--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা গ্ৰহাণু পৃথিৱীৰ ফালে আহি আছে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ তথ্য অনুসৰি অহা ২৩ বছৰত এই চুইমিং পুল আকাৰৰ গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মাৰিব।

প্ৰথম অৱস্থাত নাছাই জনোৱা মতে, এই বছৰ পোৱা গ্ৰহাণুটোৱে ২০৪৬ চনত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। এই গ্ৰহাণুটোক নাছাই ২০২৩ডিডব্লিউ নাম দিছে। নাছাৰ অনুমান অনুসৰি ২০৪৬ চনৰ ভেলেণ্টাইন ডে’, ১৪ ফেব্ৰুৱাৰীত এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মাৰিব পাৰে।

নাছাই কয় যে গ্ৰহাণু ২০২৩ডিডব্লিউৰ আকাৰ প্ৰায় চুইমিং পুলৰ সমান। পৃথিৱীৰ পৰা এই গ্ৰহাণুটোৰ দূৰত্ব প্ৰায় ১৮ লাখ কিলোমিটাৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৩ডিডব্লিউ গ্ৰহাণুৰ ব্যাস ৪৯.২৯ মিটাৰ। পৃথিৱীৰ পৰা দূৰত্ব প্ৰায় ০.১২ জ্যোতিৰ্বিজ্ঞান একক (AU)।

নাছাৰ বিজ্ঞানীসকলে অৱশ্যে এই গ্ৰহাণুটোৰ ওপৰত এতিয়াও গৱেষণা কৰি আছে। একাংশ বিজ্ঞানীৰ মতে এই গ্ৰহাণুটোৱে পৃথিৱীৰ সৈতে সংঘৰ্ষ নহ’বও পাৰে। নাছাৰ তথ্য অনুসৰি ২০২৩ডিডব্লিউ গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা ৫৬০ টাৰ ভিতৰত ১। অৱশ্যে বৰ্তমান ই টৰিনো ইমপেক্ট হেজাৰ্ড স্কেলত এক নম্বৰত আছে।

‘টৰিনো ইমপেক্ট হেজাৰ্ড স্কেল’ত গ্ৰহাণুবোৰক শূন্যৰ পৰা দহলৈকে স্কেলত ৰেটিং দিয়া হয়। যদি সংখ্যাটো শূন্য হয় তেন্তে এই গ্ৰহাণুটো পৃথিৱীৰ বাবে একেবাৰেই ভাবুকি নহয়। নাছাৰ জেট প্ৰপালচন লেবৰেটৰী (JPL) ৰ মতে ৰেংক-১ মানে পৃথিৱীত গ্ৰহাণুৰ খুন্দা মৰাৰ আশংকা অতি কম। লগতে জেপিএলে কয় যে জনসাধাৰণৰ চিন্তাৰ কোনো কাৰণ নাই।

নাছাই কয় যে যদি ২০২৩ডিডব্লিউৱে পৃথিৱীত আঘাত কৰে তেন্তে ডাইনোছৰক নিঃশেষ কৰা গ্ৰহাণুৰ দৰে ইয়াৰ প্ৰভাৱ পৰিব নোৱাৰে। অৱশ্যে নাছাই ২০২৩ডিডব্লিউ গ্ৰহাণুটোক ‘চিটি কিলাৰ’ বুলি ভাবে। অৰ্থাৎ এখন সৰু চহৰ সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ ক্ষমতা আছে।

২০২৩ডিডব্লিউৰ আধাতকৈও কম আকাৰৰ উল্কাপিণ্ড ১০ বছৰ পূৰ্বে ৰাছিয়াৰ চেলিয়াবিনস্কত পৰিছিল। যাৰ প্ৰভাৱত ৫১৭ বৰ্গ কিলোমিটাৰ জুৰি থকা ঘৰৰ খিৰিকী ছিন্নভিন্ন হৈ পৰে। সেই ঘটনাত প্ৰায় ডেৰ হাজাৰ লোক আহত হৈছিল।

এটা গ্ৰহাণু পৃথিৱীত খুন্দা মৰাৰ পৰা ৰক্ষা কৰিবলৈ বছৰ বছৰ ধৰি বিজ্ঞানীসকলে প্ৰস্তুতি চলাই আহিছে। যোৱা অক্টোবৰ মাহত নাছাই নিশ্চিত কৰিছিল যে মহাকাশ সংস্থাটোৱে গ্ৰহাণুৰ প্ৰদক্ষিণ কৰিব পৰা মহাকাশযান নিৰ্মাণ কৰিছে।

আঘাত হাওক বা নহওক, নাছাই এই গ্ৰহাণুটোৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিছে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাই কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰতো তেওঁলোক সাজু হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ