--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • স্বামী আৰু পিতৃ-মাতৃৰ বিৰুদ্ধে গৈ যুৱতীগৰাকীয়ে আদালতত নিজৰ স্থিতি স্পষ্ট কৰাৰ পাছতে ন্যায়ালয়ে এই ৰায়দান কৰে।

ডিজিটেল ডেস্কঃ এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই কাৰ সৈতে নিজৰ জীৱন অতিবাহিত কৰিব, সেয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত অধিকাৰ— এই গুৰুত্বপূৰ্ণ মন্তব্যৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এগৰাকী ১৯ বছৰীয়া যুৱতীক তেওঁৰ প্ৰেমিকৰ সৈতে থকাৰ অনুমতি প্ৰদান কৰিছে। 


স্বামী আৰু পিতৃ-মাতৃৰ বিৰুদ্ধে গৈ যুৱতীগৰাকীয়ে আদালতত নিজৰ স্থিতি স্পষ্ট কৰাৰ পাছতে ন্যায়ালয়ে এই ৰায়দান কৰে।


ঘটনাৰ সূত্ৰপাত হৈছিল যেতিয়া অৱধেশ নামৰ এজন ব্যক্তিয়ে আদালতত এখন 'হেবিয়াছ কৰ্পাছ' আবেদন দাখিল কৰিছিল। তেওঁৰ অভিযোগ আছিল যে তেওঁৰ পত্নীক অনুজ কুমাৰ নামৰ এজন যুৱকে অবৈধভাৱে অপহৰণ কৰি আৱদ্ধ কৰি ৰাখিছে। অৱধেশ আৰু যুৱতীগৰাকীৰ বিবাহ প্ৰায় এবছৰ পূৰ্বে সম্পন্ন হৈছিল।



আদালতৰ নিৰ্দেশত আৰক্ষীয়ে যুৱতীগৰাকীক বিচাৰি উলিয়াই বিচাৰপীঠৰ সন্মুখত হাজিৰ কৰায়। শুনানিৰ সময়ত আদালত কক্ষত যুৱতীগৰাকীৰ স্বামী, পিতৃ-মাতৃ আৰু প্ৰেমিক তিনিও পক্ষই উপস্থিত আছিল। ন্যায়াধীশৰ প্ৰশ্নৰ উত্তৰত ১৯ বছৰীয়া যুৱতীগৰাকীয়ে কোনো দ্বিধাবোধ নকৰাকৈ কয়, "মই এজনী প্ৰাপ্তবয়স্ক নাগৰিক। মই কাৰোবাৰ হেঁচাত নহয়, নিজৰ ইচ্ছামতে অনুজৰ সৈতে আছোঁ। মই মোৰ স্বামী বা পিতৃ-মাতৃ কাৰো লগতে যাব নিবিচাৰোঁ।"



যুৱতীগৰাকীয়ে আদালতত উল্লেখ কৰে যে তেওঁৰ আৰু স্বামীৰ মাজত ২১ বছৰৰ বয়সৰ পাৰ্থক্য আছিল। বিবাহৰ সময়ত তেওঁৰ বয়স ১৯ বছৰ আৰু স্বামীৰ বয়স ৪০ বছৰ আছিল। ইমান ডাঙৰ বয়সৰ ব্যৱধানৰ বাবে তেওঁলোকৰ সম্পৰ্কত কেতিয়াও কোনো মিল নাছিল। লগতে তেওঁ স্বামীৰ ঘৰত নিৰ্যাতনৰ বলি হোৱাৰ কথাও আদালতক অৱগত কৰে।



ন্যায়াধীশ আনন্দ পাঠক আৰু ন্যায়াধীশ পুষ্পেন্দ্ৰ যাদৱৰ ডিভিজন বেঞ্চে গোচৰটোৰ শুনানি গ্ৰহণ কৰি কয় যে যিহেতু মহিলাগৰাকী প্ৰাপ্তবয়স্ক আৰু তেওঁৰ ওপৰত কোনো ধৰণৰ অবৈধ চাপ নাই, গতিকে তেওঁক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কাৰোবাৰ সৈতে থাকিবলৈ বাধ্য কৰিব নোৱাৰি। 


আদালতে উল্লেখ কৰে যে এজন প্ৰাপ্তবয়স্কৰ নিজৰ পছন্দৰ সংগী বাছনি কৰাৰ সাংবিধানিক অধিকাৰ আছে। সামাজিক নৈতিকতা আৰু ব্যক্তিগত অধিকাৰৰ মাজত আইনী সীমাৰেখা স্পষ্ট হ’ব লাগে।



আদালতে যুৱতীগৰাকীক তেওঁৰ প্ৰেমিকৰ সৈতে যাবলৈ অনুমতি দিয়াৰ লগতে তেওঁৰ সুৰক্ষাৰ দিশটোতো গুৰুত্ব দিয়ে। অনাগত ছয় মাহৰ বাবে 'শৌৰ্য দিদি' (Shaurya Didi) নামৰ নিৰ্বাচিত মহিলা বিষয়াসকলক যুৱতীগৰাকীৰ সৈতে যোগাযোগত থাকিবলৈ আৰু তেওঁৰ কুশল সংবাদ ল’বলৈ নিৰ্দেশ দিয়া হৈছে।


এই ৰায়দানে সমাজত প্ৰচলিত থকা জোৰপূৰ্বক বিবাহ আৰু প্ৰাপ্তবয়স্কৰ ব্যক্তিগত স্বাধীনতাৰ ওপৰত পৰিয়ালৰ নিয়ন্ত্ৰণৰ বিৰুদ্ধে এক শক্তিশালী আইনী বাৰ্তা প্ৰেৰণ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ