--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বৰ্ষৰ বাজেট আজি দাখিল কৰে৷ বাজেটখনত জনসাধাৰণৰ হকে দাখিল কৰে বুলি মন্তব্য বিত্তমন্ত্ৰীগৰাকীৰ৷ ১০৭ পৃষ্ঠাৰ এই বাজেটখনত বহুতো অভিলাষী আচঁনি ঘোষণা কৰে৷ তামূলপুৰক নতুন জিলা হিচাপে ঘোষণা কৰে বাজেটত৷ নতুন দিল্লীত অসম সংস্কৃতিক প্ৰকল্পৰ ঘোষণা কৰে বাজেটত৷ গুৱাহাটীৰ পাহাৰ বে-দখলমুক্ত কৰাৰ লগতে বনাঞ্চলৰ ভূমি বন্দবস্তিকৰণ কৰা হ’ব৷ গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামূলপুৰত নতুনকৈ সংস্থাপন হ'ব মেডিকেল কলেজ। সীমান্ত সমস্যাৰ বাবে ১০টা কমাণ্ডো

গঠন কৰা হ'ব৷ কাৰ্বি আলঙত ডিফু চৰকাৰী মহাবিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উত্তৰণ কৰা হৈছে৷ ডিব্ৰুগড়, শিলচৰত স্থাপন হ'ব চিৰিয়াখানা৷ APOLৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়া হ’ব৷ শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণ কৰা হ'ব৷ আন্তঃৰাজ্যিক সীমান্তত ৫০টা সীমান্ত আৰক্ষী চকী স্থাপন কৰা হ’ব৷ ছিলঘাট মৰাপাট কলৰ বাবে 8 কোটি টকাৰ অনুমোদন দিয়া হৈছে৷ ডিব্ৰুগড়ত নতুনকৈ কলাক্ষেত্ৰ স্থাপন হ'ব৷ বঙাইগাঁও, বিহালী, শুৱালকুছিত অভিযান্ত্ৰিক কলেজ স্থাপন কৰা হ'ব৷ হাজো, মাজুলী, টিংখঙত পলিটেকনিক কলেজ স্থাপন কৰা হ'ব৷ দুবছৰৰ পূৰ্বেই সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাজোৰ পলিটেকনিকৰ উদ্ধোধন কৰিছিল৷ অভিযান্ত্ৰিক সেৱা নিযুক্তি প্ৰাধিকৰণ গঠন কৰা হ'ব৷ পোদুসেৰীত অসম ভৱন নিৰ্মাণ কৰা হ'ব৷ শিলচৰ, বঙাইগাঁও, তেজপুৰ, ডিব্ৰুগড়ত উদ্যোগৰ বাবে neno incubation চেণ্টাৰ স্থাপন কৰা হ’ব৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ চাকৰিৰ বয়স ৩৮ৰ পৰা ৪০ বছৰলৈ বৃদ্ধি কৰা হৈছে। পলাশবাৰী-শুৱালকুচি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰা হ'ব। এই বাজেটতত ঘাটি ধনৰ পৰিমাণ ৫৬৬.২০ কোটি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ