--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটা বছৰৰ পাছত ৮০ বছৰীয়া হ’ব ড’নাল্ড ট্ৰাম্প৷ বৰ্ষীয়ান নেতাগৰাকীৰ প্ৰত্যাৱৰ্তনে আমেৰিকাৰ ৰাজনৈতিক জগতত এক অনন্য নজিৰ গঢ়ি তুলিলে। আমেৰিকাৰ ইতিহাসত ১৩২ বছৰ পাছত দ্বিতীয়বৰলৈ ৰাষ্ট্ৰপতি পদত হয় অধিস্থিত হোৱা ব্যক্তি হিচাপে পৰিগণিত হয় ডোনাল্ড ট্ৰাম্প৷

অভূতপূৰ্ব জয়ত উল্লাসিত হৈ ট্ৰাম্পে সমালোচকসকলক ভুল প্ৰমাণিত কৰিলোঁ বুলি উল্লেখ কৰে৷ লগতে আমেৰিকাৰ ভৱিষ্যত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে ফ্ল’ৰিডাত বিজয় ভাষণ দিবলৈ ট্ৰাম্পৰ কাষত থিয় দি কয় যে আমি দেশৰ ইতিহাসত সৰ্ববৃহৎ ৰাজনৈতিক প্ৰত্যাৱৰ্তনৰ সাক্ষী হৈছো।

উল্লেখযোগ্য যে আঠ বছৰ পূৰ্বে ২০১৬ চনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিলাৰী ক্লিণ্টনক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ড’নাল্ড ট্ৰাম্প হোৱাইট হাউছত প্ৰৱেশ কৰিছিল। কিন্তু চাৰি বছৰৰ পাছত ২০২০ চনত ডেম’ক্ৰেট জো বাইডেনৰ হাতত পৰাস্ত হয়। আৰু  ইয়াৰ পিছত বিভিন্ন গোচৰত অভিযুক্ত হৈ পুনৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়৷ নিৰ্বাচনী যুদ্ধৰ অন্তিম পৰ্যায়ত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী তথা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক পৰাস্ত কৰি ট্ৰাম্পে জয়লাভ কৰে।

ড’নাল্ড ট্ৰাম্পৰ পূৰ্বে আমেৰিকাৰ ইতিহাসত দ্বিতীয় বাৰলৈ ৰাষ্ট্ৰপতিৰ পদত আধিস্থিত হৈ নজিৰ গঢ়ি তুলিছিল গ্ৰভাৰ ক্লিভলেণ্ড। ডেম’ক্ৰেট দলৰ গ্ৰভাৰ ক্লিভলেণ্ড ১৮৮৪ চনত প্ৰথমবাৰ কম ভোটৰ ব্যৱধানত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ১৮৮৮ চনত তেওঁ ৰাইজৰ প্ৰত্যক্ষ ভোট হেৰুৱাইছিল। ১৮৯২ চনত ৰিপাব্লিকান দলৰ প্ৰত্যাহ্বানকাৰী বেঞ্জামিন হেৰিছনক পৰাস্ত কৰি তেওঁ পুনৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হৈছিল। ১৩২ বছৰপাছত ডেম’ক্ৰেট ক্লিভলেণ্ডেৰ দৰে একে নজিৰ গঢ়ি তুলিলে ৰিপাব্লিকান দলৰ নেতা ট্ৰাম্পে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ