--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সদ্য সমাপ্ত আইপিএলৰ পৰাই দুৰন্ত ছন্দত দেখিবলৈ পোৱা গৈছে ভাৰতীয় বেটছমেন, উইকেট ৰক্ষক দীনেশ কাৰ্তিককদক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজত পুনৰ উজলি উঠিছে কাৰ্তিক| বজাই ৰাখিছে তেওঁৰ আক্ৰমণাত্মক শ্বট| ৰাজকোটত অনুষ্ঠিত  চতুৰ্থ টি-২০ত যেন চিনাকি ছন্দত দেখিবলৈ পোৱা ' কাৰ্তিকক২৬টা বলত ৫৫ ৰানৰ এক দৰ্শনীয় ইনিংছো উপহাৰ দিয়ে ক্ৰিকেটাৰ গৰাকীয়ে

কাৰ্তিকৰ বেটিং বিক্ৰমৰ সহায়তে ভাৰতে অতিথি দলটোৰ বিৰুদ্ধে ১৭০ ৰানৰ লক্ষ্য বান্ধি দিবলৈ সক্ষম হয়কাৰ্তিকৰ শেহতীয়া প্ৰদৰ্শনক লৈ হৈছে চৰ্চা| সম্প্ৰতি ভাৰতীয় ক্ৰিকেটৰ এগৰাকী নিৰ্ভৰযোগ্য ফিনিছাৰ হিচাপেও দীনেশ কাৰ্তিক আহিছে আলোচনাৰ মাজলৈ|

মেচখনৰ ইনিংছ ব্ৰেকত তেওঁ কয় যে, '১০ 'ভাৰৰ পাছত আমি ভাল অৱস্থাত নাছিলোঁইমানেই সুখী যে দলটোক যুঁজ দিব পৰা ঠাইলৈ লৈ যাব পাৰিছোশেষৰ 'ভাৰত আমি ৬০-৬৫ ৰান বিচাৰিছিলোৰিস্ক লাগিবৰিস্ক লোৱা আৰু তাক গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণআমাৰ আন কোনো বিকল্প নাছিলৰিস্ক লোৱাটো ভাল।'

স্মৰ্তব্য যে, ২০০৬ চনত ভাৰতৰ প্ৰথম টি-২০ মেচত কাৰ্তিক মূল একাদশত আছিলমেচখনত 'মেন অৱ দ্য মেচ' কৃতিত্বও অৰ্জন কৰিছিল তেওঁকিন্তু আশ্চৰ্যজনক ভাবে সৌ সিদিনালৈকে আন্তঃৰাষ্ট্ৰীয় টি-২০ত তেওঁৰ সৰ্বাধিক ৰান আছিল অপৰাজিত ৪৮ | প্ৰথম অৰ্ধশতক পাবলৈ কাৰ্তিকে ১৬ বছৰ অপেক্ষা কৰিবলগীয়া '| এই প্ৰসংগত কাৰ্তিকে সৰল হাঁহি এটা মাৰি কয়, 'এটাতকৈ অধিক প্ৰজন্মৰ সৈতে দেশৰ হৈ খেলাৰ সুযোগ পাইছোপ্ৰথমখন মেচত ২২ গৰাকী খেলুৱৈৰ ভিতৰত ২১ গৰাকীয়ে অৱসৰ গ্ৰহণ কৰিছেময়ে একমাত্ৰ, এতিয়াও খেলি আছো।' সঁচাকৈয়ে কাৰ্তিকৰ শেহতীয়া প্ৰদৰ্শন প্ৰশংসাৰ যোগ্য| ইফালে সমাগত টি-২০ বিশ্বকাপ| বিশ্বকাপৰ পূৰ্বে জ্যেষ্ঠ খেলুৱৈৰ এনে চকু চাত মাৰি ধৰা প্ৰদৰ্শন দলটোৰ বাবে আশাৰ বতৰা|



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ