--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আবেশ খানক কিয় ভৱিষ্যতৰ তাৰকা বুলি অভিহিত কৰা হৈছে সেয়া শুকুৰবাৰে প্ৰমাণ কৰিলে মধ্যপ্ৰদেশৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। ভাৰতৰ জাৰ্ছীত এতিয়ালৈকে মাত্ৰ ৬ খন টি-২০ মেচ খেলিছে এইগৰাকী তৰুণ ক্ৰিকেটাৰে আৰু তেওঁৰ মাজত এনে কি বিশেষত্ব আছে তাকে যেন প্ৰমাণ কৰি দিলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত চতুৰ্থ টি-২০মেচত। ৰাজকোটত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ চতুৰ্থখন মেচত ৪ অ’ভাৰ বলিং কৰি মাত্ৰ ১৬ ৰান খৰচ কৰা তৰুণ পেচাৰগৰাকীয়ে লাভ কৰে চাৰিটাকৈ উইকেটো।

এটা অ’ভাৰত দক্ষিণ আফ্ৰিকাৰ তিনিজন বেটছমেনক পেভেলিয়নলৈ বাট দেখুৱায় আবেশ খানে। ৰাছী ফেন দাৰ ডাচেন, মাৰ্কো জান্সেন আৰু কেশব মহাৰাজ- এজনৰ পাছত আন এজনকৈ মিডিল অৰ্ডাৰ বেটছমেন তাছপাতৰ দৰে খহি পৰিল। আবেশ খানৰ অ’ভাৰেই যেন দক্ষিণ আফ্ৰিকাৰ বেটিং বিভাগৰ মেৰুদণ্ড ভাঙি পেলায়। ১৬.৫ অ’ভাৰত মাত্ৰ ৮৭ ৰান দক্ষিণ আফ্ৰিকাই ইনিংছ সামৰণি মাৰে। ভাৰতৰ বিজয়ত আবেশ খানৰ যে এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল সেয়া অনস্বীকাৰ্য।

উল্লেখ্য যে, চতুৰ্থ টি-২০ত প্ৰথমে বেট কৰি ভাৰতে ৬ উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে। দীনেশ কাৰ্তিক আৰু হার্দিক পাণ্ডিয়াই ৩৩টা বলত ৮৫ ৰানৰ অংশীদ্বাৰিত্ব আগবঢ়ায়। ২৬টা বলত অৰ্ধশতকো অৰ্জন কৰে দীনেশ কাৰ্তিকে। ‘মেন অৱ দ্য মেচ’ হিচাপেও বিবেচিত হয় তেওঁ। ৮২ ৰানৰ এক বিশাল ব্যৱধানত জয়লাভ কৰে ভাৰতে।
 
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে চতুৰ্থ টি-২০ত জয়লাভ কৰাৰ দিনা আছিল আবেশ খানৰ পিতৃৰ জন্মদিন। দলটোৰ জয় আৰু কেৰিয়াৰৰ অন্যতম এই সফলতাৰ উপহাৰ আবেশে তেওঁৰ পিতৃলৈ আগবঢ়ায়। মেচখনৰ অন্তত আবেশ খানে কয়, ‘আজি দেউতাৰ জন্মদিন। এই সফলতা মই দেউতালৈ উৎসৰ্গা কৰিছো।’ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া অন্তিমখন টি-২০ মেচত ছিৰিজৰ ভাগ্য নিৰ্ণয় হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু