--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিমুদ্ৰাকৰণৰ পাঁচ বছৰৰ পাছতো দেশত নিষিদ্ধ হোৱা নাই ক’লা ধন! এইবাৰ উত্তৰ প্ৰদেশৰ এজন আতৰ ব্যৱসায়ীৰ পৰা আয়কৰে জব্দ কৰিছে ১৫০ কোটি টকা৷ আয়কৰ বিভাগে কাণপুৰৰ আনন্দপুৰীত আতৰ ব্যৱসায়ী পীযুষ জৈনৰ ঘৰত অভিযান চলাইছিল। শেহতীয়া খবৰ অনুসৰি, ৬টা বৃহদাকাৰৰ ধনৰ বাকচৰ নোট গণি শেষ কৰাৰ পাছতো গণনা অব্যাহত আছে৷ জানিব পৰা মতে, আয়কৰৰ অনুসন্ধানত জৈনৰ ৪০ টাতকৈয়ো অধিক কোম্পানী পোৱা গৈছে, যাৰ জৰিয়তে ব্যৱসায় চলাই গৈছে পীযুষ জৈনে৷


আতৰ ব্যৱসায়ীজনৰ ঘৰত চলোৱা অভিযানৰ সৈতে সম্পৰ্কিত হৈছে এজন ৰাজনৈতিক নেতা৷ বিজেপিয়ে দাবী কৰা অনুসৰি, সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱৰ আতৰ ব্যৱসায়ীৰ সৈতে সম্পৰ্ক আছে।
উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ঠিক আগতে সংঘটিত এই অভিযানৰ বাতৰি ৰাজহুৱা হোৱাৰ পাছত বিজেপিয়ে সমালোচনাৰ লক্ষ্য কৰি লৈছে সমাজবাদী পাৰ্টীক৷

ৰাজনৈতিক বাদানুবাদৰ উপৰি দেশজুৰি এতিয়া চৰ্চিত হৈছে আন এটা বিষয়৷ বিমুদ্ৰাকৰণৰ পাছ বছৰ পাছতো ক’লা ধনৰ নিষেধাজ্ঞা আৰু নগদবিহীন অৰ্থনীতিৰ সময়ত এজন ব্যক্তিয়ে কেনেকৈ ইমান নগদ ধনসংগ্ৰহ কৰিব পাৰে? প্ৰধানমন্ত্ৰীৰ বিমুদ্ৰাকৰণৰ আকস্মিক ঘোষণাই দেশজুৰি হাহাকাৰময় পৰিস্থিতি সৃষ্টি কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে সেই সময়ত দাবী কৰিছিল যে, বিমুদ্ৰাকৰণৰ পাছত দেশত ক’লাধন নোহোৱা হোৱাৰ লগতে বিদেশৰ পৰাও ভাৰতীয় লোকৰ ক’লা ধন ওভতাই অনা হ’ব৷ কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল৷ বাস্তৱ প্ৰেক্ষাপটত বিমুদ্ৰাকৰণৰ বহু নেতিবাচক ছবিহে দেখিবলৈ পালে দেশবাসীয়ে৷ তেনে সময়তে উত্তৰ প্ৰদেশৰ এই ঘটনাই প্ৰধানমন্ত্ৰীগৰাকীৰ ঘোষণাকে নস্যাৎ কৰাৰ লগতে ক’লা ধনৰ সাম্ৰাজ্যৰ এক ক’লা অধ্যায় মুকলি কৰিলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement