--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা গ্ৰহাণু পৃথিৱীৰ ফালে আহি আছে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ তথ্য অনুসৰি অহা ২৩ বছৰত এই চুইমিং পুল আকাৰৰ গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মাৰিব।

প্ৰথম অৱস্থাত নাছাই জনোৱা মতে, এই বছৰ পোৱা গ্ৰহাণুটোৱে ২০৪৬ চনত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। এই গ্ৰহাণুটোক নাছাই ২০২৩ডিডব্লিউ নাম দিছে। নাছাৰ অনুমান অনুসৰি ২০৪৬ চনৰ ভেলেণ্টাইন ডে’, ১৪ ফেব্ৰুৱাৰীত এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মাৰিব পাৰে।

নাছাই কয় যে গ্ৰহাণু ২০২৩ডিডব্লিউৰ আকাৰ প্ৰায় চুইমিং পুলৰ সমান। পৃথিৱীৰ পৰা এই গ্ৰহাণুটোৰ দূৰত্ব প্ৰায় ১৮ লাখ কিলোমিটাৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৩ডিডব্লিউ গ্ৰহাণুৰ ব্যাস ৪৯.২৯ মিটাৰ। পৃথিৱীৰ পৰা দূৰত্ব প্ৰায় ০.১২ জ্যোতিৰ্বিজ্ঞান একক (AU)।

নাছাৰ বিজ্ঞানীসকলে অৱশ্যে এই গ্ৰহাণুটোৰ ওপৰত এতিয়াও গৱেষণা কৰি আছে। একাংশ বিজ্ঞানীৰ মতে এই গ্ৰহাণুটোৱে পৃথিৱীৰ সৈতে সংঘৰ্ষ নহ’বও পাৰে। নাছাৰ তথ্য অনুসৰি ২০২৩ডিডব্লিউ গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা ৫৬০ টাৰ ভিতৰত ১। অৱশ্যে বৰ্তমান ই টৰিনো ইমপেক্ট হেজাৰ্ড স্কেলত এক নম্বৰত আছে।

‘টৰিনো ইমপেক্ট হেজাৰ্ড স্কেল’ত গ্ৰহাণুবোৰক শূন্যৰ পৰা দহলৈকে স্কেলত ৰেটিং দিয়া হয়। যদি সংখ্যাটো শূন্য হয় তেন্তে এই গ্ৰহাণুটো পৃথিৱীৰ বাবে একেবাৰেই ভাবুকি নহয়। নাছাৰ জেট প্ৰপালচন লেবৰেটৰী (JPL) ৰ মতে ৰেংক-১ মানে পৃথিৱীত গ্ৰহাণুৰ খুন্দা মৰাৰ আশংকা অতি কম। লগতে জেপিএলে কয় যে জনসাধাৰণৰ চিন্তাৰ কোনো কাৰণ নাই।

নাছাই কয় যে যদি ২০২৩ডিডব্লিউৱে পৃথিৱীত আঘাত কৰে তেন্তে ডাইনোছৰক নিঃশেষ কৰা গ্ৰহাণুৰ দৰে ইয়াৰ প্ৰভাৱ পৰিব নোৱাৰে। অৱশ্যে নাছাই ২০২৩ডিডব্লিউ গ্ৰহাণুটোক ‘চিটি কিলাৰ’ বুলি ভাবে। অৰ্থাৎ এখন সৰু চহৰ সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ ক্ষমতা আছে।

২০২৩ডিডব্লিউৰ আধাতকৈও কম আকাৰৰ উল্কাপিণ্ড ১০ বছৰ পূৰ্বে ৰাছিয়াৰ চেলিয়াবিনস্কত পৰিছিল। যাৰ প্ৰভাৱত ৫১৭ বৰ্গ কিলোমিটাৰ জুৰি থকা ঘৰৰ খিৰিকী ছিন্নভিন্ন হৈ পৰে। সেই ঘটনাত প্ৰায় ডেৰ হাজাৰ লোক আহত হৈছিল।

এটা গ্ৰহাণু পৃথিৱীত খুন্দা মৰাৰ পৰা ৰক্ষা কৰিবলৈ বছৰ বছৰ ধৰি বিজ্ঞানীসকলে প্ৰস্তুতি চলাই আহিছে। যোৱা অক্টোবৰ মাহত নাছাই নিশ্চিত কৰিছিল যে মহাকাশ সংস্থাটোৱে গ্ৰহাণুৰ প্ৰদক্ষিণ কৰিব পৰা মহাকাশযান নিৰ্মাণ কৰিছে।

আঘাত হাওক বা নহওক, নাছাই এই গ্ৰহাণুটোৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিছে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাই কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰতো তেওঁলোক সাজু হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু