--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনা আৰু বহু অপেক্ষাৰ অন্ত পেলাই আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প।ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছলৈ উভতি আহিবলৈ সাজু হৈছে৷ 

ট্ৰাম্পে তেওঁৰ ডেম’ক্ৰেটিক দলৰ প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাস্ত কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প। দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ সৌভাগ্য ঘটিল ট্ৰাম্পৰ।জয়ৰ নিশ্চিয়তা হোৱাৰ পাছতেই ট্ৰাম্পে সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ট্ৰাম্পে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ফলাফলৰ মাজতে ফ্ল’ৰিডাত দিয়া ভাষণত ট্ৰাম্পে ইলন মাস্ককে ধৰি বিভিন্নজনক ধন্যবাদ জ্ঞাপন কৰে। পত্নী মেলানিয়াই কৰা সমৰ্থনৰ বাবেও তেওঁ ধন্যবাদ জনায়। এই ফলাফলক ঐতিহাসিক বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে এনে বিজয় আমেৰিকাই আগতে কেতিয়াও দেখা নাই।এয়া আমাৰ দেশে কেতিয়াও দেখা নোপোৱা ৰাজনৈতিক জয়। ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে মই প্ৰতিদিনে দেশবাসীৰ হৈ যুঁজ দিম।আমেৰিকাৰ বাবে এয়া বৃহৎ জয়, যিয়ে আমেৰিকাক পুনৰ মহান কৰি তুলিব

ট্ৰাম্পে লগতে কয় যে, নৰ্থ কেৰ’লিনা, জৰ্জিয়া আৰু পেনচিলভেনিয়াৰ দৰে ৰাজ্যই আমাক ভোট প্ৰদান কৰিছে। যাৰ বাবে এই নিৰ্বাচন বিশেষ হৈ পৰিছে।

ইয়াৰ পূৰ্বে ট্ৰাম্পে ২০২১ চনৰ ২০ জানুৱাৰীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ