--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনা আৰু বহু অপেক্ষাৰ অন্ত পেলাই আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প।ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছলৈ উভতি আহিবলৈ সাজু হৈছে৷ 

ট্ৰাম্পে তেওঁৰ ডেম’ক্ৰেটিক দলৰ প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাস্ত কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প। দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ সৌভাগ্য ঘটিল ট্ৰাম্পৰ।জয়ৰ নিশ্চিয়তা হোৱাৰ পাছতেই ট্ৰাম্পে সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ট্ৰাম্পে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ফলাফলৰ মাজতে ফ্ল’ৰিডাত দিয়া ভাষণত ট্ৰাম্পে ইলন মাস্ককে ধৰি বিভিন্নজনক ধন্যবাদ জ্ঞাপন কৰে। পত্নী মেলানিয়াই কৰা সমৰ্থনৰ বাবেও তেওঁ ধন্যবাদ জনায়। এই ফলাফলক ঐতিহাসিক বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে এনে বিজয় আমেৰিকাই আগতে কেতিয়াও দেখা নাই।এয়া আমাৰ দেশে কেতিয়াও দেখা নোপোৱা ৰাজনৈতিক জয়। ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে মই প্ৰতিদিনে দেশবাসীৰ হৈ যুঁজ দিম।আমেৰিকাৰ বাবে এয়া বৃহৎ জয়, যিয়ে আমেৰিকাক পুনৰ মহান কৰি তুলিব

ট্ৰাম্পে লগতে কয় যে, নৰ্থ কেৰ’লিনা, জৰ্জিয়া আৰু পেনচিলভেনিয়াৰ দৰে ৰাজ্যই আমাক ভোট প্ৰদান কৰিছে। যাৰ বাবে এই নিৰ্বাচন বিশেষ হৈ পৰিছে।

ইয়াৰ পূৰ্বে ট্ৰাম্পে ২০২১ চনৰ ২০ জানুৱাৰীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক