--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আবেশ খানক কিয় ভৱিষ্যতৰ তাৰকা বুলি অভিহিত কৰা হৈছে সেয়া শুকুৰবাৰে প্ৰমাণ কৰিলে মধ্যপ্ৰদেশৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। ভাৰতৰ জাৰ্ছীত এতিয়ালৈকে মাত্ৰ ৬ খন টি-২০ মেচ খেলিছে এইগৰাকী তৰুণ ক্ৰিকেটাৰে আৰু তেওঁৰ মাজত এনে কি বিশেষত্ব আছে তাকে যেন প্ৰমাণ কৰি দিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত চতুৰ্থ টি-২০মেচত। ৰাজকোটত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ চতুৰ্থখন মেচত ৪ অ’ভাৰ বলিং কৰি মাত্ৰ ১৬ ৰান খৰচ কৰা তৰুণ পেচাৰগৰাকীয়ে লাভ কৰে চাৰিটাকৈ উইকেটো।

এটা অ’ভাৰত দক্ষিণ আফ্ৰিকাৰ তিনিজন বেটছমেনক পেভেলিয়নলৈ বাট দেখুৱায় আবেশ খানে। ৰাছী ফেন দাৰ ডাচেন, মাৰ্কো জান্সেন আৰু কেশব মহাৰাজ- এজনৰ পাছত আন এজনকৈ মিডিল অৰ্ডাৰ বেটছমেন তাছপাতৰ দৰে খহি পৰিল। আবেশ খানৰ অ’ভাৰেই যেন দক্ষিণ আফ্ৰিকাৰ বেটিং বিভাগৰ মেৰুদণ্ড ভাঙি পেলায়। ১৬.৫ অ’ভাৰত মাত্ৰ ৮৭ ৰান দক্ষিণ আফ্ৰিকাই ইনিংছ সামৰণি মাৰে। ভাৰতৰ বিজয়ত আবেশ খানৰ যে এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল সেয়া অনস্বীকাৰ্য।

উল্লেখ্য যে, চতুৰ্থ টি-২০ত প্ৰথমে বেট কৰি ভাৰতে ৬ উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে। দীনেশ কাৰ্তিক আৰু হার্দিক পাণ্ডিয়াই ৩৩টা বলত ৮৫ ৰানৰ অংশীদ্বাৰিত্ব আগবঢ়ায়। ২৬টা বলত অৰ্ধশতকো অৰ্জন কৰে দীনেশ কাৰ্তিকে। ‘মেন অৱ দ্য মেচ’ হিচাপেও বিবেচিত হয় তেওঁ। ৮২ ৰানৰ এক বিশাল ব্যৱধানত জয়লাভ কৰে ভাৰতে।
 
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে চতুৰ্থ টি-২০ত জয়লাভ কৰাৰ দিনা আছিল আবেশ খানৰ পিতৃৰ জন্মদিন। দলটোৰ জয় আৰু কেৰিয়াৰৰ অন্যতম এই সফলতাৰ উপহাৰ আবেশে তেওঁৰ পিতৃলৈ আগবঢ়ায়। মেচখনৰ অন্তত আবেশ খানে কয়, ‘আজি দেউতাৰ জন্মদিন। এই সফলতা মই দেউতালৈ উৎসৰ্গা কৰিছো।’ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া অন্তিমখন টি-২০ মেচত ছিৰিজৰ ভাগ্য নিৰ্ণয় হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement