--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সদ্য সমাপ্ত আইপিএলৰ পৰাই দুৰন্ত ছন্দত দেখিবলৈ পোৱা গৈছে ভাৰতীয় বেটছমেন, উইকেট ৰক্ষক দীনেশ কাৰ্তিকক। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজত পুনৰ উজলি উঠিছে কাৰ্তিক| বজাই ৰাখিছে তেওঁৰ আক্ৰমণাত্মক শ্বট| ৰাজকোটত অনুষ্ঠিত  চতুৰ্থ টি-২০ত যেন চিনাকি ছন্দত দেখিবলৈ পোৱা গ'ল কাৰ্তিকক| ২৬টা বলত ৫৫ ৰানৰ এক দৰ্শনীয় ইনিংছো উপহাৰ দিয়ে ক্ৰিকেটাৰ গৰাকীয়ে।

কাৰ্তিকৰ বেটিং বিক্ৰমৰ সহায়তে ভাৰতে অতিথি দলটোৰ বিৰুদ্ধে ১৭০ ৰানৰ লক্ষ্য বান্ধি দিবলৈ সক্ষম হয়। কাৰ্তিকৰ শেহতীয়া প্ৰদৰ্শনক লৈ হৈছে চৰ্চা| সম্প্ৰতি ভাৰতীয় ক্ৰিকেটৰ এগৰাকী নিৰ্ভৰযোগ্য ফিনিছাৰ হিচাপেও দীনেশ কাৰ্তিক আহিছে আলোচনাৰ মাজলৈ|

মেচখনৰ ইনিংছ ব্ৰেকত তেওঁ কয় যে, '১০ অ'ভাৰৰ পাছত আমি ভাল অৱস্থাত নাছিলোঁ। ইমানেই সুখী যে দলটোক যুঁজ দিব পৰা ঠাইলৈ লৈ যাব পাৰিছো। শেষৰ ৭ অ'ভাৰত আমি ৬০-৬৫ ৰান বিচাৰিছিলো। ৰিস্ক ল’ব লাগিব। ৰিস্ক লোৱা আৰু তাক গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। আমাৰ আন কোনো বিকল্প নাছিল। ৰিস্ক লোৱাটো ভাল।'

স্মৰ্তব্য যে, ২০০৬ চনত ভাৰতৰ প্ৰথম টি-২০ মেচত কাৰ্তিক মূল একাদশত আছিল। মেচখনত 'মেন অৱ দ্য মেচ'ৰ কৃতিত্বও অৰ্জন কৰিছিল তেওঁ। কিন্তু আশ্চৰ্যজনক ভাবে সৌ সিদিনালৈকে আন্তঃৰাষ্ট্ৰীয় টি-২০ত তেওঁৰ সৰ্বাধিক ৰান আছিল অপৰাজিত ৪৮ | প্ৰথম অৰ্ধশতক পাবলৈ কাৰ্তিকে ১৬ বছৰ অপেক্ষা কৰিবলগীয়া হ'ল| এই প্ৰসংগত কাৰ্তিকে সৰল হাঁহি এটা মাৰি কয়, 'এটাতকৈ অধিক প্ৰজন্মৰ সৈতে দেশৰ হৈ খেলাৰ সুযোগ পাইছো। প্ৰথমখন মেচত ২২ গৰাকী খেলুৱৈৰ ভিতৰত ২১ গৰাকীয়ে অৱসৰ গ্ৰহণ কৰিছে। ময়ে একমাত্ৰ, এতিয়াও খেলি আছো।' সঁচাকৈয়ে কাৰ্তিকৰ শেহতীয়া প্ৰদৰ্শন প্ৰশংসাৰ যোগ্য| ইফালে সমাগত টি-২০ বিশ্বকাপ| বিশ্বকাপৰ পূৰ্বে জ্যেষ্ঠ খেলুৱৈৰ এনে চকু চাত মাৰি ধৰা প্ৰদৰ্শন দলটোৰ বাবে আশাৰ বতৰা|



FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু