--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:ভাৰতৰ বাহিৰতো সমাদৰ লাভ কৰিছে পোহৰৰ উৎসৱ দীপাৱলীয়ে৷ শেহতীয়া খবৰ অনুসৰি ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীয়েও পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী৷ কিন্তু ডাউনিং ষ্ট্ৰীট ১০ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে আয়োজন কৰা দীপাৱলী পাৰ্টিত মাংস আৰু মদ পৰিৱেশন কৰাক লৈ ক্ষোভিত ব্ৰিটেইনৰ হিন্দুসকল। 

দীপাৱলীৰ অনুষ্ঠানৰ সময়ত একাংশ ব্ৰিটেইনৰ হিন্দুৱে ৰাতিৰ আহাৰত মদ আৰু আমিষ খাদ্য সন্নিবিষ্ট কৰা বুলি জানিব পাৰি অসন্তুষ্ট হৈ পৰে। এই সন্দৰ্ভত ব্ৰিটিছ হিন্দু পণ্ডিত সতীশ কে শৰ্মাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এইকাৰ্যই ধৰ্মীয় অনুভূতিত আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

সতীশ কে শৰ্মাই এক্সত এটা ভিডিঅ’ পোষ্টৰ জৰিয়তে কয় যে বিগত ১৪ বছৰে ডাউনিং ষ্ট্ৰীট ১০ত মাংস আৰু মদ অবিহনে দীপাৱলী উদযাপন কৰি অহা হৈছিল। কিন্তু এইবাৰৰ উৎসৱত এই পৰিৱৰ্তনত হতাশ তথা ইয়াকলৈ যথেষ্ট আচৰিত হোৱা বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ উপদেষ্টাসকলে এনে অসাৱধানতা গ্ৰহণীয় নহয় বুলি উল্লেখ কৰিছে।

এই কাৰ্যাই দীপাৱলীৰ সৈতে জড়িত ধৰ্মীয় পৰম্পৰাৰ প্ৰতি বুজাবুজি তথা সন্মানৰ অভাৱ দেখুৱাইছে বুলি মত প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতৰ অনুষ্ঠানত যাতে এনে কাৰ্যৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে দৃষ্টি ৰাখিবৰ বাবে আহ্বান জনাইছে। কিন্তু এতিয়ালৈকে ডাউনিং ষ্ট্ৰীটস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক