--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিমুদ্ৰাকৰণৰ পাঁচ বছৰৰ পাছতো দেশত নিষিদ্ধ হোৱা নাই ক’লা ধন! এইবাৰ উত্তৰ প্ৰদেশৰ এজন আতৰ ব্যৱসায়ীৰ পৰা আয়কৰে জব্দ কৰিছে ১৫০ কোটি টকা৷ আয়কৰ বিভাগে কাণপুৰৰ আনন্দপুৰীত আতৰ ব্যৱসায়ী পীযুষ জৈনৰ ঘৰত অভিযান চলাইছিল। শেহতীয়া খবৰ অনুসৰি, ৬টা বৃহদাকাৰৰ ধনৰ বাকচৰ নোট গণি শেষ কৰাৰ পাছতো গণনা অব্যাহত আছে৷ জানিব পৰা মতে, আয়কৰৰ অনুসন্ধানত জৈনৰ ৪০ টাতকৈয়ো অধিক কোম্পানী পোৱা গৈছে, যাৰ জৰিয়তে ব্যৱসায় চলাই গৈছে পীযুষ জৈনে৷


আতৰ ব্যৱসায়ীজনৰ ঘৰত চলোৱা অভিযানৰ সৈতে সম্পৰ্কিত হৈছে এজন ৰাজনৈতিক নেতা৷ বিজেপিয়ে দাবী কৰা অনুসৰি, সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱৰ আতৰ ব্যৱসায়ীৰ সৈতে সম্পৰ্ক আছে।
উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ঠিক আগতে সংঘটিত এই অভিযানৰ বাতৰি ৰাজহুৱা হোৱাৰ পাছত বিজেপিয়ে সমালোচনাৰ লক্ষ্য কৰি লৈছে সমাজবাদী পাৰ্টীক৷

ৰাজনৈতিক বাদানুবাদৰ উপৰি দেশজুৰি এতিয়া চৰ্চিত হৈছে আন এটা বিষয়৷ বিমুদ্ৰাকৰণৰ পাছ বছৰ পাছতো ক’লা ধনৰ নিষেধাজ্ঞা আৰু নগদবিহীন অৰ্থনীতিৰ সময়ত এজন ব্যক্তিয়ে কেনেকৈ ইমান নগদ ধনসংগ্ৰহ কৰিব পাৰে? প্ৰধানমন্ত্ৰীৰ বিমুদ্ৰাকৰণৰ আকস্মিক ঘোষণাই দেশজুৰি হাহাকাৰময় পৰিস্থিতি সৃষ্টি কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে সেই সময়ত দাবী কৰিছিল যে, বিমুদ্ৰাকৰণৰ পাছত দেশত ক’লাধন নোহোৱা হোৱাৰ লগতে বিদেশৰ পৰাও ভাৰতীয় লোকৰ ক’লা ধন ওভতাই অনা হ’ব৷ কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল৷ বাস্তৱ প্ৰেক্ষাপটত বিমুদ্ৰাকৰণৰ বহু নেতিবাচক ছবিহে দেখিবলৈ পালে দেশবাসীয়ে৷ তেনে সময়তে উত্তৰ প্ৰদেশৰ এই ঘটনাই প্ৰধানমন্ত্ৰীগৰাকীৰ ঘোষণাকে নস্যাৎ কৰাৰ লগতে ক’লা ধনৰ সাম্ৰাজ্যৰ এক ক’লা অধ্যায় মুকলি কৰিলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু