--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতৰ বাবে সুখবৰ। আগন্তুক মাহৰ পৰা দেশবাসীৰ বাবে উপলব্ধ হ’ব নতুন ক’ভিড টিকা। গৱেষণাৰ পৰীক্ষণ প্ৰক্ৰিয়াত সুফল পোৱা বুলি জনাইছে বিশেষজ্ঞমহলে। সাধাৰণ মানুহেও ল’ব পাৰিব Johnson & Johnson ক’ভিড টিকা। জানিব পৰা মতে, জুলাই মাহৰ পৰা ভাৰতৰ চিকিৎসালয়ত উপলব্ধ হ’ব এই টিকা।নতুন ক’ভিড টিকাৰ মূল্যও নিৰ্ধাৰণ কৰা হৈছে। নতুন টিকাৰ এটা ড’জৰ মূল্য ২৫ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৮৭৫ টকা। ‘The Association of Healthcare Providers’ নামৰ ভাৰতীয় সংস্থাটোৱে এই নতুন টিকা ভাৰতলৈ অনাৰ ব্যৱস্থা হাতত লোৱা বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : ২০ হাজাৰ বছৰ পুৰণি কৰ’না ভাইৰাছ! গৱেষণাই কি ক’লে?


অৱশ্যে, ভাৰতৰ জলবায়ুত এই টিকা কিমান কাৰ্যকৰী তাকে লৈ প্ৰশ্নৰ অৱতাৰণা হোৱা দেখা গৈছে। বিশেষজ্ঞৰ মতে এই টিকা শীতল ঠাইত ৰখাৰ প্ৰয়োজনীয়তা নাই। তেনেক্ষেত্ৰত ভাৰতৰ বৰ্তমান পৰিস্থিতিৰ বাবে Johnson & Johnson টিকা উপযোগী হ’ব বুলিয়ে ধাৰণা বিশেষজ্ঞসকলৰ।
Johnson & Johnson-এ ইতিমধ্যে কেন্দ্ৰৰ সৈতে ভাৰতত এই টিকা উত্পাাদনৰ অনুমোদন বিচাৰি আবেদন কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা মতে, এই টিকাৰ প্ৰতিৰোধ ক্ষমতা ৬৬.৩ শতাংশ। ক্ৰিটিকেল ইনফেকছনৰ ক্ষেত্ৰত ই ৭৬.৩শতাংশ কাৰ্যকৰী।ইফালে, ক্ৰমশঃ সুস্থিৰ পথে অগ্ৰসৰ হৈছে দেশ। এই মুহূৰ্তত ভাৰতত সুস্থতাৰ হাৰ ৯৬.৭৫শতাংশ। শনিবাৰৰ তুলনাত দেওবাৰে সংক্ৰমণৰ হাৰ সামান্য বৃদ্ধি পালেও ক’ভিড জয়ীসকলে আশাৰ সঞ্চাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু