন হেৰিছনক পৰাস্ত কৰি তেওঁ পুনৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হৈছিল। ১৩২ বছৰপাছত ডেম’ক্ৰেট ক্লিভলেণ্ডেৰ দৰে একে নজিৰ গঢ়ি তুলিলে ৰিপাব্লিকান দলৰ নেতা ট্ৰাম্পে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?