--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এমষ্টেলভিনত আজি আহিল আবতৰীয়া ধুমুহা। ধুমুহাত উচন হৈ পৰিল নেডাৰলেণ্ড। এই ধুমুহা অৱশ্যে প্ৰাকৃতিক নহয়। ই আছিল ব্ৰিটিছ বাহিনীৰ অসাধাৰণ বেটিং বিক্ৰমৰ। ধুমুহাৰ গতিৰে খেলপথাৰত তাণ্ডৱ সৃষ্টি কৰি ইংলেণ্ডে আজি এমষ্টেলভিনত গঢ়িলে এক অনাকাংক্ষিত ৰেকৰ্ড। ভংগ কৰিলে নিজৰেই পূৰ্ব অভিলেখ। নেডাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত আজি দ্বিপাক্ষিক এদিনীয়া শৃংখলাৰ ন্ৰথমখন মেচত আজি ইংলেণ্ডে ৪৯৮ ৰানৰ এক বিশাল ইনিংছ সংগ্ৰহ কৰি ক্ৰিকেট ইতিহাসত এক নতুন অভিলেখ স্থাপন কৰিছে। নেডাৰলেণ্ডৰ বলিং আক্ৰমণক দিশহাৰা কৰি ইংৰাজ বাহিনীয়ে প্ৰদৰ্শন কৰিলে অসাধাৰণ ক্ৰিকেটীয় শৈলী।

ইংলেণ্ডৰ এই বিশাল স্ক’ৰৰ মূলতে আছিল দলটোৰ বেটিং ক্ৰমৰ অভূতপূৰ্ব বেটিং বিক্ৰম। নেডাৰলেণ্ডৰ বলিং বিভাগক তচনচ কৰি দলটোৰ তিনিগৰাকী বেটাৰে সংগ্ৰহ কৰিলে শতক। দলৰ অপেনিং বেটাৰ ফিলিপ ছল্ট, ডেৱিড মালান আৰু জ’ছ বাটলাৰে মাৰমুখী বেটিঙেৰে শতকীয় ইনিংছ খেলাৰ লগতে শেষলৈ লিয়াম লিভিংষ্ট’নে তড়িৎ গতিত ৰান সংগ্ৰহ কৰাৰ সুবাদত ইংলেণ্ডে ৪৯৮ ৰানৰ বিশাল স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়। 

এইদৰে ইংলেণ্ডে ভংগ কৰে এদিনীয়া ক্ৰিকেটত নিজৰেই পূৰ্বৰ বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে ইংলেণ্ডে ২০১৮ চনত ট্ৰেণ্ট ব্ৰিজত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৮১ ৰান সংগ্ৰহ কৰি এদিনীয়াত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছিল। আজিৰ ইংলেণ্ডৰ ৰান সংখ্যাই এই সীমা অতিক্ৰম কৰি নতুন ৰেকৰ্ড সৃষ্টি কৰে। 

অৱশ্যে ইংলেণ্ডৰ আৰম্ভণি সন্তোষজনক নাছিল। খেলৰ দ্বিতীয় অভাৰৰ তৃতীয় বলত দলীয় স্ক’ৰ ১ ৰানতে দলে হেৰুৱাইছিল অপেনাৰ জেছন ৰয়ৰ উইকেট। কিন্তু তাৰ পাছতেই আৰম্ভ হয় ইংৰাজ বাহিনীৰ বেটিং বিক্ৰম। দ্বিতীয় উইকেটৰ যুটিত আনজন অপেনাৰ ছল্ট আৰু মালানে ২২২ ৰান সংগ্ৰহ কৰি এক বৃহৎ স্ক’ৰৰ ভেঁটি গঢ়ি তোলে। 

ব্যক্তিগত ১২২ ৰানত ছল্টে বিদায় লোৱাৰ পিছত ক্ৰীজলৈ অহা বাটলাৰৰ সৈতে মালানে দলীয় স্ক’ৰ ৪০০ ৰ সীমা অতিক্ৰম কৰায়। মালানে সংগ্ৰহ  কৰে ১২৫ ৰান। অৱশ্যে ব্যৰ্থ হয় অধিনায়ক এয়ইন মৰ্গান। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে প্ৰথমটো বলতে পেভিলিয়নমুখী হয় অধিনায়কগৰাকী। ইয়াৰ পিছত আৰু হানি বিঘিনি নঘটিল ইংলেণ্ড শিবিৰত। মাৰমুখী বেপিঙেৰে খৰতকীয়াকৈ ৰান সংগ্ৰহ কৰি বাটলাৰ আৰু লিভিংষ্ট’নে অন্তিম পাঁচ অভাৰত ৯১ ৰান যোগ দি ৪৯৮ ৰানৰ বিশাল স্ক’ৰ গঢ়ি তোলে।

ইংলেণ্ডৰ ইনিংছত আটাইতকৈ বিধ্বংসী হৈ পৰে জ’ছ বাটলাৰ। মাত্ৰ ৭০ টা বলত ১৪ টা ছয় আৰু ৭ টা চাৰিৰে ১৬২ ৰান সংগ্ৰহেৰে অপৰাজিত থাকে বাটলাৰ। মাত্ৰ ৪৭ টা বলতে শতক অৰ্জন কৰি বাটলাৰে ইংলেণ্ডৰ হৈ এদিনীয়াত দ্বিতীয় দ্ৰুততম শতকৰ অভিলেখ গঢ়ে।

এনে বিধ্বংসী বেটিং বিক্ৰমেৰে ইংলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৪ উইকেটৰ বিনিময়ত ৪৯৮ ৰান সংগ্ৰহ কৰে। দলটোৱে সমগ্ৰ  ইনিংছটোত মুঠতে ২৫ টা ছয় আৰু ৩৬ টা চাৰি কোবায়। 

ইফালে এই বিশাল স্ক’ৰৰ অনুসৰণ কৰি বিপৰ্যয়ত পৰিছে নেডাৰলেণ্ড। এইপৰ্যন্ত দলটোৱে ৩৪ অভাৰত ১৬৮ ৰানতে হেৰুৱাইছে ৬ টা উইকেট। পৰাজয়ৰ পৰা হাত সাৰিবলৈ নেডাৰলেণ্ডক এতিয়াও প্ৰয়োজন ৩৩১ ৰানৰ। এনে অৱস্থাত দলটোৰ বাবে এই লক্ষ্য অসাধাৰণ যেনেই হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ