--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:ভাৰতৰ বাহিৰতো সমাদৰ লাভ কৰিছে পোহৰৰ উৎসৱ দীপাৱলীয়ে৷ শেহতীয়া খবৰ অনুসৰি ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীয়েও পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী৷ কিন্তু ডাউনিং ষ্ট্ৰীট ১০ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে আয়োজন কৰা দীপাৱলী পাৰ্টিত মাংস আৰু মদ পৰিৱেশন কৰাক লৈ ক্ষোভিত ব্ৰিটেইনৰ হিন্দুসকল। 

দীপাৱলীৰ অনুষ্ঠানৰ সময়ত একাংশ ব্ৰিটেইনৰ হিন্দুৱে ৰাতিৰ আহাৰত মদ আৰু আমিষ খাদ্য সন্নিবিষ্ট কৰা বুলি জানিব পাৰি অসন্তুষ্ট হৈ পৰে। এই সন্দৰ্ভত ব্ৰিটিছ হিন্দু পণ্ডিত সতীশ কে শৰ্মাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এইকাৰ্যই ধৰ্মীয় অনুভূতিত আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

সতীশ কে শৰ্মাই এক্সত এটা ভিডিঅ’ পোষ্টৰ জৰিয়তে কয় যে বিগত ১৪ বছৰে ডাউনিং ষ্ট্ৰীট ১০ত মাংস আৰু মদ অবিহনে দীপাৱলী উদযাপন কৰি অহা হৈছিল। কিন্তু এইবাৰৰ উৎসৱত এই পৰিৱৰ্তনত হতাশ তথা ইয়াকলৈ যথেষ্ট আচৰিত হোৱা বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ উপদেষ্টাসকলে এনে অসাৱধানতা গ্ৰহণীয় নহয় বুলি উল্লেখ কৰিছে।

এই কাৰ্যাই দীপাৱলীৰ সৈতে জড়িত ধৰ্মীয় পৰম্পৰাৰ প্ৰতি বুজাবুজি তথা সন্মানৰ অভাৱ দেখুৱাইছে বুলি মত প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতৰ অনুষ্ঠানত যাতে এনে কাৰ্যৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে দৃষ্টি ৰাখিবৰ বাবে আহ্বান জনাইছে। কিন্তু এতিয়ালৈকে ডাউনিং ষ্ট্ৰীটস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন