--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জ্যোতিষ বিজ্ঞান অনুসৰি প্ৰতিটো গ্ৰহ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতে স্থানান্তৰিত হয়। এই পৰিৱৰ্তনে অৰ্থাৎ ৰাশিৰ পৰিৱৰ্তনে মানুহৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ । বৈদিক জ্যোতিষ শাস্ত্ৰত বুধ গ্ৰহক অতি শুভ গ্ৰহ বুলি গণ্য কৰা হয়। বুধ গ্ৰহই এজন ব্যক্তিৰ বুদ্ধি, ব্যৱসায়িক জ্ঞান আৰু দক্ষতাক নিয়ন্ত্ৰণ কৰে।

জ্যোতিষ বিজ্ঞান অনুসৰি প্ৰতিতো গ্ৰহে এটা নিৰ্দিষ্ট সময়ত স্থান পৰিবৰ্তন কৰে। এই পৰিৱৰ্তন অৰ্থাৎ ৰাশিৰ পৰিৱৰ্তনে মানুহৰ জীৱনত প্ৰভাৱ পেলায়। এই পৰিৱৰ্তনে মানুহৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে। আৰু কিছুমানৰ বাবে ই দুৰ্ভাগ্যজনক হৈ পৰে। ১৭ জুলাইত বুধ গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব বা কৰ্কট ৰাশিলৈ স্থানান্তৰিত হ'ব ।

জ্যোতিষ বিজ্ঞানৰ মতে যেতিয়াই বুধ গ্ৰহে ৰাশি পৰিবৰ্তন কৰে তেতিয়াই ব্যৱসায়, শ্বেয়াৰ বজাৰ আৰু অৰ্থনীতিত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা যায়। গতিকে বুধৰ ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱ সকলো ৰাশিতেই দেখা যায়। কিন্তু ৩টা ৰাশি বিশেষভাৱে আছে যাৰ বাবে এই ৰাশিৰ পৰিবৰ্তন শুভ হব পাৰে। পিছে ১৭জুলাইৰ পৰা বুধৰ আশীৰ্বাদত ভাগ্য মুকলি হ’ব লগা ৩টা ৰাশিৰ  
আপুনি তালিকাত আছে এই ৩টা বিশেষ ৰাশি :


১) কন্যা ৰাশি 

আয় আৰু সঞ্চয় বৃদ্ধি হ'ব। ব্যৱসায় আৰু কেৰিয়াৰত সফলতা লাভৰ পূৰ্ণ আশা । জীৱন সংগীৰ সৈতে থকা সম্পৰ্কত দেখা যাব মধুৰতা। উপাৰ্জনৰ উৎসও বৃদ্ধি পাব। বৃহৎ আৰ্থিক লাভ হ’ব পাৰে। ব্যৱসায়ীসকলৰ বাবে ভাল সময়।

২) মিথুন ৰাশি

আৰ্থিক লাভ হ’ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত এটা ডাঙৰ চুক্তি চূড়ান্ত হ’ব পাৰে। যাৰ দ্বাৰা আপুনি ভাল লাভা-লাভ কৰিব পাৰে। অংশীদাৰিত্বৰ কাম আৰম্ভ কৰিব পাৰে তাৰ ফলত মিথুন ৰাশিৰ লোকসকলৰ ভাল লাভ হ’ব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ মাতৃৰ পৰা সহায় ল’ব পাৰে।


৩) তুলা ৰাশি

আপোনাৰ শুভ দিনটো হয়তো বুধ গ্ৰহৰ সংক্ৰমণৰ পৰা আৰম্ভ হ’ব পাৰে। নতুন চাকৰিৰ অফাৰ পাব পাৰে। চাকৰিত পদোন্নতি পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে আনহাতে ব্যৱসায়ত নতুন সম্পৰ্ক গঢ়ি উঠিব পাৰে। আপোনাৰ আয় আৰু সঞ্চয়ো বৃদ্ধি পাব । কৰ্মশৈলীৰ উন্নতি হ’ব যাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত প্ৰশংসাৰ পাত্ৰ হ'বলৈ সক্ষম হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ