--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বৰ্ষৰ বাজেট আজি দাখিল কৰে৷ বাজেটখনত জনসাধাৰণৰ হকে দাখিল কৰে বুলি মন্তব্য বিত্তমন্ত্ৰীগৰাকীৰ৷ ১০৭ পৃষ্ঠাৰ এই বাজেটখনত বহুতো অভিলাষী আচঁনি ঘোষণা কৰে৷ তামূলপুৰক নতুন জিলা হিচাপে ঘোষণা কৰে বাজেটত৷ নতুন দিল্লীত অসম সংস্কৃতিক প্ৰকল্পৰ ঘোষণা কৰে বাজেটত৷ গুৱাহাটীৰ পাহাৰ বে-দখলমুক্ত কৰাৰ লগতে বনাঞ্চলৰ ভূমি বন্দবস্তিকৰণ কৰা হ’ব৷ গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামূলপুৰত নতুনকৈ সংস্থাপন হ'ব মেডিকেল কলেজ। সীমান্ত সমস্যাৰ বাবে ১০টা কমাণ্ডো

গঠন কৰা হ'ব৷ কাৰ্বি আলঙত ডিফু চৰকাৰী মহাবিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উত্তৰণ কৰা হৈছে৷ ডিব্ৰুগড়, শিলচৰত স্থাপন হ'ব চিৰিয়াখানা৷ APOLৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়া হ’ব৷ শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণ কৰা হ'ব৷ আন্তঃৰাজ্যিক সীমান্তত ৫০টা সীমান্ত আৰক্ষী চকী স্থাপন কৰা হ’ব৷ ছিলঘাট মৰাপাট কলৰ বাবে 8 কোটি টকাৰ অনুমোদন দিয়া হৈছে৷ ডিব্ৰুগড়ত নতুনকৈ কলাক্ষেত্ৰ স্থাপন হ'ব৷ বঙাইগাঁও, বিহালী, শুৱালকুছিত অভিযান্ত্ৰিক কলেজ স্থাপন কৰা হ'ব৷ হাজো, মাজুলী, টিংখঙত পলিটেকনিক কলেজ স্থাপন কৰা হ'ব৷ দুবছৰৰ পূৰ্বেই সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাজোৰ পলিটেকনিকৰ উদ্ধোধন কৰিছিল৷ অভিযান্ত্ৰিক সেৱা নিযুক্তি প্ৰাধিকৰণ গঠন কৰা হ'ব৷ পোদুসেৰীত অসম ভৱন নিৰ্মাণ কৰা হ'ব৷ শিলচৰ, বঙাইগাঁও, তেজপুৰ, ডিব্ৰুগড়ত উদ্যোগৰ বাবে neno incubation চেণ্টাৰ স্থাপন কৰা হ’ব৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ চাকৰিৰ বয়স ৩৮ৰ পৰা ৪০ বছৰলৈ বৃদ্ধি কৰা হৈছে। পলাশবাৰী-শুৱালকুচি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰা হ'ব। এই বাজেটতত ঘাটি ধনৰ পৰিমাণ ৫৬৬.২০ কোটি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু