--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিগত ডেৰটা বছৰে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে কৰ’না ভাইৰাছে। এই মহামাৰীৰ পৰা মানৱজাতিক ৰক্ষাৰ বাবে উঠি পৰি লাগিছে গৱেষকসকল। ইয়াৰ মাজতে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, পৃথিৱীত কৰ’না ভাইৰাছৰ উপস্থিতি আজিৰ নহয়, বৰঞ্চ ২০হাজাৰ বছৰ পূৰ্বৰে পৰা পৃথিৱীত এই ভাইৰাছ বৰ্তি আছিল বুলি দাবী কৰিছে গৱেষকসকলে।জিন সম্পৰ্কিত এটি গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, আজিৰ পৰা প্ৰায় ২০হাজাৰ বছৰ আগতে পূৱ এছিয়াত কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছিল। সম্প্ৰতি ‘কাৰেণ্ট বায়’লজি’ নামৰ এখন পত্ৰিকাত এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। কু্ইন্সলেণ্ড ইউনিভাৰ্ছিটী অৱ্ টেকন’লজী, ইউনিভাৰ্ছিটী অব কেলিফ’ৰ্নিয়া’ তথা ইউনিভাৰ্ছিটী অব এডিলেইডে যৌথভাৱে এই গৱেষণা চলাইছে।

আৰু পঢ়িব পাৰিব : ইউৰো ২০২০: আজি ৱেলছৰ সন্মুখত ডেনমাৰ্ক


কুইন্সলেণ্ড ইউনিভাৰছিটী অৱ্ টেকন’লজী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষকে সদৰি কৰে যে, ‘মানুহৰ জিনৰ বিৱৰ্তন জানিবলৈ চেষ্টা কৰা হৈছে এই গৱেষণাৰ যোগেদি। ২০হাজাৰ বছৰ পূৰ্বে পূব এছিয়াত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। তেতিয়াৰ ভাইৰাছৰ চৰিত্ৰৰ সৈতে এতিয়াৰ ভাইৰাছৰ চৰিত্ৰৰ বিস্তৰ সামঞ্জস্য পোৱা গৈছে। মূলতঃ চীন, জাপান, মংগোলিয়া, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া আৰু টাইৱানত এই ভাইৰাছৰ উপস্থিতি দেখা গৈছিল।’এই তথ্য পোহৰলৈ অহাৰ পাছত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে যে, সেই সময়ত এই ভাইৰাছৰ পৰা কিদৰে ৰক্ষা পৰিছিল মানৱজাতি!গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, এইধৰণৰ মহামাৰীৰ ফলত মানুহৰ জিনৰ বিস্তৰ পৰিৱৰ্তন হয় আৰু বহু ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, এয়ে প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কৰ’না ভাইৰাছৰ ফলত একাধিক মহামাৰীৰ সৃষ্টি হৈছিল বুলি জনাইছে গৱেষকসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ