--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিগত ডেৰটা বছৰে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে কৰ’না ভাইৰাছে। এই মহামাৰীৰ পৰা মানৱজাতিক ৰক্ষাৰ বাবে উঠি পৰি লাগিছে গৱেষকসকল। ইয়াৰ মাজতে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, পৃথিৱীত কৰ’না ভাইৰাছৰ উপস্থিতি আজিৰ নহয়, বৰঞ্চ ২০হাজাৰ বছৰ পূৰ্বৰে পৰা পৃথিৱীত এই ভাইৰাছ বৰ্তি আছিল বুলি দাবী কৰিছে গৱেষকসকলে।জিন সম্পৰ্কিত এটি গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, আজিৰ পৰা প্ৰায় ২০হাজাৰ বছৰ আগতে পূৱ এছিয়াত কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছিল। সম্প্ৰতি ‘কাৰেণ্ট বায়’লজি’ নামৰ এখন পত্ৰিকাত এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। কু্ইন্সলেণ্ড ইউনিভাৰ্ছিটী অৱ্ টেকন’লজী, ইউনিভাৰ্ছিটী অব কেলিফ’ৰ্নিয়া’ তথা ইউনিভাৰ্ছিটী অব এডিলেইডে যৌথভাৱে এই গৱেষণা চলাইছে।

আৰু পঢ়িব পাৰিব : ইউৰো ২০২০: আজি ৱেলছৰ সন্মুখত ডেনমাৰ্ক


কুইন্সলেণ্ড ইউনিভাৰছিটী অৱ্ টেকন’লজী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষকে সদৰি কৰে যে, ‘মানুহৰ জিনৰ বিৱৰ্তন জানিবলৈ চেষ্টা কৰা হৈছে এই গৱেষণাৰ যোগেদি। ২০হাজাৰ বছৰ পূৰ্বে পূব এছিয়াত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। তেতিয়াৰ ভাইৰাছৰ চৰিত্ৰৰ সৈতে এতিয়াৰ ভাইৰাছৰ চৰিত্ৰৰ বিস্তৰ সামঞ্জস্য পোৱা গৈছে। মূলতঃ চীন, জাপান, মংগোলিয়া, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া আৰু টাইৱানত এই ভাইৰাছৰ উপস্থিতি দেখা গৈছিল।’এই তথ্য পোহৰলৈ অহাৰ পাছত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে যে, সেই সময়ত এই ভাইৰাছৰ পৰা কিদৰে ৰক্ষা পৰিছিল মানৱজাতি!গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, এইধৰণৰ মহামাৰীৰ ফলত মানুহৰ জিনৰ বিস্তৰ পৰিৱৰ্তন হয় আৰু বহু ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, এয়ে প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কৰ’না ভাইৰাছৰ ফলত একাধিক মহামাৰীৰ সৃষ্টি হৈছিল বুলি জনাইছে গৱেষকসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু