--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পুৰণি শত্ৰুতাৰ অন্তত এজন ১৭ বছৰীয়া কিশোৰক মাজৰাস্তাত ছুৰিকাঘাত কৰি হত্যা কৰা হয়।

ডিজিটেল ডেস্কঃ দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত দেওবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।


পুৰণি শত্ৰুতাৰ অন্তত এজন ১৭ বছৰীয়া কিশোৰক মাজৰাস্তাত ছুৰিকাঘাত কৰি হত্যা কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।


আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত জাহাংগীৰপুৰীৰ ৰামলীলা ময়দানত এই ঘটনাটো ঘটে। মৃত কিশোৰজনৰ ভাতৃ তথা ঘটনাৰ প্ৰত্যক্ষদৰ্শী হাকিমে অভিযোগ কৰা মতে, দিলশাদ, ইৰফান, ইমৰাণ আৰু ৰিজবুল নামৰ চাৰিজন যুৱকে তেওঁৰ ভাতৃক আগচি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। কিশোৰজনৰ শৰীৰৰ কেইবাঠাইতো গভীৰভাৱে আঘাত কৰাৰ ফলত তেওঁ ৰক্তাক্ত হৈ মাটিত বাগৰি পৰে।


আক্ৰান্ত কিশোৰজনক লগে লগে বাবু জগজীৱন ৰাম মেম'ৰিয়েল হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ঘটনাৰ পাছৰে পৰা অভিযুক্ত চাৰিওজন যুৱক পলাতক হৈ আছে।


প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে দুয়োটা পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল। যোৱা ঈদৰ সময়তো তেওঁলোকৰ মাজত কাজিয়া হৈছিল। ব্যক্তিগত সম্পৰ্ক আৰু পুৰণি শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।


ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। পলাতক অভিযুক্তসকলক বিচাৰি কেইবাটাও আৰক্ষীৰ দল গঠন কৰা হৈছে। অঞ্চলটোত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। আৰক্ষীয়ে ৰাইজক শান্তি বজাই ৰাখিবলৈ আৰু উৰাবাতৰিত গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ